গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা

प्रविष्टि तिथि: 02 DEC 2025 3:23PM by PIB Guwahati

২৬/১১-ৰ মুম্বাই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আইন, ২০০৮-ৰ অধীনত কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰয়োগকাৰী সংস্থা হিচাপে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) গঠন কৰা হৈছিল।

সংস্থাটোৱে এনআইএ আইন, ২০০৮-ৰ অনুসূচীত উল্লেখ কৰা ভাৰতৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু অখণ্ডতাক প্ৰভাৱিত কৰা অপৰাধ, ৰাষ্ট্ৰৰ নিৰাপত্তা, বিদেশী ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আন্তঃৰাষ্ট্ৰীয় চুক্তি আদিৰ সৈতে জড়িত বিষয়সমূহৰ তদন্ত কৰি আহিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তাক প্ৰভাৱিত কৰা / ভাবুকি কঢ়িয়াই অনা অপৰাধক প্ৰতিৰোধ, তদন্ত আৰু বিচাৰৰ ক্ষেত্ৰত এনআইএ-ক নিজৰ দায়িত্ব দক্ষতাৰে পালনৰ অৰ্থে ইয়াৰ সামৰ্থ্য বৃদ্ধি কৰা তথা ইয়াক বিশ্বমানৰ তদন্তকাৰী সংস্থা হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছেঃ

(i). ভাৰতৰ বাহিৰত সংঘটিত হোৱা ভাৰতীয় নাগৰিক বা ভাৰতীয় স্বাৰ্থৰ সৈতে জড়িত অনুসূচিত অপৰাধৰ তদন্তৰ বাবে চৰকাৰে ‘এনআইএ (সংশোধনী) আইন, ২০১৯’-ৰ জৰিয়তে এনআইএ-ক ক্ষমতা প্ৰদান কৰিছে।

(ii). ইয়াৰ উপৰিও বিস্ফোৰক পদাৰ্থ আইন-১৯০৮, মানৱ সৰবৰাহ, চাইবাৰ সন্ত্ৰাসবাদ আৰু অস্ত্ৰ আইন, ১৯৫৯-ৰ সৈতে জড়িত অপৰাধৰ তদন্তৰ বাবেও এনআইএ-ৰ কাৰ্য্যভাৰক সম্প্ৰসাৰিত কৰা হৈছে।

(iii). দেশৰ ভিন্ন ঠাইত ২১ টা শাখা কাৰ্য্যালয় স্থাপন, ০২ টা মাণ্ডলিক কাৰ্য্যালয় (গুৱাহাটী আৰু জম্মুত) আৰু দিল্লীত মুখ্য কাৰ্য্যালয় স্থাপন কৰি এনআইএ-ৰ অৱস্থিতি সমগ্ৰ ভাৰততে সম্প্ৰসাৰিত কৰা হৈছে।

(iv). বৰ্তমান এনআইএ-ৰ মুঠ ১৯০১ টা অনুমোদিত পদ আছে, ইয়াৰে ৭৬৯ টা পদত বিগত পাঁচ বছৰৰ ভিতৰত অনুমোদন জনোৱা হৈছে।

(v). চৰকাৰে সমগ্ৰ দেশতে ৫২ খন এনআইএ বিশেষ আদালত স্থাপন কৰিছে। ইয়াৰে ৰাঁচী, জম্মু আৰু মুম্বাইৰ ০৩ খন এনআইএ বিশেষ আদালতক এনআইএ-এ তদন্ত কৰা অনুসূচিত অপৰাধৰ বিচাৰৰ বাবে একচেটিয়াভাৱে বিশেষ আদালত হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

(vi). বিগ ডাটা এনালাইটিক্সৰ প্ৰশস্তকৰণ আৰু ভিন্ন তদন্ত প্ৰক্ৰিয়াৰ স্বয়ংক্ৰিয়কৰণ আৰু ডিজিটাইজেচনৰ সুবিধা প্ৰদানৰ বাবে এনআইএ-ত ‘নেচনেল টেৰ’ৰ ডাটা ফিউজন এণ্ড এনালাইছিছ চেন্টাৰ (NTDFAC)’ স্থাপন কৰা হৈছে। এনে পদ্ধতিয়ে তত্বাৱধান ব্যৱস্থাক শক্তিশালী কৰিব আৰু দক্ষতা, সামঞ্জস্য আৰু জবাবদিহিতা বৃদ্ধি কৰিব।

 

(vii). চৰকাৰে ২০১৮-ৰ জানুৱাৰীত এনআইএ-ত আইএছআইএছ ইনভেষ্টিগেচন ৰিচাৰ্চ চেল (IIRC) গঠন কৰি সন্ত্ৰাসবাদৰ অন্যান্য ৰূপলৈয়ো ইয়াৰ পৰিসৰ সম্প্ৰসাৰণ কৰি কাউন্টাৰ টেৰৰিজম ৰিচাৰ্চ চেল (CTRC) নামেৰে ইয়াৰ নামকৰণ কৰিছে।

(viii). এনআইএ-ত একচেটিয়া বিভাগ, যেনেঃ ‘এন্টি হিউমেন ট্ৰেফিকিং ডিভিজন (AHTD)’, ‘এন্টি চাইবাৰ টেৰৰিজম ডিভিজন (ACTD)’, ‘ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ (FATF) চেল’, ‘ফাইনেন্সিয়েল এনালাইছিছ ইউনিট (FAU)’ আৰু আইনী বিশেষজ্ঞৰে গঠিত এটা বিশেষ কোষো গঠন কৰা হৈছে।

 

(ix). বিদেশী ন্যায়িক অধিকাৰক্ষেত্ৰৰ সৈতে জড়িত তদন্তসমূহ চম্ভালিবলৈ ভাৰতৰ ক্ষমতাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিবলৈ ২০২৪-ত এনআইএ-ৰ এটা সমৰ্পিত ‘বিদেশী তদন্ত অনুৰোধ ইউনিট (FIRU)’ স্থাপন কৰা হৈছে।

(x). সন্ত্ৰাসবাদক পুঁজি যোগান আৰু উচ্চমানৰ ‘ভুৱা ভাৰতীয় মুদ্ৰা নোট (FICN)’ গোচৰৰ তদন্তৰ বাবে কেন্দ্ৰীয় পৰ্য্যায়ত এনআইএ-ক ন’ডেল এজেন্সী হিচাপে নিযুক্তি দিয়া হৈছে, ইয়াৰ বাবে এনআইএ-ত কেন্দ্ৰীভূত তদন্তৰ বাবে ‘টেৰ’ৰ ফাণ্ডিং আৰু ভুৱা মুদ্ৰা (TFFC) কোষ’ গঠন কৰা হৈছে।

(xi). সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে সহযোগিতা কৰিবলৈ এনআইএ-এ ২০২২-ত মন্ত্ৰী পৰ্য্যায়ৰ সন্মিলন ‘ন’ মানি ফৰ টেৰ’ৰ (NMFT)’-ৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰিছিল। উক্ত সন্মিলনত ৭৮ খন দেশ আৰু ১৬ টা বহুপক্ষীয় সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল।

(xii). বিগত ০৫ বছৰে এনআইএ-এ বিদেশী সংস্থাসমূহৰ সহযোগত এনআইএ-ৰ বিষয়া আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী, কেন্দ্ৰীয় আৰক্ষী সংগঠন (CPO) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)-ৰ বাবে ‘সামৰ্থ্য বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী (CBTP)’ অনুষ্ঠিত কৰি আহিছে। বিগত ০৩ বছৰে এনআইএ-এ বিদেশী বিষয়াসকলৰ বাবেও এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে।

(xiii). শেহতীয়াকৈ চৰকাৰে এনআইএ আৰু ‘ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (NFSU)’-ৰ মাজত ফৰেনছিক বিশেষজ্ঞতাৰ ক্ষেত্ৰত এনআইএ-ৰ বিষয়াসকলৰ সামৰ্থ্য বিকাশৰ বাবে বুজাবুজিৰ চুক্তিত (MoU) অনুমোদন জনাইছে। ২০২৫-ৰ মাৰ্চত দুয়োটা পক্ষই স্বাক্ষৰ কৰিছিল।

(xiv). এফআইচিএন সম্পৰ্কীয় তথ্য বিনিময়ৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত যুটীয়া টাস্ক ফ’ৰ্চ (JTF) গঠন কৰা হৈছে। এনআইএ-এ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত ভিন্ন আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ লগতে বাংলাদেশ আৰু নেপালকে প্ৰমুখ্য কৰি চুবুৰীয়া দেশৰ আৰক্ষী বিষয়াসকলৰ বাবেও এফআইচিএন চোৰাং ব্যৱসায়েৰে মোকাবিলা কৰাৰ বাবে সামৰ্থ্য বিকাশৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে।

(xv). ৰাষ্ট্ৰীয় নিৰাপত্তাক প্ৰভাৱিত কৰা/ ভাবুকি কঢ়িয়াই অনা অপৰাধ প্ৰতিৰোধ, তদন্ত আৰু বিচাৰৰ ক্ষেত্ৰত এনআইএ-ৰ সামৰ্থ্যক শক্তিশালী কৰাৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহৰ কাৰ্য্যকলাপৰ পৰিমাপসমূহৰ সৈতে সমতুল্যভাৱে এনআইএ-ৰ সামৰ্থ্যৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

এই পদক্ষেপসমূহৰ ফলস্বৰূপে এনআইএ-ৰ সামৰ্থ্যসমূহ যথেষ্ট শক্তিশালী হৈছে। সম্প্ৰতি এনআইএ-এ এতিয়া বিশ্বজুৰি বিখ্যাত তদন্তকাৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে। ১৭২ টা গোচৰত (আৰম্ভণিৰ পৰা মুঠ ৬৯২ টা পঞ্জীয়নভুক্ত গোচৰৰ ভিতৰত) ঘোষণা কৰা ৰায়দানত দোষী সাব্যস্ত হোৱাৰ হাৰ ৯২.৪৪%।

ভাৰত চৰকাৰে যিকোনো ধৰণৰ অবৈধ কাৰ্য্যকলাপৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা নীতি’ গ্ৰহণ কৰিছে, যিসমূহ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, ঐক্য, অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি ক্ষতিকাৰক।

ভাৰত চৰকাৰে অবৈধ কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ বিধান অনুসৰি অবৈধ কাৰ্য্যকলাপত জড়িত বুলি ধৰা পৰা ভিন্ন সংগঠনৰ বিৰুদ্ধে নিৰন্তৰ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

সেই অনুসৰি বিগত পাঁচ বছৰত চৰকাৰে ২৩ টা সংস্থাক অবৈধ হিচাপে ঘোষণা কৰিছে। এইসমূহৰ তালিকা পৰিশিষ্ট ‘ক’ হিচাপে সংলগ্ন কৰা হৈছে।

*******

 

 

পৰিশিষ্ট-ক

যোৱা ০৫ বছৰত অবৈধ বুলি ঘোষণা কৰা সংগঠনসমূহৰ তালিকাঃ

ক্ৰমিক নং

অবৈধ সংগঠনৰ নাম

1.

ষ্টুডেন্টছ ইছলামিক ম’ভমেন্ট অৱ ইণ্ডিয়া (SIMI)

2.

সংযুক্ত মুক্তি বাহিনী, অসম (ULFA)

3.

অল ত্ৰিপুৰা টাইগাৰ ফ’ৰ্চ (ATTF)

4.

মেইটেই উগ্ৰপন্থী সংগঠন, যথা-

(i) পিপুলছ লিবাৰেচন আৰ্মি (PLA) আৰু ইয়াৰ ৰাজনৈতিক শাখা ৰিভ’লুচনেৰী পিপুলছ ফ্ৰন্ট (RPF)

(ii) ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰন্ট (UNLF) আৰু ইয়াৰ সশস্ত্ৰ শাখা মণিপুৰ পিপুলছ আৰ্মি (MPA)

(iii) পিপুলছ ৰিভ’লুচনেৰী পাৰ্টি অৱ কাংগলেইপাক (PREPAK) আৰু ইয়াৰ সশস্ত্ৰ শাখা ‘ৰেড আৰ্মি’।

(iv) কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (KCP) আৰু ইয়াৰ সশস্ত্ৰ শাখা ‘ৰেড আৰ্মি’।

(v) কাংগলেই ইয়াওল কানবা লুপ (KYKL)

(vi) ক’অৰ্ডিনেচন কমিটি (CorCom) আৰু

(vii) এলায়েন্স ফৰ ছ’চিয়েলিষ্ট কাংগলেইপাক (ASUK)

5.

নেচনেল লিবাৰেচন ফ্ৰন্ট অৱ ত্ৰিপুৰা (NLFT)

6.

হাইনিউট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিল (HNLC)

7.

লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম (LTTE)

8.

নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (খাপলাং) [NSCN (K)]

9.

ইছলামিক ৰিচাৰ্ছ ফাউণ্ডেচন (IRF)

 

 

পৰিশিষ্ট-ক

 

10.

জামাত-ই-ইছলামী (JeI), জম্মু-কাশ্মীৰ

11.

জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰন্ট (মহম্মদ ইয়াচিন মালিক শাখা) (JKLF-Y)

12.

শিখ ফৰ জাষ্টিচ (SFJ)

13.

পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (PFI) আৰু ইয়াৰ সহযোগী বা সংযুক্ত বা ফ্ৰন্টসমূহ যথাঃ ৰিহাব ইণ্ডিয়া ফাউণ্ডেচন (RIF), কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া (CFI), অল ইণ্ডিয়া ইমামছ কাউন্সিল (AIIC), নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন (NCHRO), নেচনেল ৱমেনছ ফ্ৰন্ট, জুনিয়ৰ ফ্ৰন্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহাব ফাউণ্ডেচন, কেৰালা।

14.

জম্মু-কাশ্মীৰ ডেম'ক্ৰেটিক ফ্ৰিডম পাৰ্টি (JKDFP)

15.

মুছলিম লীগ জম্মু কাশ্মীৰ (মছাৰাট আলম শাখা)/ (MLJK-MA)

16.

তেহৰিক-ই-হুৰিয়াত, জম্মু আৰু কাশ্মীৰ (TeH)

17.

মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (ভাট শাখা) (MCJK-B)

18.

মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (সুমজি শাখা) (MCJK-S)

19.

জম্মু কাশ্মীৰ নেচনেল ফ্ৰন্ট (JKNF)

20.

জম্মু আৰু কাশ্মীৰ পিপুলছ ফ্ৰিডম লীগ (JKPFL)

21.

জম্মু-কাশ্মীৰ পিপুলছ লীগৰ (JKPL) চাৰিটা শাখা, যথাঃ জেকেপিএল (মুখতাৰ আহমেদ ৱাজা), জেকেপিএল (বছিৰ আহমেদ টোটা), জেকেপিএল (গুলাম মহম্মদ খান ওৰফে ছ’প’ৰী) আৰু ইয়াক’ব শ্বেখৰ নেতৃত্বত জেকেপিএল (আজিজ শ্বেখ)।

22.

জম্মু-কাশ্মীৰ ইত্তিহাদুল মুছলিমীন (JKIM)

23.

আৱামী একচন কমিটি (AAC)

 

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

***

RK/RR/PS/SJK/PR/PS/SB
 


(रिलीज़ आईडी: 2197863) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil