প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উজ্জ্বলা পৰিয়ালৰ অংশীদাৰ সকলো মাতৃ-ভগ্নীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 22 SEP 2025 3:46PM by PIB Guwahati

উজ্জ্বলা পৰিয়ালত যোগদান কৰা সকলো মাতৃ-ভগ্নীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। "আমাৰ এই পদক্ষেপৰ জৰিয়তে কেৱল তেওঁলোকে এই পবিত্ৰ উৎসৱত নতুন আনন্দ অনুভৱ কৰাই নহয়, মহিলা সবলীকৰণৰ প্ৰতি আমাৰ দায়বদ্ধতায়ো অধিক শক্তি লাভ কৰিব", শ্ৰী মোদীয়ে কয়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ

"নৱৰাত্ৰিৰ শুভক্ষণত উজ্জ্বলা পৰিয়ালত যোগদান কৰা আমাৰ সকলো মাতৃ-ভগ্নীলৈ অশেষ অভিনন্দন আৰু শুভেচ্ছা! আমাৰ এই পদক্ষেপে কেৱল তেওঁলোকক এই পবিত্ৰ উৎসৱত নতুন সুখ কঢ়িয়াই অনাই নহয়, নাৰী সবলীকৰণৰ বাবে আমাৰ সংকল্পও শক্তিশালী কৰিব।"

***

MJPS/VJ/DD


(ৰিলিজ আই ডি : 2169840) অতিথি কক্ষ : 27