প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ জয়পুৰত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 03 NOV 2025 5:15PM by PIB Guwahati

ৰাজস্থানৰ জয়পুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাওৱাসকলৰ বাবে  গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা সাহায্যও ঘোষণা কৰে। প্ৰতিগৰাকী  মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ'ব ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে  পোষ্ট  কৰিছে;

‘ৰাজস্থানৰ জয়পুৰত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাওৱা সকলৰ বাবে মৰ্মাহত হৈছো। মোৰ ভাবনা তেওঁলোকৰ সৈতে  আছে  যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে ।আহতসকলে সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো।

পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিগৰাকী  মৃতকৰ ওচৰৰ আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব। প্ৰধানমন্ত্ৰী @narendramodi”

****

MJPS/ST/DM


(रिलीज़ आईडी: 2186065) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam