গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নেপালী নাগৰিকক ভ্ৰমণৰ অনুমতি নিদিয়াৰ ক্ষেত্ৰত ভাৰতীয় ইমিগ্ৰেচন কৰ্তৃপক্ষৰ কোনো ভূমিকা নাই

प्रविष्टि तिथि: 01 NOV 2025 6:29PM by PIB Guwahati

খবৰ আহিছে যে বাৰ্লিনলৈ যোৱা নেপালৰ নাগৰিক শ্ৰীমতী শম্ভৱ অধিকাৰীক দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰখাই তেওঁক  কাঠমাণ্ডুলৈ ঘূৰাই পঠিওৱা হৈছিল। ঘটনাটোক নেপালী নাগৰিকৰ প্ৰতি পক্ষপাতিত্ব / বৈষম্যমূলক  বুলি ভুলকৈ চিত্ৰিত কৰা হৈছে।

এয়া  স্পষ্ট কৰা হৈছে  যে এই সমগ্ৰ ঘটনাটোত  ভাৰতীয় ইমিগ্ৰেচন কৰ্তৃপক্ষৰ কোনো ভূমিকা নাই। উক্ত যাত্ৰীগৰাকী কাঠমাণ্ডুৰ পৰা এয়াৰ ইণ্ডিয়াৰে আহি দিল্লী হৈ যাত্ৰা  কৰি আছিল। কাটাৰ এয়াৰৱেজৰ সংযোগী বিমানত উঠি থকাৰ সময়তে তেওঁক ৰখাই দিয়া হৈছিল। ভিছাৰ বৈধতা বিবেচনা কৰি জাৰ্মানীলৈ আগন্তুক যাত্ৰা কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল আৰু তেওঁ কাঠমাণ্ডুলৈ উৰা মাৰিছিল। সাধাৰণতে গন্তব্য দেশৰ নিয়ম / প্ৰয়োজনীয়তা অনুসৰি এই কাম কৰা হয়। তাৰ পিছত তেওঁ  ভ্ৰমণৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰি পিছত কাঠমাণ্ডুৰ পৰা আন এটা পথৰে   যাত্ৰা কৰে।

আন্তঃৰাষ্ট্ৰীয় ট্ৰেনজিট যাত্ৰীসকলে তেওঁলোকৰ আগন্তুক যাত্ৰাৰ বাবে ইণ্ডিয়ান ইমিগ্ৰেচনৰ কাষ চাপিব নালাগে আৰু এয়া  বিমান সংস্থা আৰু যাত্ৰীজনৰ মাজৰ বিষয়,  ইয়াত ভাৰতীয় ইমিগ্ৰেচন কৰ্তৃপক্ষৰ একেবাৰেই কোনো ভূমিকা নাই।

ভাৰতে নেপালৰ সৈতে থকা শক্তিশালী সম্পৰ্কক মূল্য দিয়ে আৰু কোনো ভাৰতীয় কৰ্তৃপক্ষই নেপালৰ নাগৰিকৰ প্ৰতি কোনো ধৰণৰ পক্ষপাতিত্ব বা বৈষম্যমূলক ব্যৱহাৰ  নকৰে ।

*****

RK / RR / PS/DM


(रिलीज़ आईडी: 2185592) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Malayalam