গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গুজৰাটৰ ৰাজধানী গান্ধীনগৰ জিলাৰ কালোল পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে, যাৰ মুঠ ব্যয় ১৪৪ কোটি টকা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশা কৰিছে যে দেশৰ নাগৰিকে বিশেষকৈ মাতৃ-ভগ্নীসকলে নিজৰ দৈনন্দিন ব্যৱহাৰত স্বদেশী সামগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব

স্বদেশী সামগ্ৰী গ্ৰহণ কৰিলে দেশত অসংখ্য ব্যৱসায়িক সুযোগৰ সৃষ্টি হ’ব আৰু আমাৰ অৰ্থনীতি দ্ৰুতগতিত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিত পৰিণত হ’ব

২০২৯ চনৰ ভিতৰত গ্ৰামাঞ্চল আৰু চহৰৰ মাজত সঠিক সমন্বয়ৰে কালোলক আদৰ্শ বিধানসভা সমষ্টি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে

ভাৰত চৰকাৰে নিৰ্মাণ কৰি থকা ৩৫০খন বিছনাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে অঞ্চলটোৰ জনসাধাৰণক উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব

Posted On: 23 SEP 2025 7:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত কালোল পৌৰসভাৰ মুঠ ১৪৪ কোটি টকা ব্যয় সাপেক্ষে হাতত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

অনুষ্ঠানত ভাষণ আগবঢ়াই  কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে বিগত পাঁচ-ছয় বছৰত কালোলে অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে। আগন্তুক ১০ বছৰত কালোলৰ উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে। ইতিমধ্যে ইয়াত কেইবাটাও উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে। প্ৰায় ৫৩ কোটি টকাৰ পাঁচখন আঁচনি উদ্বোধন কৰা হৈছে, য’ত ৩৫ কোটি টকাৰ পানী পৰিশোধন প্ৰকল্প, ১১ কোটি টকাৰে জ্যোতেশ্বৰ হ্ৰদ নিৰ্মাণ  আৰু নৈশ আশ্ৰয় শিবিৰ আদি আছে। ইয়াৰ উপৰি অনাময় সঁজুলি আৰু বিভিন্ন ব’ৰৱেল প্ৰকল্প সম্পূৰ্ণ কৰি  আজি  উচৰ্গা কৰা হৈছে। তদুপৰি স্বৰ্ণিম জয়ন্তী মুখ্যমন্ত্ৰী বিকাশ যোজনা আৰু এইউডিএ অনুদানৰ অধীনত ৯১  কোটি টকা মূল্যৰ আন কেইবাটাও প্ৰকল্প আৰম্ভ কৰা হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ সমন্বয়ৰ দ্বাৰা ২০২৯ চনৰ ভিতৰত কালোলক আৰ্হি বিধানসভা সমষ্টিলৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে।ভাৰত চৰকাৰে ইতিমধ্যে কালোলত অত্যাধুনিক সা-সুবিধাৰে ৩৫০খন বিছনাযুক্ত এখন বিশাল চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০২৭ চনৰ ভিতৰত চিকিৎসালয়খন উদ্বোধন হোৱাৰ পিছত কালোলৰ বাসিন্দাসকলে আৰু আন ঠাইলৈ স্বাস্থ্যসেৱাৰ বাবে  যাব নালাগিব। এই চিকিৎসালয়খনে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পি এইচ চি) আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি)ক সংযোগ কৰিব, য’ত সকলো চিকিৎসকে বহিঃৰোগীৰ বাবে  সেৱা আগবঢ়াব। এই চিকিৎসালয়খনত থাকিব বিশ্বমানৰ সা-সৰঞ্জাম আৰু শ্ৰেষ্ঠ চিকিৎসক। আহমেদাবাদৰ অসামৰিক চিকিৎসালয়তকৈও ভাল হ’ব চিকিৎসালয়খনৰ পেথ’লজী লেব। আয়ুষ্মান ভাৰত কাৰ্ড আৰু গুজৰাট চৰকাৰী কাৰ্ডৰ অধীনত এই চিকিৎসালয়ত ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা উপলব্ধ হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে জল জীৱন অভিযান, গেছ চিলিণ্ডাৰ বিতৰণ  আৰু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত  কালোলত প্ৰশংসনীয় কাম কৰা হৈছে। তেওঁ ঘোষণা কৰে যে জ্যোতিশ্বৰ পুখুৰীৰ ৰক্ষণাবেক্ষণৰ দিশটো এতিয়া ব্যক্তিগত কোম্পানীয়ে চম্ভালিব। পুখুৰীটোৰ চাৰিওফালে শিশুৰ খেলৰ আহিলা, নাওঁ চলোৱাৰ সুবিধা, বিশুদ্ধ খাদ্যৰ ষ্টল আদি স্থাপন কৰা হ’ব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খাদ্য সামগ্ৰীৰ জি এছ টি শূন্যলৈ আৰু কৃষকৰ সামগ্ৰীৰ ওপৰত কৰ আধাতকৈ অধিক হ্ৰাস কৰি জনসাধাৰণক যথেষ্ট সকাহ দিছে। স্কুটাৰ, মটৰ চাইকেল, গাড়ী আদি বাহনৰ ক্ষেত্ৰতো  কৰ হ্ৰাস কৰা হৈছে। কয়লাৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰা হৈছে, যাৰ ফলত বিদ্যুতৰ বিল হ্ৰাস পাব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ নাগৰিক, বিশেষকৈ মাতৃ-ভগ্নীসকলে কেৱল স্বদেশী  সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিব বুলি আশা কৰিছে। তেওঁ কয় যে যদি আমি স্বদেশী সামগ্ৰী গ্ৰহণ কৰো তেন্তে দেশত বহু ব্যৱসায়িক সুযোগৰ সৃষ্টি হ’ব আৰু আমাৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব।

 RK/VV/PS/PR/DM


(Release ID: 2170423)