প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
19 SEP 2025 6:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব বুলি শ্ৰী মোদীয়ে কয়।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
"জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"
***
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2168654)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam