ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্বৰ শীৰ্ষ দহখন সমবায়ৰ ভিতৰত প্ৰথম দুটা স্থান দখল কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আমুল আৰু ইফকো(IFFCO)ক অভিনন্দন জনাইছে

ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত

আমুলৰ সৈতে জড়িত লাখ লাখ মহিলা আৰু ইফকোলৈ বৰঙণি আগবঢ়োৱা কৃষকৰ অক্লান্ত নিষ্ঠাৰ প্ৰতি এয়া এক সন্মান

এয়া প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী জীয়ে সৱলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ বিশ্বব্যাপী আৰ্হিলৈ ৰূপান্তৰিত কৰা সমবায়সমূহৰ সীমাহীন সম্ভাৱনাৰ প্ৰমাণ

प्रविष्टि तिथि: 04 NOV 2025 10:26PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে বিশ্বৰ শীৰ্ষ দহটা সমবায়ৰ ভিতৰত প্ৰথম দুটা স্থান দখল কৰাৰ বাবে অমুল আৰু ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ সমবায় লিমিটেড(IFFCO)ক অভিনন্দন জনাইছে।

এক্সৰ  এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয়, ‘ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!বিশ্বৰ শীৰ্ষ দহখন সমবায়ৰ ভিতৰত প্ৰথম দুটা স্থান দখল কৰাৰ বাবে অমুল আৰু ইফকোলৈ আন্তৰিক অভিনন্দন জনাইছো।  সমবায়সমূহৰ সম্ভাৱনা, যাক  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সৱলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ বিশ্বব্যাপী আৰ্হিলৈ ৰূপান্তৰিত কৰিছে।”

***

RK/RR/PS/PR/DM


(रिलीज़ आईडी: 2186618) आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu