হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
১৭ ছেপ্টেম্বৰত আৰম্ভ হ’বলগীয়া স্বচ্ছতাই সেৱা, ২০২৫-ৰ বাবে ৰাষ্ট্ৰ সাজু হৈছে
এদিন এঘন্টা একেলগেঃ ২৫ ছেপ্টেম্বৰ, ২০২৫-ত ৰাষ্ট্ৰজোৰা স্বেচ্ছামূলক শ্ৰমদান
Posted On:
15 SEP 2025 5:26PM by PIB Guwahati
|
“উৎসৱৰ উৎসাহ-উদ্দীপনাৰ মাজতে আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাতো গুৰুত্ব আৰোপ কৰিব লাগে। কিয়নো স্বচ্ছতা অটুত থকা মাত্ৰেকে উৎসৱৰ আনন্দ বৃদ্ধি পায়!” – মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী – ১২৫ সংখ্যক খণ্ড, মন কী বাত, ৩১ আগষ্ট-২০২৫
|
স্বচ্ছ ভাৰত অভিযানৰ উদ্যোগত সমগ্ৰ ৰাষ্ট্ৰতে ৯ম সংস্কৰণ স্বচ্ছতাই সেৱা (SHS), ২০২৫-ৰ আয়োজন কৰা হৈছে। গভীৰ-প্ৰভাৱসম্পন্ন স্বচ্ছতা অভিযানৰ বাবে এক সামূহিক আহ্বান মৰ্মে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীলৈকে ১৫ দিনীয়া এই অভিযানৰ অধীনত সমগ্ৰ দেশৰ লক্ষ-লক্ষ লোক একত্ৰিত হ’ব। হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA) তথা জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগে (DDWS) যৌথভাৱে আয়োজন কৰা এই অভিযানৰ জৰিয়তে নাগৰিক, সমাজ আৰু প্ৰতিষ্ঠানসমূহক একত্ৰিতকৰণেৰে পৰিষ্কাৰ-পৰিচ্ছন্নতাক আগুৱাই নিয়া হ’ব।

এই অভিযান সম্পৰ্কে ব্যক্ত কৰি হাউছিং আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী মনোহৰ লালে যোৱা বৰ্ষৰ দৰেই এইবাৰো এই অভিযানৰ অধীনত স্বচ্ছতা লক্ষ্য ইউনিট (CTU)-ত গুৰুত্ব আৰোপৰ কথা উল্লেখ কৰে। ২০২৪-ত ৮ লাখৰো অধিক এনে চিটিইউ-ক ৰূপান্তৰিতকৰণেৰে ব্যৱহাৰযোগ্য ৰাজহুৱা স্থান হিচাপে গঢ়ি তোলা হৈছিল। তেওঁ কয়, "চিটিইউ-সমূহৰ চিনাক্তকৰণ, ৰূপান্তৰ আৰু সৌন্দৰ্য্যবৰ্ধন ফাষ্ট-ট্ৰেক-ম'ডত সম্পন্ন হ'ব। চহৰসমূহে চিটিইউ-সমূহ চিনাক্ত কৰিছে – এইসমূহ হৈছে অৱহেলিত অঞ্চল আৰু অত্যধিক আৱৰ্জনা থকা ঠাই।”


কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে দিল্লীৰ ভালছোৱা ডাম্পচাইটৰ ৰূপান্তৰ আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ কয়, "মই ২০২৫-ৰ ১৭ ছেপ্টেম্বৰত প্ৰশাসকসকলৰ সৈতে ভালছোৱা পৰিদৰ্শনেৰে আৱৰ্জনা সংগ্ৰহ আৰু নিষ্পত্তিকৰণ পৰিকল্পনা সম্পৰ্কে পৰ্য্যালোচনা কৰিম। সেইদিনাৰ পৰাই আমি চাফাই অভিযান আৰম্ভ কৰিম।"
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিআৰ পাটিলে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বচ্ছোৎসৱৰ বিষয়বস্তুৰ অধীনত এছএইচএছ, ২০২৫ হৈছে দায়িত্বৰ সৈতে উদযাপনৰ এক মিশ্ৰণ। ইয়াৰ অধীনত প্ৰতিখন গাঁও আৰু চহৰৰ মৰ্য্যাদা, স্বাস্থ্য আৰু বহনক্ষমতাত গুৰুত্ব আৰোপ কৰা হৈছে। এনে প্ৰচেষ্টা গ্ৰহণ কাৰ্য্য হৈছে বিকশিত ভাৰত, ২০৪৭-ৰ পূৰ্বচৰ্ত। সেয়েহে মই সৰ্ব-স্তৰৰ নাগৰিককে ২৫ ছেপ্টেম্বৰৰ দেশজোৰা শ্ৰমদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াত ভাৰতৰ আগন্তুক দিনৰ স্বচ্ছ, সুস্থ আৰু সেউজ সংকল্পৰ প্ৰতিফলন ঘটিব বুলি মই বিশ্বাসী। মন্ত্ৰীগৰাকীয়ে নৱসাৰীকে প্ৰমুখ্য কৰি চুৰাটৰ বাবে ৮–১০ কোটি টকাৰ এটি চাফাইমিত্ৰ সুৰক্ষা পুঁজিৰ কথাও ঘোষণা কৰে।
স্বচ্ছোৎসৱৰ ৫ টা মূল স্তম্ভ হৈছে (i) স্বচ্ছতা লক্ষ্য ইউনিট (CTU)-ৰ ৰূপান্তৰ – অ-স্বাস্থ্যকৰ, লেতেৰা আৰু অৱহেলিত ঠাইসমূহ নিৰ্মূল কৰা (ii) ৰাজহুৱা স্থানক পৰিষ্কাৰ কৰা - ৰাজহুৱা স্থানসমূহৰ সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতা কাৰ্য্যকলাপ (iii) চাফাইমিত্ৰ সুৰক্ষা শিৱিৰ - অনাময় কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা আৰু কল্যাণৰ বাবে একক উইণ্ড’ সেৱা (iv) স্বচ্ছ সেউজ উৎসৱ - পৰিবেশ অনুকূল আৰু শূন্য-আৱৰ্জনা নিশ্চিতকৰণ (v) স্বচ্ছতাৰ পোষকতা - ভাৰতৰ গ্ৰামাঞ্চলসমূহত অ'ডিএফ প্লাছ মডেল আৰু স্বচ্ছ সুজল গাঁও ঘোষণাৰ বাবে গ্ৰাম সভাত গুৰুত্ব আৰোপেৰে স্বচ্ছতাৰ বাৰ্তা প্ৰচাৰ কৰা।
স্বচ্ছতাই সেৱা, ২০২৫-ৰ অংশ হিচাপে ২০২৫-ৰ ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰজোৰা স্বেচ্ছামূলক শ্ৰমদান – “এদিন, এঘন্টা, একেলগে” অনুষ্ঠিত হ’ব। স্থানীয় পৰ্য্যায়ত চিটিইউ-ৰ ৰূপান্তৰ সম্পৰ্কীয় প্ৰচেষ্টা অব্যাহত আছে। নাগৰিক, ৰাজনৈতিক নেতৃত্ব, এছবিএম এম্বেছাদৰ, যুৱ গোট, এনজিঅ’, চিএছঅ’, অংশীদাৰ সংস্থাৰ প্ৰতিনিধি, ইনফ্লুয়েন্সাৰসকলে অন-গ্ৰাউণ্ড শ্ৰমদান আৰু প্লগিং ড্ৰাইভত অংশগ্ৰহণ কৰিব। শিৱিৰৰ সময়ত মিছনলৈ আগবঢ়োৱা অৱদানক স্বীকাৰেৰে স্থানীয় অনাময় কৰ্মীসকলক সম্বৰ্ধনাও জনোৱা হ’ব।
প্ৰস্তুতিমূলক বৈঠকৰ অংশ হিচাপে ৩ ছেপ্টেম্বৰ, ২০২৫-ত হাউছিং আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ (MoHUA) মাননীয় মন্ত্ৰী আৰু খোৱাপানী-অনাময় বিভাগে (DDWS) আলোচনা কৰে। তাৰ পিছত ৯ ছেপ্টেম্বৰ, ২০২৫-ত পূৰ্বে-উল্লেখিত মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ অধ্যক্ষতাত সকলো ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে এখনি প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। একেদৰে ১০ ছেপ্টেম্বৰত সচিব কমিটিৰ বৈঠক অনিষ্ঠিত হয়। ইয়াত কেবিনেট সচিবে অধ্যক্ষতা কৰে। ১২ ছেপ্টেম্বৰত সকলো স্তৰৰ (ৰাজ্য, জিলা, স্থানীয় সংস্থা, মন্ত্ৰালয় আদি) সমন্বয় কমিটিৰ বৈঠক অনুষ্ঠিত হয়। তাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সকলো নডেল বিষয়া আৰু ক্ষেত্ৰ ইউনিটৰ সৈতে বৈঠক অনুষ্ঠিত হয়।
****
SK/SB
(Release ID: 2168336)
Visitor Counter : 17