গৃহ মন্ত্ৰালয়
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বাকী থকা বিষয়সমূহ নিষ্পত্তিৰ বাবে বিশেষ অভিযান ৫.০ সফলতাৰে সম্পন্ন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান আৰু চৰকাৰত অসম্পাদিত কাৰ্য্য হ্ৰাসৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ স্বচ্ছতাৰ প্ৰসাৰ, কাম-কাজক সুশৃংখলিতকৰণ, বিচাৰাধীন অভিযোগসমূহৰে মোকাবিলাৰ লক্ষ্যৰে এই অভিযান হাতত লোৱা হয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰা ফিল্ড আৰু আউটষ্টেচন কাৰ্য্যালয়সমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়
সাংসদসকলৰ (MP) ১১৯ উদ্ধৃতি, ৰাজ্য চৰকাৰৰ ১৯৯ উদ্ধৃতি, ৩,৯৭৭ টা ৰাজহুৱা অভিযোগ আৰু ৭১৮ আপীলৰ উত্তৰ দিয়া হৈছে
১৯৪,৫২২ টা ফিজিকেল ফাইল আৰু ৬৫,৯৯৭ টা ইলেক্ট্ৰনিক ফাইল পৰ্য্যালোচনা কৰা হৈছে। স্ক্ৰেপ নিষ্পত্তিৰ জৰিয়তে ৯৫,১৮৬ বৰ্গফুট স্থান মুক্ত, ৩.৪৫ কোটিৰো অধিক টকা আহৰণ কৰা হৈছে
সৰ্বোচ্চ পৰ্য্যায়ত এই অভিযানক গভীৰভাৱে নিৰীক্ষণ কৰা হৈছিল, গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ইয়াৰ কাৰ্য্যকৰীকৰণ আৰু অগ্ৰগতি পৰ্য্যালোচনা কাৰ্য্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে
মন্ত্ৰালয়ৰ সকলো বিভাগ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু অধীনস্থ সংস্থাসমূহে উৎসাহেৰে এই অভিযানত অংশগ্ৰহণ কৰে
Posted On:
15 NOV 2025 1:29PM by PIB Guwahati
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বাকী থকা বিষয়সমূহ নিষ্পত্তিৰ বাবে বিশেষ অভিযান ৫.০ সফলতাৰে সম্পন্ন কৰে। ২ অক্টোবৰত এই অভিযান আৰম্ভ হৈছিল আৰু ৩১ অক্টোবৰত ইয়াৰ অন্ত পৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান আৰু চৰকাৰত অসম্পাদিত কাৰ্য্য হ্ৰাসৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ স্বচ্ছতাৰ প্ৰসাৰ, কাম-কাজক সুশৃংখলিতকৰণ, বিচাৰাধীন অভিযোগসমূহৰে মোকাবিলাৰ লক্ষ্যৰে এই অভিযান হাতত লোৱা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰা ফিল্ড আৰু আউটষ্টেচন কাৰ্য্যালয়সমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।
প্ৰথম অৱস্থাত স্বচ্ছতা অভিযানৰ বাবে ৪,১৮৭ টা স্থান চিনাক্ত কৰা হৈছিল, পিছলৈ এয়া ৭,৬৭৮ লৈ বৃদ্ধি পায়। সাংসদসকলৰ (MP) ১১৯ উদ্ধৃতি, ৰাজ্য চৰকাৰৰ ১৯৯ উদ্ধৃতি, ৩,৯৭৭ টা ৰাজহুৱা অভিযোগ আৰু ৭১৮ আপীলৰ উত্তৰ দিয়া হৈছে।

এমাহজোৰা বিশেষ অভিযানৰ সময়ছোৱাত ১৯৪,৫২২ টা ফিজিকেল ফাইল আৰু ৬৫,৯৯৭ টা ইলেক্ট্ৰনিক ফাইল পৰ্য্যালোচনা কৰা হৈছে। স্ক্ৰেপ নিষ্পত্তিৰ জৰিয়তে ৯৫,১৮৬ বৰ্গফুট স্থান মুক্ত, ৩.৪৫ কোটিৰো অধিক টকা আহৰণ কৰা হৈছে। সজাগতা সৃষ্টি আৰু মন্ত্ৰালয়ৰ কাৰ্য্যকলাপৰ প্ৰসাৰৰ বাবে এটি ছ’চিয়েল মিডিয়া অভিযানো হাতত লোৱা হয়।

সৰ্বোচ্চ পৰ্য্যায়ত এই অভিযানক গভীৰভাৱে নিৰীক্ষণ কৰা হৈছিল, গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ইয়াৰ কাৰ্য্যকৰীকৰণ আৰু অগ্ৰগতি পৰ্য্যালোচনা কাৰ্য্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ৰ (MHA) সকলো বিভাগ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু অধীনস্থ সংস্থাসমূহে উৎসাহেৰে এই অভিযানত অংশগ্ৰহণ কৰে। প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে যুগুত কৰা এছচিপিডিএম পৰ্টেলত দৈনিক অগ্ৰগতি সম্পৰ্কে আপডেট কৰা হৈছিল।
২০২৫-ৰ ১৫ ছেপ্টেম্বৰৰ পৰা প্ৰস্তুতিমূলক পৰ্য্যায়ৰ জৰিয়তে এই অভিযান আৰম্ভ হৈছিল, তাৰ পিছত ২০২৫-ৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈকে কাৰ্য্যকৰী পৰ্য্যায়ত সমগ্ৰ মন্ত্ৰালয় আৰু ইয়াৰ সংলগ্ন/অধীনস্থ কাৰ্য্যালয়সমূহত সমগ্ৰ দেশজুৰি এই অভিযান ৰূপায়ণ কৰা হৈছিল।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দক্ষ সেৱা প্ৰদান, জবাবদিহিতা আৰু ইতিবাচক কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপেৰে বিশেষ অভিযান ৫.০-ৰ গতি অক্ষুণ্ণ ৰখাৰ অংগীকাৰ পুনৰ দৃঢ় কৰে। চিএপিএফ-সমূহৰ সক্ৰিয় অংশগ্ৰহণ কাৰ্য্যই ইয়াত এক অনন্য মাত্ৰাৰ সংযোজন ঘটায়, যিয়ে অভিযানৰ সফলতাৰ প্ৰতি মন্ত্ৰালয়ৰ নিষ্ঠাৰ মনোভাৱকে প্ৰতিফলিত কৰে।
এই পদক্ষেপে কেৱল পৰিষ্কাৰ, অধিক সংগঠিত কৰ্মক্ষেত্ৰ সৃষ্টিয়েই নহয়, বৰঞ্চ সমগ্ৰ মন্ত্ৰালয় আৰু ইয়াৰ ক্ষেত্ৰ কাৰ্য্যালয়সমূহত দায়িত্বশীলতা, স্বচ্ছতা আৰু ফলপ্ৰসূ সেৱা প্ৰদানৰ সংস্কৃতিও গঢ়ি তোলে।
*****
RK/RR/KSS/PKS/PS/PR/SB
(Release ID: 2190391)
Visitor Counter : 3