গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গুজৰাটৰ আহমেদাবাদত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেলৰ জীৱনৰ আধাৰত ৰচিত ‘চুনোটীয়া মুঝে পছন্দ হ্যায়’ শীৰ্ষক গ্ৰন্থখনৰ গুজৰাটী সংস্কৰণ উন্মোচন কৰে
নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী কন্যাই গুজৰাটৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু তিনিখন ৰাজ্যৰ ৰাজ্যপাল হোৱাৰ যাত্ৰাক ‘চুনোটীয়া মুঝে পছন্দ হ্যায়’ শীৰ্ষক গ্ৰন্থখনে জীৱন্ত ৰূপত উপস্থাপন কৰিছে
আনন্দিবেনে সমগ্ৰ জীৱন সমাজৰ বাবে উৎসৰ্গা কৰিছে
আনন্দিবেনে য’তেই ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, তাতেই তেওঁ নিখুঁত আৰু অনুশাসনেৰে নিজৰ কৰ্তব্যসমূহ উৎকৃষ্টভাৱে পালন কৰিছিল
আনকি ৮৫ বছৰ বয়সতো আনন্দিবেনে শক্তি আৰু অধ্যৱসায়েৰে উত্তৰ প্ৰদেশত কাম কৰি আছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালৰ প্ৰতিষ্ঠানটোক পুনৰ সজীৱ কৰি তুলিছে
ৰাজ্যপালসকলে টিবি নিৰ্মূলৰ পৰা আৰম্ভ কৰি অনাময় তথা প্ৰাকৃতিক কৃষিলৈকে বিভিন্ন পদক্ষেপক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰি আছে
प्रविष्टि तिथि:
07 DEC 2025 8:08PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গুজৰাটৰ আহমেদাবাদত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেলৰ জীৱনৰ আধাৰত ৰচিত ‘চুনোটীয়া মুঝে পছন্দ হ্যায়’ শীৰ্ষক গ্ৰন্থখনৰ গুজৰাটী সংস্কৰণ উন্মোচন কৰে ।
এই উপলক্ষ্যে আয়োজিত সভাত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেলকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
গ্ৰন্থ উন্মোচন অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই গ্ৰন্থখনে আনন্দিবেনৰ সমগ্ৰ জীৱন আৰু তেওঁৰ কৰ্মৰ সুন্দৰ ইতিহাস সামৰি লৈছে। তেওঁ কয় যে গ্ৰন্থখনত নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী কন্যাৰ যাত্ৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে।

কন্যাক পঢ়া-শুনা কৰোৱাটো এক সংগ্ৰামৰ সময় থকাৰ পৰা আৰম্ভ কৰি গুজৰাটৰ দৰে প্ৰগতিশীল ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হোৱা, সংসদ সদস্য আৰু তিনিখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু এতিয়া উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হৈ – ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হোৱা সমগ্ৰ যাত্ৰাক গ্ৰন্থখনত স্পষ্টভাৱে চিত্ৰিত কৰা হৈছে।
শ্ৰী শ্বাহে কয় যে আনন্দিবেনৰ সংগ্ৰাম, তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সেই সংগ্ৰামৰ পৰা তেওঁ আহৰণ কৰা প্ৰেৰণা এই গ্ৰন্থখনত সুন্দৰভাৱে লিপিবদ্ধ কৰা হৈছে।

এই সমগ্ৰ যাত্ৰাৰ সাৰমৰ্ম যদি এটা বাক্যত প্ৰকাশ কৰা হয়, তেন্তে সেয়া হ’ব- ‘নেতৃত্ব কোনো পদৰ বাবে নহয়; নেতৃত্ব এটা উদ্দেশ্যৰ বাবেই হয়।
শ্ৰী অমিত শ্বাহে কয় যে এজন ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুলৈকে একক নীতিৰ দ্বাৰা বান্ধ খাই থকাটো, গোটেই জীৱন অবিৰতভাৱে এটা লক্ষ্যত উপনীত হোৱাটো অতি কঠিন। লক্ষ্য নিজৰ বাবে হ’লেও কঠিন, কিন্তু সেই লক্ষ্য যেতিয়া সমাজৰ লাভৰ বাবে হয় তেতিয়া ই বহুত বেছি প্ৰত্যাহ্বানজনক হৈ পৰে।
তেওঁ কয় যে আনন্দিবেনৰ জীৱন যাত্ৰালৈ চাই নিশ্চিতভাৱে ক’ব পাৰি যে তেওঁ সমগ্ৰ জীৱন সমাজৰ উন্নতিৰ বাবে নিৰ্ধাৰিত লক্ষ্য পূৰণৰ বাবে উৎসৰ্গা কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত সমগ্ৰ মেহছানা জিলাতে মাত্ৰ তিনিখন বিজ্ঞান মহাবিদ্যালয় আছিল আৰু তাৰে মাত্ৰ এখনতে এম এছ চি অধ্যয়নৰ সুবিধা আছিল।
সেই সময়ত এগৰাকী কন্যাই হোষ্টেলত থাকি বিজ্ঞান শাখাত এম.এছ.চি. পঢ়িছিল। তেওঁ কয় যে সেই কলেজৰ হোষ্টেলত আনন্দিবেন একমাত্ৰ ছাত্ৰী আছিল; বাকী সকলো ছাত্ৰ আছিল। কল্পনা কৰকচোন সেই যুগটো, যেতিয়া আনন্দিবেনে মূলসুঁতিৰ সমাজৰ নীতি-নিয়মৰ বিৰুদ্ধে গৈ পঢ়া-শুনা কৰিছিল।
শ্ৰী অমিত শ্বাহে আনন্দিবেনৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰা বুলি কয়। তেওঁ কয় যে ২০১৪ চনত যেতিয়া দলটোৱে সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল তেতিয়া তেওঁলোকে ১ লাখ ,৮৬ হাজাৰ বুথত ব্যৱধান চিনাক্ত কৰিছিল, সদস্য সংখ্যা বৃদ্ধি কৰিছিল আৰু আজি দলটোৱে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, দ্বাৰকাৰ পৰা কামাখ্যালৈকে স্থান লাভ কৰিছে। এই কৃতিত্বৰ মূল ভেটি আছিল বুথ পৰ্যায়ত কৰা কাম। এসময়ত যিটো অসম্ভৱ যেন লাগিছিল, সেয়া এটা সৰু আৰম্ভণিৰ জৰিয়তে সম্ভৱ হৈ উঠিছিল।
মৌলিক ধাৰণাটো মোদী জীয়ে সেই সময়ত সাংগঠনিক প্ৰচাৰৰ সময়ত স্থাপন কৰিছিল। সেই সাংগঠনিক অভিযানৰ দায়িত্বত আছিল আনন্দিবেন আৰু তথ্যসমূহ বিশ্লেষণ কৰাৰ দায়িত্ব তেওঁৰ ওপৰতে আছিল।
আমি একেলগে সেই কামটো আগুৱাই লৈ গ’লোঁ৷ তেওঁ কয় যে কেতিয়াবা ৰাতি অকলে বহি বহি তেতিয়াৰ পৰা এতিয়ালৈকে বুথৰ গাঁথনি কিমান সলনি হৈছে আৰু দলটো কিমান দূৰ আগবাঢ়িছে সেই বিষয়ে প্ৰায়ে চিন্তা কৰে। ‘প্ৰতিটো বুথৰ নথিপত্ৰ থাকিব লাগে, কোনবোৰ বুথ দুৰ্বল সেইটো লক্ষ্য কৰিব লাগে’ — এই ধাৰণাটোৱেই হৈ পৰিল দলটোৰ বৃদ্ধিৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণাৰ উৎস। পিছলৈ ‘মতাদৰ্শগত বুথ, মতাদৰ্শগত কৰ্মী’ৰ সংকল্পৰে দলটোৱে ২০১৪ চনৰ পৰা যাত্ৰা ত্বৰান্বিত কৰিলে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আনন্দিবেনে গোটেই জীৱন সংগ্ৰামৰ সন্মুখীন হৈছিল — ছাত্ৰ হিচাপে, শিক্ষক হিচাপে, সমাজকৰ্মী হিচাপে আৰু পিছলৈ ৰাজনীতিত প্ৰতিটো খোজতে। তেওঁ কয় যে আনন্দিবেন তিনিখন ৰাজ্যৰ বিধায়ক, শিক্ষামন্ত্ৰী, ৰাজহ মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল হৈ পৰিছিল।
শ্ৰী অমিত শ্বাহে কয় যে মোদীজীয়ে ৰাজ্যপালৰ প্ৰতিষ্ঠানটোক টিবি নিৰ্মূল, ড্ৰপআউট অনুপাত হ্ৰাস কৰা, ১০০ শতাংশ নামভৰ্তি, অনাময় আৰু প্ৰাকৃতিক কৃষিৰ দৰে বিভিন্ন পদক্ষেপৰ সৈতে সংযোগ কৰি পুনৰ সজীৱ কৰি তুলিলে। তেওঁ লগতে কয় যে এই সকলোবোৰ ধাৰণা কাৰ্যকৰী কৰিবলৈ তেওঁ নিজেই দলটোক প্ৰস্তুত কৰিছিল।
আনন্দিবেনে য’তেই ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তাতেই এই সকলোবোৰ কাম শিক্ষকৰ নিখুঁতভাবে আৰু অনুশাসনেৰে সম্পন্ন কৰিছিল, কেৱল সম্পূৰ্ণ কৰাই নহয়, উৎকৃষ্টভাৱেও কৰিছিল। ফলত সেই ৰাজ্যসমূহৰ সামাজিক জীৱনত গুণগত পৰিৱৰ্তন ঘটিছিল।
উত্তৰ প্ৰদেশৰ দৰে বিশাল ৰাজ্যত শিক্ষাৰ মান উন্নত কৰা, সকলো বিশ্ববিদ্যালয়ে এন এ চি পঞ্জীয়ন পোৱাটো নিশ্চিত কৰাটো — আজিৰ তাৰিখত সৰ্বাধিক সংখ্যক এন এ চি এ+ গ্ৰেডযুক্ত বিশ্ববিদ্যালয় উত্তৰ প্ৰদেশত আছে — এক উল্লেখযোগ্য কৃতিত্ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদীজীৰ প্ৰধানমন্ত্ৰী আৰু আনন্দিবেনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত নৰ্মদা প্ৰকল্প সম্পূৰ্ণ কৰাটো সম্ভৱ হৈছে। আনন্দিবেন ৰাজহ মন্ত্ৰী হৈ থকাৰ সময়ত ভূমি অধিগ্ৰহণৰ কাম ইমানেই সুদক্ষতাৰে সম্পন্ন হৈছিল যে আজিও নৰ্মদা প্ৰকল্পই ভাৰতত যিকোনো বৃহৎ প্ৰকল্পৰ বাবে সৰ্বনিম্ন খৰচত সৰ্বাধিক পৰিমাণৰ মাটি অধিগ্ৰহণ কৰাৰ অভিলেখ গঢ়ি তুলিছে।
অসংখ্য বাধা অতিক্ৰম কৰি বান্ধটো সম্পূৰ্ণ কৰা হ’ল, গেট স্থাপন কৰা হ’ল, আৰু পানী কেৱল কুটছতে নহয়, ৰাজস্থানতো উপনীত হ’ল — ইয়াৰ প্ৰধান কৃতিত্ব সেই সময়ত ৰাজহ মন্ত্ৰী আনন্দিবেনক।
শ্ৰী অমিত শ্বাহে কয় যে এই গ্ৰন্থখনত বহু মৰ্মস্পৰ্শী ঘটনাৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো কাণ্ডই আনন্দিবেনৰ সামৰ্থ্য, দৃঢ়তা আৰু অপৰিসীম মৰমক প্ৰতিফলিত কৰে। তেওঁ কয় যে ৮৫ বছৰ বয়সতো আনন্দিবেনে উত্তৰ প্ৰদেশত যি গতি আৰু শক্তিৰে কাম কৰি আছে, সেয়া যুৱ প্ৰজন্মৰ বাবে আদৰ্শ।
ই সকলোৰে বাবে এক বৃহৎ প্ৰেৰণা হিচাপে কাম কৰে। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে যেতিয়া এই গ্ৰন্থখন লাখ লাখ আৰু কোটি লোকৰ কাষ চাপিব তেতিয়া তেওঁলোকৰ বাবেও ই নিশ্চয় প্ৰেৰণাৰ উৎস হৈ পৰিব।
***
RK/PR/PS/DM
(रिलीज़ आईडी: 2200275)
आगंतुक पटल : 5