উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই কোহিমা যুদ্ধ সমাধিস্থলী পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস আৰু উদীয়মান সাংস্কৃতিক স্থানক সন্মান জনায়
সাংস্কৃতিক পৰ্যটন আৰু সম্প্ৰদায়ৰ নেতৃত্বত লোৱা পদক্ষেপৰ ওপৰত সৱল গুৰুত্ব
प्रविष्टि तिथि:
04 DEC 2025 7:09PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই কোহিমা যুদ্ধ সমাধিস্থলী পৰিদৰ্শন কৰে, য'ত স্থানীয় বিষয়া আৰু প্ৰতিনিধিয়ে তেওঁক উষ্ম আদৰণি জনায়। দ্বিতীয় বিশ্বযুদ্ধৰ অন্যতম উল্লেখযোগ্য টাৰ্নিং পইণ্ট কোহিমাৰ যুদ্ধত প্ৰাণ আহুতি দিয়া সৈনিকসকলক মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ উল্লেখ কৰে যে যুদ্ধ সমাধিস্থলীটো সাহস, ত্যাগ, আৰু ভাগ-বতৰা কৰা ইতিহাসৰ প্ৰতীক হিচাপে থিয় দিছে, আৰু সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা দৰ্শনাৰ্থীক আকৰ্ষণ কৰা এক গুৰুত্বপূৰ্ণ ঐতিহ্যৰ ল্যাণ্ডমাৰ্ক হিচাপে বৰ্তী আছে।

পিছত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ সামৰিক উত্তৰাধিকাৰ আৰু সৃষ্টিশীল মনোভাৱক উদযাপন কৰা কোহিমাৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক স্থান গেৰিছন কেফে পৰিদৰ্শন কৰে। যুদ্ধকালীন ইতিহাস আৰু স্থানীয় নগা পৰম্পৰাৰ পৰা অনুপ্ৰাণিত এই কেফেখনে যুৱক-যুৱতী, শিল্পী, পৰ্যটকৰ বাবে এক সজীৱ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কেফেত একাপ কফি পান কৰে আৰু এনে স্থানসমূহে সমসাময়িক উদ্যোগীকৰণৰ সৈতে ঐতিহ্যক কেনেদৰে মিহলাই সম্প্ৰদায়ৰ সংযোগ আৰু স্থানীয় অৰ্থনৈতিক বিকাশত অৰিহণা যোগায় তাৰ শলাগ লয়। ৰাজ্যখনৰ পৰিচয়ত অৰিহণা যোগোৱা এটা মূল সামগ্ৰী হিচাপে স্বীকৃতি দি নাগালেণ্ড চৰকাৰে কফিক নিজৰ অনন্য বিক্ৰী বিন্দু (ইউএছপি) হিচাপে গ্ৰহণ কৰিছে।

কাইলৈ মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ চহকী পৰম্পৰা, কাৰুকাৰ্য্য, সংগীত, আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা ভাৰতৰ অন্যতম উল্লেখযোগ্য সাংস্কৃতিক উৎসৱ হৰ্ণবিল উৎসৱো পৰিদৰ্শন কৰিব। তেওঁৰ এই ভ্ৰমণে সাংস্কৃতিক পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক সজীৱতাক সৱল কৰাৰ বাবে মন্ত্ৰালয়ৰ দায়বদ্ধতাক জোৰ দিয়ে।
******
PS/AA
(रिलीज़ आईडी: 2199164)
आगंतुक पटल : 4