প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অভিযন্তা দিৱসত ছাৰ এম. বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
15 SEP 2025 8:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে ভাৰতৰত্ন ছাৰ এম. বিশ্বেশ্বৰায়লৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ অগ্ৰণী অৱদানে ভাৰতৰ আধুনিক অভিযান্ত্ৰিক বাতাবৰণৰ ভেটি স্থাপন কৰিছিল।
আজি এক্স-ৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“আজি অভিযন্তা দিৱস উপলক্ষে মই ছাৰ এম. বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ প্ৰতিভাই ভাৰতৰ অভিযান্ত্ৰিক বাতাবৰণত এক অমোচনীয় চিন ৰাখি থৈ গৈছে। মই সকলো অভিযন্তাকে উষ্ম শুভেচ্ছা জনাইছোঁ। তেওঁলোকে স্বকীয় সৃষ্টিশীলতা আৰু দৃঢ়তাৰ জৰিয়তে উদ্ভাৱনক আগুৱাই নিছে আৰু ভিন্ন খণ্ডত কঠিন প্ৰত্যাহ্বানৰাজিৰ সৈতে মোকাবিলা কৰি আছে। আমাৰ অভিযন্তাসকলে এখনি বিকশিত ভাৰত গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2166666)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam