প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে
প্ৰধানমন্ত্ৰীয়ে ১৫০ সংখ্যক জয়ন্তীত ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জনায়
Posted On:
15 NOV 2025 8:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে ঝাৰখণ্ড হৈছে স্পন্দনশীল জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ এক গৌৰৱময় ভূমি। ভগৱান বীৰছা মুণ্ডাৰ উত্তৰাধিকাৰক স্মৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ ভূমিৰ ইতিহাস সাহসিকতা, সংগ্ৰাম আৰু মৰ্য্যাদাৰ প্ৰেৰণাদায়ক কাহিনীৰে পৰিপূৰ্ণ।
প্ৰধানমন্ত্ৰীয়ে লগতে এই বিশেষ উপলক্ষত ৰাজ্যখনৰ সকলো পৰিয়ালৰে নিৰন্তৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫০ সংখ্যক জয়ন্তী উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে জনজাতীয় গৌৰৱ দিৱসৰ পবিত্ৰ উপলক্ষত মাতৃভূমিৰ সন্মান আৰু মৰ্য্যাদা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানক সমগ্ৰ ৰাষ্ট্ৰই কৃতজ্ঞতাৰে স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে ভগৱান বীৰছা মুণ্ডাৰ সংগ্ৰাম আৰু ত্যাগৰ গাথাই আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
“জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ গৌৰৱময় ৰাজ্য ঝাৰখণ্ডৰ সমূহ জনসাধাৰণলৈ প্ৰতিষ্ঠা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান বীৰছা মুণ্ডাৰ এই ভূমিৰ ইতিহাস সাহসিকতা, সংগ্ৰাম আৰু স্বাভিমানৰ কাহিনীৰে পৰিপূৰ্ণ। এই বিশেষ উপলক্ষত মই ৰাজ্যখনৰ সকলো পৰিয়ালৰে প্ৰগতি আৰু সমৃদ্ধিৰ কামনা কৰিলোঁ।”
“দেশৰ মহান স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডা দেৱৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জনজাতীয় গৌৰৱ দিৱসৰ এই শুভ উপলক্ষত আমাৰ মাতৃভূমিৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানক সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধাৰে স্মৰণ কৰে। বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু ত্যাগৰ গাথাই আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।”
***
MJPS/ST/SB
(Release ID: 2190390)
Visitor Counter : 5