iffi banner

আই এফ এফ আইত আঞ্চলিক চলচ্চিত্ৰৰ বৈচিত্ৰ্য আৰু সমৃদ্ধি উদযাপন

সাংস্কৃতিক স্বীকৃতি, চলচ্চিত্ৰৰ প্ৰতি দায়বদ্ধতা আৰু দলীয় কৰ্ম হৈছে সফল আঞ্চলিক চলচ্চিত্ৰৰ মূল উপাদানঃ পৰিচালক ৰাজু চন্দ্ৰা

আঞ্চলিক চলচ্চিত্ৰবোৰে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব পাৰে যদি সেইবোৰ কাহিনী, পৰিচালনা আৰু অভিনয়ত শক্তিশালী হয়ঃ পৰিচালক মিলিন্দ লেলে

৫৬ সংখ্যক আই এফ এফ আইত ভাৰতৰ আঞ্চলিক চলচ্চিত্ৰৰ এক সমৃদ্ধ পুষ্পগুচ্ছ প্ৰদৰ্শন কৰা হৈছে, যাৰ ভিতৰত দুখন আঞ্চলিক চলচ্চিত্ৰ-পিৰানথানাল ভাজথুকাল (তামিল) আৰু দ্ৰুশ্য আদ্ৰুশ্য (মাৰাঠী)ৰ কলা-কুশলীসকলে আজি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে।

পৰিচালক ৰাজু চন্দ্ৰাই তামিল চলচ্চিত্ৰ পিৰানথানাল ভাজথুকাল নিৰ্মাণৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰি কয় যে স্থানীয় সাংস্কৃতিক পৰম্পৰাত নিহিত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে কেৱল নিজৰ সম্প্ৰদায়ৰ পৰাই নহয়, অন্যান্য সাংস্কৃতিক গোটৰ পৰাও উৎসাহৰ প্ৰয়োজন। তেওঁ কয় যে সাংস্কৃতিক গ্ৰহণযোগ্যতা, চলচ্চিত্ৰখনৰ প্ৰতি দায়বদ্ধতা, আৰু দলীয় কৰ্ম হৈছে এখন সফল আঞ্চলিক চলচ্চিত্ৰৰ মূল উপাদান। মুখ্য অভিনেতা আপ্পুকুট্টিয়েও সংবাদমেলখনত তেওঁৰ সৈতে অংশগ্ৰহণ কৰে।

মাৰাঠী চলচ্চিত্ৰ দ্ৰুশ্য আদ্ৰুশ্যৰ বিষয়ে ক’বলৈ গৈ পৰিচালক মিলিন্দ লেলে কয় যে আকৰ্ষণীয় ছাছপেন্স থ্ৰিলাৰখন কেৱল ৮-১০ জনীয়া সদস্যৰ এটা দলৰ সৈতে এখন দূৰৱৰ্তী ৰিজৰ্টত শ্বুটিং কৰা হৈছিল। সীমিত সুবিধা থকা সত্বেও দলৰ প্ৰতিজন সদস্যৰ সমৰ্পণে ছবিখন সম্ভৱ কৰি তুলিছিল।

ছবিখন জানুৱাৰীত মুক্তিৰ বাবে সাজু কৰা হৈছে। ডাঙৰ বেনাৰত মুক্তি পোৱা ছবিসমূহৰ মাজত এখন সৰু বাজেটৰ ছবি কেনেকৈ বৰ্তি থাকিব পাৰে সেই সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত লেলেই মন্তব্য কৰে, প্ৰতিখন ছবিৰে নিজস্ব কুণ্ডলী থাকে আৰু শেষত দৰ্শকে চলচ্চিত্ৰখনৰ সফলতাৰ সিদ্ধান্ত লয়। আঞ্চলিক চলচ্চিত্ৰবোৰে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব পাৰে যদি সেইবোৰ কাহিনী, পৰিচালনা আৰু অভিনয়ত শক্তিশালী হয় আৰু এই সকলোবোৰ হৈছে দলগত কৰ্ম। ডাঙৰ বেনাৰৰ চলচ্চিত্ৰৰ ভিৰত বৰ্তমান আঞ্চলিক চলচ্চিত্ৰ কেৱল উৎকৃষ্ট হোৱাই নহয়, অতি উৎকৃষ্ট হোৱাটো প্ৰয়োজনীয় বুলিও তেওঁ কয়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে আঞ্চলিক চলচ্চিত্ৰই ইয়াৰ জনসাধাৰণ আৰু তেওঁলোকৰ পৰম্পৰাৰ প্ৰকৃত সাংস্কৃতিক গুৰুত্বক প্ৰতিনিধিত্ব কৰে।

সংক্ষিপ্ত বিৱৰণঃ দ্ৰুশ্য অদ্ৰুশ্য

‘দ্ৰুশ্য আদ্ৰুশ্য’ হৈছে এখন বনভোজস্থলীৰ নিৰ্মল কিন্তু ৰহস্যময় পটভূমিত নিৰ্মাণ কৰা এটা আকৰ্ষণীয় কাহিনী, য’ত এগৰাকী যুৱতীৰ আকস্মিক নিৰুদ্দেশৰ ফলত কেইবাটাও বিচলিত কৰা ঘটনা সংঘটিত হয়। চলচ্চিত্ৰখনে মানৱীয় আৱেগ, সামাজিক জটিলতা, জীৱনক প্ৰভাৱিত কৰা দৃশ্যমান আৰু অদৃশ্য শক্তিৰ মাজত গভীৰভাৱে অনুসন্ধান কৰে। কাহিনীটো যুৱতীগৰাকীৰ পৰিয়াল, স্থানীয় কৰ্তৃপক্ষ আৰু প্ৰত্যেকেই ভয়, অনিশ্চয়তা আৰু অদৃশ্য সত্যৰ সৈতে যুঁজি থকা দৰ্শকৰ দৃষ্টিভংগীৰ জৰিয়তে উদ্ভাসিত হয়। উত্তেজনা বৃদ্ধি হোৱাৰ লগে লগে আৰু গোপনীয়তা পোহৰলৈ আহি কাহিনীটো বিশ্বাস, ভয় আৰু বাস্তৱতাৰ এক শক্তিশালী অন্বেষণলৈ বিকশিত হয়। বাস্তৱবাদক আৱেগিক তীব্ৰতাৰ সৈতে মিশ্ৰিত কৰি কেনেদৰে অদৃশ্য মানসিক, সামাজিক আৰু আধ্যাত্মিক শক্তিসমূহে মানৱ কৰ্ম আৰু সিদ্ধান্তসমূহক চালিত কৰে, সেয়াই চলচ্চিত্ৰখনে প্ৰকাশ কৰে।

সংক্ষিপ্ত বিৱৰণঃ পিৰানথানাল ভাজথুকাল (তামিল)

গাঁৱৰ যুৱক-যুৱতীৰ দলটোৰ নেতৃত্ব দিয়া আনপু (আপ্পুকুট্টি) হৈছে অত্যাধিক মদ্যপান কৰা আৰু ধূম্ৰপায়ী। তেওঁৰ পত্নী, পৰিয়ালৰ বন্ধুবৰ্গ তথা গাওঁবাসীয়ে তেওঁৰ জীৱনশৈলীৰ বিৰোধিতা কৰিছিল আৰু তেওঁক অত্যধিক মদ্যপান বন্ধ কৰিবলৈ বাধ্য কৰিছিল। তেওঁৰ পত্নী গৰ্ভৱতী আৰু সন্তান জন্ম দিবলৈ গৈ আছে। আনপুৱে বিশ্বাস কৰে যে সুৰা হৈছে জীৱনত আনন্দৰ একমাত্ৰ উৎস। তেওঁ দায়িত্বহীনভাৱে জীৱন যাপন কৰে, পৰিণামৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজৰ ইচ্ছা পূৰণ কৰে। এদিন তেওঁৰ জীৱনে এক প্রত্যাশিত পৰিবৰ্তন লৈছিল আৰু সমাজে তেওঁক কেনেদৰে উপলব্ধি কৰিছিল তথা তেওঁৰ সামাজিক দায়িত্ব আৰু জীৱনৰ মূল্য তেওঁ প্ৰত্যক্ষ কৰিছিল। ৰাষ্ট্ৰীয় বঁটা বিজয়ী আপ্পুকুট্টীয়ে এই চলচ্চিত্ৰখনত অভিনয় কৰিছে। ‘নায়কজনে আমাক হাঁহিবলৈ বাধ্য কৰাই, অলপ চকুপানী উলিয়ায় আৰু গভীৰ চিন্তাৰ উদ্ৰেক কৰি আমাক আশ্চৰ্যচকিত কৰি তোলে।’

আইএফএফআইৰ বিষয়ে

১৯৫২ চনত সূচনা হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন (এন এফ ডি চি) আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছচাইটি অৱ গোৱা (ই এছ জি)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা এই উৎসৱ এক আন্তৰ্জাতিক চিনেমাৰ শক্তি কেন্দ্ৰলৈ বিকশিত হৈছে-য'ত পূৰ্বৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহৰ সৈতে পৰীক্ষামূলক পদক্ষেপৰ সংমিশ্ৰণ হয়, য'ত কিংবদন্তি শিল্পীসকলৰ লগতে প্ৰথমবাৰৰ অংশগ্ৰহণকাৰীসকলেও নিসংকোচে স্থান লাভ কৰে। আই এফ এফ আইক সঁচাকৈয়ে উজ্জ্বল কৰি তোলা কথাটো হ’ল ইয়াৰ মণিকাঞ্চন সংযোগ-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, বিশেষজ্ঞসকলৰ অভিজ্ঞতা বিনিময়, শ্ৰদ্ধাঞ্জলি আৰু অত্যুৎসাহী ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই পাখি মেলে। নৱেম্বৰৰ পৰা গোৱাৰ অতুলনীয় উপকূলত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চমকপ্ৰদ বৰ্ণিল ক’লাজৰ প্ৰতিশ্ৰুতি দিয়ে- ই হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ এক গভীৰ উদযাপন।


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2194076   |   Visitor Counter: 3