অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
ইণ্ডিগ'ৰ কাৰ্য্যকৰী সংকটৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ব্যৱস্থা - বিমান ভাড়া নিয়ন্ত্ৰণ
সকলো প্ৰভাৱিত পথতে ন্যায্য আৰু যুক্তিসংগত ভাড়া নিশ্চিত কৰিবলৈ নিয়ন্ত্ৰণ ক্ষমতা প্ৰয়োগ
प्रविष्टि तिथि:
06 DEC 2025 12:25PM by PIB Guwahati
বৰ্তমান অব্যাহত থকা ব্যাঘাতৰ সময়ছোৱাত একাংশ বিমান সংস্থাৰ অস্বাভাৱিক বৰ্দ্ধিত বিমান ভাড়া সম্পৰ্কীয় বিষয়টোক অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে (MoCA) গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। যিকোনো ধৰণৰ সুবিধাবাদী মূল্যৰ পৰা যাত্ৰীসকলক সুৰক্ষিত কৰিবলৈ মন্ত্ৰালয়ে সকলো প্ৰভাৱিত পথত ন্যায্য আৰু যুক্তিসংগত ভাড়া নিশ্চিত কৰাৰ বাবে নিজৰ নিয়ন্ত্ৰণ ক্ষমতা প্ৰয়োগ কৰিছে।
সকলো বিমান সংস্থালৈ এতিয়া নিৰ্ধাৰিত ভাড়াৰ সীমা কঠোৰভাৱে অনুসৰণ কৰাটো বাধ্যতামূলক কৰি চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। পৰিস্থিতি সম্পূৰ্ণৰূপে সুস্থিৰ নোহোৱালৈকে এই মূল্যসীমাসমূহ বলবৎ থাকিব। এই নিৰ্দেশনাৰ উদ্দেশ্য হৈছে উক্ত সময়ছোৱাত বজাৰত মূল্য নিৰ্ধাৰণৰ অনুশাসন অক্ষুণ্ণ ৰখা, আহুকালত পৰা যাত্ৰীসকলক যিকোনো ধৰণৰ শোষণৰ পৰা ৰক্ষা কৰা আৰু জৰুৰীভাৱে ভ্ৰমণ কৰিবলগীয়া হোৱা জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী আৰু ৰোগীকে প্ৰমুখ্য কৰি নাগৰিকসকল আৰ্থিক অসুবিধাৰ সন্মুখীন নোহোৱাটো নিশ্চিত কৰা।
মন্ত্ৰালয়ে বাস্তৱ-সময়ৰ তথ্য আৰু বিমান সংস্থা তথা অনলাইন ভ্ৰমণ প্লেটফৰ্মৰ সৈতে সক্ৰিয় সমন্বয়েৰে ভাড়াৰ মাত্ৰা গভীৰভাৱে নিৰীক্ষণ কৰি থাকিব। নিৰ্ধাৰিত নীতি-নিয়মৰ পৰা যিকোনো বিচ্যুতিৰ ক্ষেত্ৰত বৃহত্তৰ জনস্বাৰ্থত তাৎক্ষণিক সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
***
Divyanshu Kumar/SB
(रिलीज़ आईडी: 2199819)
आगंतुक पटल : 30