গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চাইবাৰ সুৰক্ষা আন্তঃগাঁথনি

प्रविष्टि तिथि: 02 DEC 2025 3:24PM by PIB Guwahati

চাইবাৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে দেশজোৰা সংহত আৰু সমন্বিত ব্যৱস্থাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয়ৰ (NSCS) অধীনস্থ ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা সমন্বয়কে (NCSC) ভিন্ন সংস্থাৰ মাজত সমন্বয় নিশ্চিত কৰাৰ সমান্তৰালকৈ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই (I4C) চাইবাৰ অপৰাধৰ ক্ষেত্ৰত সমন্বয় আৰু ফলপ্ৰসূভাৱে মোকাবিলা কৰে।

ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল (CERT-In)-ক তথ্য প্ৰযুক্তি (IT) আইন, ২০০০-ৰ ধাৰা ৭০বি-ৰ বিধানৰ অধীনত চাইবাৰ সুৰক্ষাৰ ঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাষ্ট্ৰীয় সংস্থা হিচাপে নিৰ্ধাৰণ কৰা হৈছে। চিইআৰটি-ইন এ সক্ৰিয় ভাবুকি প্ৰশমনৰ বাবে ভিন্ন খণ্ডত সংস্থাসমূহৰ সৈতে নিৰ্দিষ্ট সতৰ্কবাণীসমূহ আদান-প্ৰদানৰ বাবে এটা স্বয়ংক্ৰিয় চাইবাৰ ভাবুকি চোৰাংচোৱা বিনিময় মঞ্চ পৰিচালনা কৰে। চিইআৰটি-ইনৰ দ্বাৰা ৰূপায়িত ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ (NCCC)-এ চাইবাৰ সুৰক্ষাৰ ভাবুকি ধৰা পেলাবলৈ চাইবাৰ স্থান পৰীক্ষা কৰে। ই ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট সংস্থা, ৰাজ্য চৰকাৰ আৰু অংশীদাৰ সংস্থাসমূহৰ সৈতে তথ্যসমূহ আদান-প্ৰদান কৰে। চিইআৰটি-ইন এ সময়ে-সময়ে শেহতীয়া চাইবাৰ ভাবুকি/দুৰ্বলতা সম্পৰ্কে সতৰ্কবাণী আৰু পৰামৰ্শ প্ৰদান কৰে।

আইটি আইন, ২০০০-ৰ ধাৰা ৭০ এ-ৰ বিধানৰ অধীনত দেশৰ গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনি সুৰক্ষাৰ বাবে চৰকাৰে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনি সুৰক্ষা কেন্দ্ৰ (NCIIPC) স্থাপন কৰিছে। এনআইচি-এ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়, বিভাগ আৰু সংস্থাসমূহ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসকক ভিন্ন ই-গভৰ্নেন্স সমাধানৰ বাবে তথ্য প্ৰযুক্তি (IT) সহায় আগবঢ়ায় তথা উদ্যোগৰ মানদণ্ড আৰু পদ্ধতিৰ সৈতে সংগতি ৰাখি তথ্য সুৰক্ষা নীতি আৰু পদ্ধতিসমূহ অনুসৰণ কৰে। ইয়াৰ লক্ষ্য হৈছে চাইবাৰ আক্ৰমণ প্ৰতিৰোধ কৰা আৰু তথ্যক সুৰক্ষিত কৰা।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) অংশগ্ৰহণকাৰী সংস্থাসমূহ অৰ্থাৎ আইবি, চিআইআৰএ, ডিচিৱাইএ, টেলিকমিউনিকেচন বিভাগ (DoT), চাৰ্ট-ইন (Cert-In), আই৪চি, এনচিআইআইপিচি আৰু এনআইচি-ৰ সৈতে এমএচি (মাল্টি এজেন্সী চেন্টাৰ) প্লেটফৰ্মৰ অধীনত চাইমেক (চাইবাৰ মাল্টি এজেন্সী চেন্টাৰ) স্থাপন কৰিছে। ইয়াৰ লক্ষ্য হৈছে চাইবাৰ অপৰাধ, চাইবাৰ চোৰাংচোৱাগিৰি, চাইবাৰ সন্ত্ৰাসবাদ, চাইবাৰ সুৰক্ষাৰ ভাবুকি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে উদীয়মান প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু অনুৰূপ উদ্বেগক ফলপ্ৰসূভাৱে মোকাবিলা কৰা। এই প্লেটফৰ্মে (CyMAC) সকলো চাইবাৰ সুৰক্ষা সংস্থাতে চাইবাৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে এক ঐক্যবদ্ধ আৰু কৌশলগত প্লেটফৰ্ম হিচাপে কাম কৰে। বাস্তৱ-সময়ৰ নিৰীক্ষণ, ভাবুকি চোৰাংচোৱা আদান-প্ৰদান আৰু সমন্বিত সঁহাৰি ক্ষমতা প্ৰশস্তৰে ই চাইবাৰ সুৰক্ষাৰ বিপদাশংকাসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ সক্ৰিয় ধৰা পেলোৱা আৰু বিশ্লেষণ তথা সহযোগিতামূলক পদ্ধতি নিশ্চিত কৰে। ৰাষ্ট্ৰীয় চাইবাৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ লগতে ভাৰতীয় তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT)-ৰ আন্তঃগাঁথনি সুৰক্ষিত কৰিবলৈ সকলো সংস্থাক এই ব্যৱস্থাৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হ’বলৈ উৎসাহিত কৰা হৈছে।

অসমত এটা নতুন ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক (তদন্ত) পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে অঞ্চলটোত চাইবাৰ ফৰেনছিক সুবিধা প্ৰদান আৰু মূলতঃ উত্তৰ-পূৰ্বাঞ্চল তথা ছিকিমত কৰ্মৰত সকলো এলইএ-ৰ ডিজিটেল তদন্তৰ ক্ষমতা বৃদ্ধি কৰা। ২৯-০৮-২০২৫ ৰ পৰা ইয়াক কাৰ্য্যকৰী কৰা হৈছে।

ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক (তদন্ত) পৰীক্ষাগাৰ {NCFL(I)} হৈছে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ(I4C)-ৰ অধীনত নতুন দিল্লীৰ দ্বাৰকাত এলইএ আৰু আন কেন্দ্ৰীয় সংস্থাসমূহক তদন্তৰ সময়ত ফৰেনছিক সহায় আগবঢ়াবলৈ ২০১৯-ত স্থাপন কৰা এটি অত্যাধুনিক সুবিধা। এনচিএফএল সেৱা বা সুবিধাসমূহ সমগ্ৰ দেশৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ব্যৱহাৰ কৰি আছে। ৩১-১০-২০২৫ লৈকে এনচিএফএলে চাইবাৰ অপৰাধৰ সৈতে জড়িত প্ৰায় ১২,৯৫২ টা চাইবাৰ গোচৰত ৰাজ্যিক এলইএ-সমূহক নিজৰ সেৱা আগবঢ়াইছে। ৩১-১০-২০২৫ লৈকে ২১১৮ এলইএ পাৰ্ছনেলক শেহতীয়া ফৰেনছিক সঁজুলি আৰু কৌশল সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

২০১৮-ত আৰম্ভ হোৱা মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (CCPWC) আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক লেব স্থাপন কৰা হৈছে। এই আঁচনিৰ অধীনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চাইবাৰ ফৰেনছিক কনচালটেন্ট স্থাপনৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ১৩১.৬০ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ৩৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী আৰম্ভ কৰা হৈছে।

চিইআৰটি-ইনে (CERT-In) চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সমন্বয় আৰু তথ্য বিনিময়ৰ সুবিধাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলকে প্ৰমুখ্য কৰি ৰাজ্যসমূহত অনুশীলনৰ লগতে কৰ্মশালা অনুষ্ঠিত কৰে।

ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)-ৰ অধীনত মেৱাট, জামতাৰা, আহমেদাবাদ, হায়দৰাবাদ, চণ্ডীগড়, বিশাখাপট্টনম আৰু গুৱাহাটীৰ বাবে সাতটা যুটীয়া চাইবাৰ সমন্বয় দল (JCCT) গঠন কৰা হৈছে।

সমন্বয় প্লেটফৰ্মক পৰিচালনা তথ্য ব্যৱস্থা (MIS) মঞ্চ, তথ্য ভঁৰাল আৰু চাইবাৰ অপৰাধৰ তথ্য বিনিময় আৰু বিশ্লেষণৰ বাবে আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ বাবে সমন্বয় মঞ্চ হিচাপে কাম কৰিবলৈ কাৰ্য্যকৰী কৰা হৈছে। ই ভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ অপৰাধৰ অভিযোগৰ সৈতে জড়িত অপৰাধ আৰু অপৰাধীৰ বিশ্লেষণ ভিত্তিক আন্তঃৰাজ্যিক সংযোগ প্ৰদান কৰে। ‘প্ৰতিবিম্ব’ মডিউলে অপৰাধীৰ স্থান আৰু অপৰাধৰ আন্তঃগাঁথনি অংকন কৰি ন্যায়িক বিষয়াসকলক দৃশ্যমানতা প্ৰদান কৰে। এই মডিউলে আই৪চি আৰু আন-আন লঘু আৰু মজলীয়া উদ্যোগৰ (SME) পৰা আইন প্ৰয়োগকাৰী সংস্থাসমূহে টেকন’-লিগেল সহায় বিচৰা আৰু লাভ কৰাত সহায় কৰে। ইয়াৰ ফলশ্ৰুতিত ১৬,৮৪০ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১,০৫,১২৯ চাইবাৰ ইনভেষ্টিগেচনৰ সহায়ৰ অনুৰোধ জনোৱা হৈছে।

চাইবাৰ অপৰাধৰ তদন্ত, ফৰেনছিক আৰু বিচাৰৰ ক্ষেত্ৰত আৰক্ষী আৰু ন্যায়িক বিষয়াৰ সামৰ্থ্য গঢ়ি তুলিবলৈ বৃহৎ অ’পেন অনলাইন ক’ৰ্চ (MOOC) প্লেটফৰ্ম অৰ্থাৎ ‘চাইট্ৰেইন’ (CyTrain) প্ৰৱৰ্তন কৰা হৈছে। এই প্লেটফৰ্মে প্ৰমাণপত্ৰৰ সৈতে মানক অনলাইন পাঠ্যক্ৰম প্ৰশস্তৰে সমগ্ৰ সংস্থাসমূহৰ মাজত একেধৰণৰ দক্ষতা বিকাশ নিশ্চিত কৰে। ৩১-১০-২০২৫ লৈকে পৰ্টেলৰ জৰিয়তে ১,৪৪,৮৯৫ জন আৰক্ষী বিষয়া/ন্যায়াধীশ/প্ৰচিকিউটৰ/চিপিঅ’/চিএপিএফে পঞ্জীয়ন কৰিছে আৰু ১,১৯,৬২৮ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।

***

RK/RR/SJK/PS/PR/PS/SB
 


(रिलीज़ आईडी: 2197674) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Telugu