পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
azadi ka amrit mahotsav

এন এইচ এ আয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প নিৰ্দিষ্ট তথ্যৰ সৈতে কিউ আৰ কোড ছাইন ব" ৰ্ড স্থাপন কৰিব

प्रविष्टि तिथि: 03 OCT 2025 1:48PM by PIB Guwahati

স্বচ্ছতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক 'যাতায়াতৰ সহজতা' প্ৰদান কৰিবলৈ এন এইচ এ আয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰীসকলক প্ৰাসংগিক প্ৰকল্পৰ নিৰ্দিষ্ট তথ্য আৰু জৰুৰীকালীন হেল্পলাইন নম্বৰ প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 'কুইক ৰেছপন্স (কিউ আৰ) কোড' ৰ সৈতে প্ৰকল্প তথ্য সংকেত ফলক স্থাপন কৰিব।

উলম্ব কিউ. আৰ. োড ছাইন ব"ৰ্ডসমূহে ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ, ঘাইপথৰ শৃংখলা, প্ৰকল্পৰ দৈৰ্ঘ্য, নিৰ্মাণ/ৰক্ষণাবেক্ষণৰ সময়সীমা, ঘাইপথ পেট্ৰ"লৰ বাবে যোগাযোগ নম্বৰ, টোল মেনেজাৰ, প্ৰকল্প মেনেজাৰ, ৰেচিডেণ্ট ইঞ্জিনিয়াৰ, জৰুৰীকালীন হেল্পলাইন ১০৩৩, এন. এইচ. . আই. আঞ্চলিক কাৰ্যালয়ৰ লগতে চিকিৎসালয়, পেট্ৰ"ল পাম্প, শৌচাগাৰ, আৰক্ষী ষ্টেচন, ৰেষ্টুৰেণ্ট, টোল প্লাজালৈ দূৰত্ব, ট্ৰাক লে-বাই, পাঞ্চাৰ মেৰামতিৰ দোকান আৰু বাহন ছাৰ্ভিছ ষ্টেচন/-চাৰ্জিং ষ্টেচন আদিৰ দৰে নিৰ্দিষ্ট সুবিধাসমূহৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰিব।

দৃশ্যমানতা বৃদ্ধিৰ বাবে, ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ বাবে পথৰ কাষৰ সুবিধা, বিশ্ৰাম ক্ষেত্ৰ, টোল প্লাজা, ট্ৰাক লে-বাই, হাইৱে ষ্টাৰ্ট/এণ্ড পইণ্ট, আৰু সংকেতৰ ওচৰত 'কিউ আৰ কোড' ছাইন ব' ৰ্ড স্থাপন কৰা হ'ব।

ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে নিৰ্দিষ্ট তথ্য প্ৰদান কৰা আৰু স্বচ্ছতা বৃদ্ধি কৰাৰ উপৰি, কিউ আৰ কোড ছাইন ব"ৰ্ডে কেৱল জৰুৰীকালীন আৰু স্থানীয় তথ্যৰ উন্নত প্ৰৱেশাধিকাৰৰ জৰিয়তে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰাই নহয় বৰঞ্চ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু সজাগতা উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

***

SR/GDH/DS/KD


(रिलीज़ आईडी: 2174506) आगंतुक पटल : 46
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Bengali-TR , Urdu , हिन्दी , Tamil , Malayalam