প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মাননীয় ছানে তাকাইচিক অভিনন্দন জনায়; ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা

পোষ্ট কৰা হৈছে: 29 OCT 2025 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মাননীয় ছানে তাকাইচিৰ সৈতে বাৰ্তালাপ কৰে।

শ্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী তাকাইচিক অভিনন্দন জনায় আৰু তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই অৰ্থনৈতিক নিৰাপত্তা, প্ৰতিৰক্ষা সহযোগিতা আৰু প্ৰতিভাৰ গতিশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দি ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ অংশীদাৰী দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰে।

নেতাদ্বয়ে বিশ্ব শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে ভাৰত-জাপানৰ মাজৰ শক্তিশালী সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইচিৰ সৈতে আন্তৰিকতাৰে বাৰ্তালাপ কৰিলো। কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে তেওঁক অভিনন্দন জনালো আৰু অৰ্থনৈতিক নিৰাপত্তা, প্ৰতিৰক্ষা সহযোগিতা তথা প্ৰতিভাৰ গতিশীলতাৰ ওপৰত গুৰুত্ব দি ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে আমাৰ অংশীদাৰী দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰো। বিশ্ব শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে ভাৰত-জাপানৰ মাজত শক্তিশালী সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি আমি একমত হওঁ।

@takaichi_sanae’

***

MJPS/ST/MK


(ৰিলিজ আই ডি : 2183755) অতিথি কক্ষ : 31