গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গোৱা ৰাজ্য চৰকাৰৰ ‘মহাজে ঘৰ যোজনা’ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংস্কাৰৰ বাবে আমাৰ চৰকাৰৰ সুদক্ষ প্ৰশাসন, সংবেদনশীল শাসন ব্যৱস্থা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ 'মহাজে ঘৰ যোজনা'

প্ৰায় ১১ ধৰণৰ আইনী বিবাদত জড়িত লাখ লাখ গোৱাৰ নাগৰিকক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰাটো সবলীকৰণৰ এক উল্লেখযোগ্য প্ৰতীক

গোৱাৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটোৱে একক আইন প্ৰণয়ন কৰি গৃহ নিৰ্মাণৰ সকলো সমস্যা সমাধান কৰিছে, যাৰ ফলত গোৱাৰ আধা সংখ্যক জনসংখ্যা উপকৃত হৈছে

আজি এই অনুষ্ঠানৰ জৰিয়তে গোৱা চৰকাৰে ১০ লাখ লোকক ঘৰৰ মালিক হ’বলৈ সক্ষম কৰি তুলিছে

আজি ২,৪৫২ কোটি টকাৰ ২১টা উন্নয়ন প্ৰকল্প উদ্বোধন কৰা হয় আৰু আধাৰশিলা স্থাপন কৰা হয়, যিয়ে গোৱাৰ উন্নয়নত এক উল্লেখযোগ্য গতি দিব
প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও গোৱাত যি গতিত সমস্যা সমাধান হৈছে, তাৰ লগে লগে ই প্ৰথমখন সম্পূৰ্ণ উন্নত ৰাজ্য হিচাপে পৰিগণিত হ’ব

গোৱা ভাৰত মাতাৰ কপালত ফোঁটৰ দৰে আৰু ইয়াৰ উন্নয়নে আন বহু ৰাজ্যক অগ্ৰগতিৰ বাবে অনুপ্ৰাণিত কৰিব

এই দীপাৱলীত আহক আমি সকলোৱে বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে স্বদেশী সামগ্ৰী গ্ৰহণ কৰাৰ সংক

Posted On: 04 OCT 2025 9:43PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গোৱা ৰাজ্য চৰকাৰৰ ‘মহাজে ঘৰ যোজনা’ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

IMG_1015.JPG

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আজি আৰম্ভ হোৱা ‘মহাজে ঘৰ যোজনা’ কেৱল চৰকাৰী আঁচনি নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক সক্ষম প্ৰশাসন আৰু এখন সংবেদনশীল চৰকাৰৰ নেতৃত্বত সংস্কাৰৰ বাবে কৰা প্ৰচেষ্টাৰ প্ৰতিফলন । তেওঁ কয় যে  ঘৰৰ মালিকীস্বত্বৰ অধিকাৰ গোৱাৰ লাখ লাখ নাগৰিকক প্ৰদান কৰাটো—যিসকল প্ৰায় ১১টা ভিন্ন ধৰণৰ আইনী জটিলতাৰ মাজত জড়িত হৈ পৰিছিল—সৱলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ। তেওঁ লগতে কয় যে ড০ প্ৰমোদ সাৱন্ত আৰু তেওঁৰ দলটোৱে একক আইন প্ৰণয়নৰ জৰিয়তে সকলো ধৰণৰ বিজুতি দূৰ কৰি গোৱাৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যক লোকক উপকৃত কৰিছে। শ্ৰী শ্বাহে লগতে কয় যে গোৱাৰ চৰকাৰে তিনিদিনৰ ভিতৰত ঘৰ মেৰামতিৰ অনুমতি নিশ্চিত কৰিছে আৰু লগতে বিদ্যুৎ তথা পানী যোগানৰ নিশ্চয়তা দিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ সকলো ৰাজ্যকে জনসাধাৰণৰ সমস্যা বুজিবলৈ, তেওঁলোকৰ যন্ত্ৰণা অনুভৱ কৰিবলৈ, তেওঁলোকৰ সমস্যাৰ আইনী সমাধান বিচাৰিবলৈ আৰু প্ৰয়োজন হ’লে নতুন আইন আনি মানুহক তেওঁলোকৰ উচিত প্ৰাপ্য  প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমগ্ৰ দেশৰ আমাৰ সকলো চৰকাৰে এই দিশত কাম কৰি আছে, আৰু ফলস্বৰূপে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত এতিয়া  দেশৰ  ৬০ কোটি দৰিদ্ৰ নাগৰিকে জীৱনৰ সকলো অত্যাৱশ্যকীয় সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৬০ কোটি দৰিদ্ৰ লোকৰ জীৱনলৈ পোহৰ আৰু আশা কঢ়িয়াই আনিছে।

IMG_1006.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি এই কাৰ্যসূচীৰ জৰিয়তে আইনী জটিলতাত জড়িত ১০ লাখ নাগৰিকক ঘৰৰ মালিকীস্বত্ব প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে ইয়াৰ সমান্তৰালকৈ ২,৪৫২ কোটি টকাৰ ২১টা উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা গোৱাৰ উন্নয়নে এক বৃহৎ গতি  লাভ কৰিছে আৰু এই সকলো পদক্ষেপে সমৃদ্ধিশালী তথা উন্নত গোৱা গঢ়ি তোলাত অৰিহণা যোগাব।CR5_1781.JPG

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত গোৱাৰ জনমূৰি আয় আছিল ১,১২,০৭৩ টকা, যিটো ২০২৩–২৪ চনত ৩,৫৭,০০০ টকালৈ বৃদ্ধি পাইছে। তেওঁ কয় যে বহু বছৰ ধৰি আমাৰ জনজাতীয় ভাই-ভনীসকলে সংৰক্ষণৰ সুবিধা লাভ কৰা নাছিল, কিন্তু এতিয়া তেওঁলোকক বিধানসভাত সংৰক্ষিত আসনৰ জৰিয়তে প্ৰতিনিধিত্ব কৰা হ’ব। তেওঁ লগতে কয় যে ২০২৫ চনৰ ৫ আগষ্টত ভাৰতৰ সংসদে এই সন্দৰ্ভত এখন আইন গৃহীত কৰে। তেওঁ কয় যে বিৰোধী দলে গোৱাক সৰু ৰাজ্য বুলি কয়, কিন্তু ৰাজ্য এখন সৰুৱেই হওক বা ডাঙৰেই হওক ইয়াৰ প্ৰতিজন নাগৰিক ভাৰতীয়। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত “বিকশিত ভাৰত”ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, কিন্তু যি গতিৰে গোৱাত সমস্যা সমাধান হৈছে, সেই গতিয়ে  গোৱাক  প্ৰথমখন সম্পূৰ্ণ উন্নত ৰাজ্য হিচাপে পৰিগণিত কৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰাকীয়ে  কয় যে কেৱল গোৱাই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে নৱৰাত্ৰিৰ প্ৰথম দিনটোতে সমগ্ৰ দেশৰ মহিলাসকলক উপহাৰ দিছে, দৈনন্দিন অত্যাৱশ্যকীয় ৩৯৫ বিধ সামগ্ৰীৰ জি এছ টি এক তৃতীয়াংশতকৈও কমলৈ হ্ৰাস কৰি, যাৰ ফলত ভাৰতৰ জনসাধাৰণ বহুখিনি উপকৃত হৈছে। তেওঁ কয় যে স্বাধীনতাৰ পিছৰে পৰা কোনো চৰকাৰে ইমান বৃহৎ কৰ হ্ৰাস কৰা নাই। তেওঁ লগতে কয় যে এই দীপাৱলীত আমি সকলোৱে প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব  লাগিব যে আমি কোনো বিদেশত নিৰ্মিত সামগ্ৰী আমাৰ ঘৰত ব্যৱহাৰ নকৰো। শ্ৰী শ্বাহে কয় যে দেশৰ ১৪০ কোটি নাগৰিকে যদি কেৱল স্বদেশী সামগ্ৰী ক্ৰয় কৰি ব্যৱহাৰ কৰে তেন্তে ভাৰত অতি সোনকালে সঁচা অৰ্থত এক মহান দেশ হিচাপে পৰিগণিত হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে ১২ লাখ টকা  পৰ্যন্ত আয়কৰ ওপৰত আয়কৰ প্ৰত্যাহাৰ  কৰিছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনত ২.৫ লাখ টকা  পৰ্যন্ত আয় কৰমুক্ত আছিল আৰু মোদী চৰকাৰৰ যোৱা ১১ বছৰত এই সীমা ১২ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে আয়কৰ ৰেহাই আৰু জি এছ টি হ্ৰাসৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ মহিলাসকলৰ ক্ৰয় ক্ষমতা শক্তিশালী কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অনাগত বছৰবোৰত গোৱাক ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত আমি সকলোৱে কাম কৰিব লাগিব।তেওঁ লগতে কয় যে গোৱা ভাৰত মাতাৰ কপালত ফোঁটৰ দৰে আৰু গোৱাৰ উন্নয়নে আন বহু ৰাজ্যকো একে প্ৰগতিৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

 

 RK/VV/PR/PS/DM


(Release ID: 2175177) Visitor Counter : 5