গৃহ মন্ত্ৰালয়
চাইবাৰ অপৰাধৰ ঘটনা আৰু ফৰেনছিক সামৰ্থ্য
प्रविष्टि तिथि:
03 DEC 2025 5:18PM by PIB Guwahati
নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’য়ে (NCRB) ইয়াৰ প্ৰকাশন “ক্ৰাইম ইন ইণ্ডিয়া”ত অপৰাধৰ পৰিসংখ্যাগত তথ্য সংকলন কৰি প্ৰকাশ কৰে। শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনখন ২০২৩-ৰ। এনচিআৰবি-এ প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১-ৰ পৰা ২০২৩-লৈকে চাইবাৰ অপৰাধৰ অধীনত (মিডিয়াম/টাৰ্গেট হিচাপে কমিউনিকেচন ডিভাইচৰ ব্যৱহাৰ) পঞ্জীয়ন হোৱা গোচৰৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল-ভিত্তিক সবিশেষ পৰিশিষ্ট-I ত উল্লেখ কৰা হৈছে।
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষীৰ তদন্তকাৰী বিষয়াক (IO) প্ৰাৰম্ভিক পৰ্য্যায়ৰ চাইবাৰ ফৰেনছিক সহায় আগবঢ়াবলৈ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ অংশ হিচাপে নতুন দিল্লীত (১৮-০২-২০১৯ ত) আৰু অসমত (২৯-০৮-২০২৫ ত) অত্যাধুনিক ‘ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (তদন্ত)’ স্থাপন কৰা হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ আঁচনিৰ অধীনত ২০১৮-ত হায়দৰাবাদত এটা ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (প্ৰমাণ) স্থাপন কৰা হৈছে।
বৰ্তমান সমগ্ৰ দেশতে ০৭ টা কেন্দ্ৰীয় ডিজিটেল ফৰেনছিক লেব আৰু ২৪ টা ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ কাৰ্য্যক্ষম হৈছে। এইসমূহে চাইবাৰ অপৰাধৰ গোচৰৰ তদন্তত সহায় কৰে। এই ০৭ টা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (CFSL) ভিতৰত ২০১৪-ৰ পূৰ্বে চণ্ডীগড়, হায়দৰাবাদ, দিল্লী আৰু কলকাতাত অৱস্থিত ০৪ টা চিএফএছএল-ত ডিজিটেল ফৰেনছিকৰ সুবিধা উপলব্ধ আছিল। ২০১৪-ৰ পিছত পুনে, ভূপাল আৰু কামৰূপত ০৩ টা নতুন চিএফএছএল (ডিজিটেল ফৰেনছিক বিভাগকে প্ৰমুখ্য কৰি) স্থাপন কৰা হৈছিল। ২০১৪-ৰ পূৰ্বৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ডিজিটেল ফৰেনছিক সুবিধাসমূহৰে সম্পৰ্কীয় তথ্যসমূহ কেন্দ্ৰীয়ভাৱে ৰক্ষণাবেক্ষণ কৰা নহয়।
ৰাজ্যিক এফএছএল-সমূহত ডিএনএ বিশ্লেষণ আৰু চাইবাৰ ফৰেনছিক ক্ষমতাক সুদৃঢ়কৰণৰ বাবে নিৰ্ভয়া পুঁজিৰে অব্যাহত আঁচনিৰ অধীনত ৰাজ্যিক এফএছএল-সমূহত চাইবাৰ ফৰেনছিক ক্ষমতা শক্তিশালী কৰাৰ অৰ্থে আন বিষয়ৰ লগতে ২০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলক সাহায্য প্ৰদান কৰা হৈছে। এই ২০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্য-ভিত্তিক তালিকাৰ লগতে ডিএনএ আৰু চাইবাৰ বিভাগ উভয়ৰে বাবে মুকলি কৰা বৰ্ষ-ভিত্তিক ধনৰাশিৰ পৰিমাণ পৰিশিষ্ট-II ত উল্লেখ কৰা হৈছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (CCPWC)’ আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী স্থাপনৰ বাবে ১১৬.৫ কোটি টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে ৩৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী আৰম্ভ হৈছে।
পৰিশিষ্ট-I
২০২১-২০২৩ ত চাইবাৰ অপৰাধৰ অধীনত পঞ্জীয়ন হোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল-ভিত্তিক গোচৰ
|
SL
|
State/UT
|
2021
|
2022
|
2023
|
|
1
|
Andhra Pradesh
|
1875
|
2341
|
2341
|
|
2
|
Arunachal Pradesh
|
47
|
14
|
24
|
|
3
|
Assam
|
4846
|
1733
|
909
|
|
4
|
Bihar
|
1413
|
1621
|
4450
|
|
5
|
Chhattisgarh
|
352
|
439
|
473
|
|
6
|
Goa
|
36
|
90
|
86
|
|
7
|
Gujarat
|
1536
|
1417
|
1995
|
|
8
|
Haryana
|
622
|
681
|
751
|
|
9
|
Himachal Pradesh
|
70
|
77
|
127
|
|
10
|
Jharkhand
|
953
|
967
|
1079
|
|
11
|
Karnataka
|
8136
|
12556
|
21889
|
|
12
|
Kerala
|
626
|
773
|
3295
|
|
13
|
Madhya Pradesh
|
589
|
826
|
685
|
|
14
|
Maharashtra
|
5562
|
8249
|
8103
|
|
15
|
Manipur
|
67
|
18
|
3
|
|
16
|
Meghalaya
|
107
|
75
|
64
|
|
17
|
Mizoram
|
30
|
1
|
31
|
|
18
|
Nagaland
|
8
|
4
|
2
|
|
19
|
Odisha
|
2037
|
1983
|
2348
|
|
20
|
Punjab
|
551
|
697
|
511
|
|
21
|
Rajasthan
|
1504
|
1833
|
2435
|
|
22
|
Sikkim
|
0
|
26
|
12
|
|
23
|
Tamil Nadu
|
1076
|
2082
|
4121
|
|
24
|
Telangana
|
10303
|
15297
|
18236
|
|
25
|
Tripura
|
24
|
30
|
36
|
|
26
|
Uttar Pradesh
|
8829
|
10117
|
10794
|
|
27
|
Uttarakhand
|
718
|
559
|
494
|
|
28
|
West Bengal
|
513
|
401
|
309
|
|
|
TOTAL STATE(S)
|
52430
|
64907
|
85603
|
|
29
|
A&N Islands
|
8
|
28
|
47
|
|
30
|
Chandigarh
|
15
|
27
|
23
|
|
31
|
D&N Haveli and Daman & Diu
|
5
|
5
|
6
|
|
32
|
Delhi
|
356
|
685
|
407
|
|
33
|
Jammu & Kashmir
|
154
|
173
|
185
|
|
34
|
Ladakh
|
5
|
3
|
1
|
|
35
|
Lakshadweep
|
1
|
1
|
1
|
|
36
|
Puducherry
|
0
|
64
|
147
|
|
|
TOTAL UT(S)
|
544
|
986
|
817
|
|
|
TOTAL (ALL INDIA)
|
52974
|
65893
|
86420
|
উৎসঃ এনচিআৰবি-এ প্ৰকাশ কৰা ‘ক্ৰাইম ইন ইণ্ডিয়া’।
পৰিশিষ্ট-II
ৰাজ্যিক এফএছএল-ত ডিএনএ বিশ্লেষণ আৰু চাইবাৰ ফৰেনছিক ক্ষমতা সুদৃঢ়কৰণৰ বাবে নিৰ্ভয়া পুঁজিৰ আঁচনিৰ অধীনত চাইবাৰ ফৰেনছিকৰ অৰ্থে সাহায্য প্ৰদান কৰা ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা
|
S.
NO.
|
States
|
Total release in last 03 years i.e. from FY 2022-
23 to 2024-25
(in Crores)
|
Total release since FY 2018-
19
(in Crores)
|
Amount for which UC received in GFR Form 12-C
|
|
1
|
Arunachal Pradesh
|
0.865
|
0.865
|
0
|
|
2
|
Assam
|
1.125
|
1.125
|
0
|
|
3
|
Chhattisgarh
|
2.183
|
3.683
|
2,01,61,069
|
|
4
|
Gujarat*
|
0.6075
|
1.8225
|
1,08,01,037
|
|
5
|
Himachal Pradesh*
|
0
|
7.29
|
7,29,00,000
|
|
6
|
Jharkhand
|
1.6625
|
4.9875
|
3,26,79,489
|
|
7
|
Karnataka*
|
0
|
13.96
|
0
|
|
8
|
Kerala
|
1.625
|
6.455
|
4,82,72,502
|
|
9
|
Meghalaya
|
1.7715
|
1.9365
|
1,77,15,000
|
|
10
|
Mizoram*
|
0
|
4.19
|
4,19,00,000
|
|
11
|
Nagaland*
|
2.725
|
5.45
|
5,45,00,000
|
|
12
|
Odisha*
|
3.1425
|
9.4275
|
9,30,60,819
|
|
13
|
Punjab*
|
0
|
7.98
|
3,99,00,000
|
|
14
|
Rajasthan*
|
0
|
6.28
|
6,27,96,750
|
|
15
|
Telangana
|
2.98
|
2.98
|
0
|
|
16
|
Tripura*
|
0
|
2.11
|
2,11,00,000
|
|
17
|
Uttar Pradesh*
|
0
|
7.75
|
7,06,81,508
|
|
18
|
Uttarakhand
|
2.48
|
2.48
|
2,48,00,000
|
|
19
|
Andaman &
Nicobar Islands
|
2.18
|
2.18
|
1,59,68,474
|
|
20
|
Puducherry*
|
3.395
|
6.9
|
6,05,33,389
|
*২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পুঁজি মুকলি কৰা হৈছে।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।
***
RK/RR/PR/PS/SB
(रिलीज़ आईडी: 2198598)
आगंतुक पटल : 4