প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্যপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 NOV 2025 9:33AM by PIB Guwahati
মধ্য প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বাসিন্দাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে গৌৰৱময় ইতিহাস আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে পৰিচিত মধ্যপ্ৰদেশে আজি নিজৰ ৰাজ্যখনৰ জনসাধাৰণৰ আকাংক্ষাক আগস্থানত ৰাখি প্ৰতিটো ক্ষেত্ৰতে দ্ৰুত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ আস্থা প্ৰকাশ কৰে যে মধ্যপ্ৰদেশৰ জনসাধাৰণৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমে এখন বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাত বিশেষ ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে কয়;
"ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত নিজৰ গৌৰৱময় ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যক লালন-পালন কৰা মধ্যপ্ৰদেশবাসী মোৰ পৰিয়ালৰ সকলো সদস্যলৈ বহুত অভিনন্দন। দেশৰ হৃদয়ত নিহিত হৈ থকা আমাৰ ৰাজ্যখনে আজি প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতিক ত্বৰান্বিত কৰিছে, নিজৰ জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিছে। মই নিশ্চিত যে ইয়াৰ প্ৰতিভাৱান আৰু কঠোৰ পৰিশ্ৰমী লোকসকলে এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত বিশেষ ভূমিকা পালন কৰিব।"
******
MJPS/ST/DM
(रिलीज़ आईडी: 2185223)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam