খনি মন্ত্ৰালয়
azadi ka amrit mahotsav

খনি মন্ত্ৰালয়ৰ ৰাজ্যিক খনি প্ৰস্তুতি সূচক আৰু ৰাজ্যিক ৰেংকিং প্ৰকাশ

ৰাজ্যিক পৰ্যায়ত খনি খণ্ডৰ সংস্কাৰক উৎসাহিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ

प्रविष्टि तिथि: 16 OCT 2025 11:16AM by PIB Guwahati

   খনি মন্ত্ৰালয়ে ৰাজ্যিক খনন প্ৰস্তুতি সূচক (এছ. এম. আৰ. আই.) আৰু ৰাজ্যিক ৰেংকিং প্ৰকাশ কৰিছে। এয়া হৈছে ৰাজ্যসমূহত খনন খণ্ডৰ সংস্কাৰক উৎসাহিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ অধীনত কৰা ঘোষণা  অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সূচকৰ গাঁথনিত নিলামৰ সবিশেষ, প্ৰাৰম্ভিক খনি কাৰ্য্যকৰীকৰণ, অন্বেষণৰ ওপৰত গুৰুত্ব তথা অ-কয়লা খনিজ সম্পৰ্কীয় বহনক্ষম খননৰ দৰে সূচক অন্তৰ্ভুক্ত হৈ আছে। এইসমূহ খনন খণ্ডত ৰাজ্যৰ প্ৰদৰ্শন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাৰ বাবে প্ৰাসংগিক।

এছ. এম. আৰ. আই.-ৰ অধীনত খনিজ সম্পদৰ ভিত্তিত ৰাজ্যসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। শ্ৰেণীত শীৰ্ষ তিনিটা স্থানপ্ৰাপ্ত ৰাজ্যসমূহ হৈছে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট। আনহাতে বি শ্ৰেণীত শীৰ্ষ তিনিটা স্থানত আছে গোৱা, উত্তৰ প্ৰদেশ আৰু অসম। চি শ্ৰেণীত পঞ্জাৱ, উত্তৰাখণ্ড আৰু ত্ৰিপুৰাই শীৰ্ষ তিনিটা স্থান লাভ কৰিছে।

****

Shuhaib T / Durgesh Kumar/DD


(रिलीज़ आईडी: 2179840) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil