সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

সংস্কৃতি মন্ত্ৰালয়ে মুকলি কৰিব জ্ঞান ভাৰতম; পাণ্ডুলিপি ঐতিহ্যৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 SEP 2025 9:02PM by PIB Guwahati

সংস্কৃতি মন্ত্ৰালয়ে ভাৰতৰ পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজিং আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এক ঐতিহাসিক ৰাষ্ট্ৰীয় পদক্ষেপ 'জ্ঞান ভাৰতম' আৰম্ভ কৰিব। এই উপলক্ষে সাংস্কৃতিক মন্ত্ৰালয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ১১-১৩ ছেপ্টেম্বৰলৈ 'পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্ঞান গৰিমাৰ পুনৰ সন্ধান' সন্দৰ্ভত প্ৰথমবাৰৰ বাবে জ্ঞানভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে। এই সন্মিলনত দেশ-বিদেশৰ পণ্ডিত, বিশেষজ্ঞ, প্ৰতিষ্ঠান আৰু সাংস্কৃতিক ক্ষেত্ৰত আগ্ৰহী ব্যক্তিকে  ধৰি ১,১০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে একত্ৰিত হোৱাৰ সুযোগ পাবএই সন্মিলনৰ জৰিয়তে আলোচনাৰ বাবে এক সহযোগিতামূলক মঞ্চ সৃষ্টি হোৱাৰ লগতে বিশ্ববাসীৰ আগত ভাৰতৰ পাণ্ডুলিপিৰ ঐতিহ্য দাঙি ধৰা, সংৰক্ষণ তথা ডিজিটাইজিং কৰাৰ পথ প্ৰশস্ত ’ব ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক আগৰৱালে এই সন্দৰ্ভত সংবাদ মেলত বক্তব্য দাঙি ধৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত আয়োজিত সংবাদমেলত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীমতী মিতা প্ৰসাদ সৰভাই, আই জি এন চি এৰ সদস্য সচিব ড০ সচ্চিদানন্দ যোশী উপস্থিত থাকে।

 

ভাৰতৰ বিশাল পাণ্ডুলিপি সম্পদ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সমৰ্পিত ভৱিষ্যমুখী ৰাষ্ট্ৰীয় পদক্ষেপ হিচাপে 'জ্ঞানভাৰতম' আৰম্ভ কৰা হ 'ব। এই পদক্ষেপে দেশৰ সভ্যতাগত মূলৰ প্ৰতি বৰঙণি যোগোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীত উপনীত হোৱাৰ দিশত এক অগ্ৰগামী পদক্ষেপ হিচাপে পৰিগণিত হ বিকশিত ভাৰতৰ দৃষ্টিভংগীত দেশে ভৱিষ্যতৰ উদ্ভাৱনৰ সৈতে ইয়াৰ অতীতৰ জ্ঞানক একত্ৰিত কৰি প্ৰকৃত বিশ্বগুৰু হিচাপে আত্মপ্ৰকাশ কৰেএক বিস্তৃত পৰিকাঠামো হিচাপে প্ৰস্তুত কৰাৰ শৈলীৰেজ্ঞানভাৰতমপদক্ষেপে সংৰক্ষণ, ডিজিটেল মাধ্যমলৈ পৰিৱৰ্তন, বৃত্তি আৰু আন্তৰ্জাতিক উপলভ্যতাৰ সমন্বয়েৰে ভাৰতৰ পাণ্ডুলিপি ঐতিহ্যক পুনৰুজ্জীৱিত কৰিব।

 

এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰজোৰা পঞ্জীয়নৰ জৰিয়তে চিহ্নিতকৰণ আৰু তথ্যভুক্তিকৰণ, নষ্ট হব ধৰা গ্ৰন্থৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা চালিত আহিলা ব্যৱহাৰ কৰি বৃহৎ পৰিমাণৰ ডিজিটাইজেশ্যন তথা ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল সৃষ্টি কৰাইয়াৰ জৰিয়তে গৱেষণা, অনুবাদ আৰু বিৰল পাণ্ডুলিপি প্ৰকাশ, বিদ্বান আৰু সংৰক্ষকসকলৰ সক্ষমতা নিৰ্মাণ, ডিজিটেল মঞ্চসমূহৰ উন্নয়ন আৰু সামূহিক অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব। তদুপৰি, আন্তৰ্জাতিক অংশীদাৰিত্ব আৰু শিক্ষাৰ ক্ষেত্ৰত পাণ্ডুলিপি জ্ঞানৰ সমন্বয়ৰ জৰিয়তে গোলকীয় জ্ঞান বিনিময়ত ভাৰতৰ ভূমিকা শক্তিশালী

 

অনুষ্ঠানত জ্ঞানভাৰতমসন্দৰ্ভত দিয়া ভাষণত সাংস্কৃতিক সচিব শ্ৰী বিবেক আগৰৱালে কয় যে মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এই পদক্ষেপভাৰতৰ পাণ্ডুলিপিৰ ঐতিহ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবএই পদক্ষেপৰ অধীনত এক ৰাষ্ট্ৰজোৰা জৰীপ আৰু পাণ্ডুলিপিৰ পঞ্জীয়ন, ডিজিটেল ভাণ্ডাৰ সৃষ্টি আৰু এই সমূহত সংৰক্ষিত বিশাল জ্ঞান আহৰণ তথা প্ৰচাৰ কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ লগতে বিজ্ঞান আৰু ঔষধৰ পৰা আৰম্ভ কৰি সাহিত্য, ধৰ্ম আৰু আধ্যাত্মিকতাৰ দৰে বিষয়সমূহক সামৰি লোৱা হ'ব।

 

তেওঁ উল্লেখ কৰে যে ভৱিষ্যত প্ৰজন্মৰ বাবে পাণ্ডুলিপিসমূহ সংৰক্ষণ তথা এইসমূহৰ উপলব্ধতা সুনিশ্চিত কৰি পুথিভঁৰাল, ধৰ্মীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত সংৰক্ষণকে ধৰি অংশীদাৰসকলৰ ব্যাপক সহযোগিতাৰ জৰিয়তে 'জ্ঞান ভাৰতম' ৰূপায়ণ কৰা হ ' জ্ঞানভাৰতমআন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ উল্লেখ কৰে যে তিনিদিনীয়া এই সমাৱেশ পাণ্ডুলিপি পাঠোদ্ধাৰ, তথ্যভুক্তিকৰণ, ডিজিটাইজেশ্যন, সংৰক্ষণ আৰু আইনী ৰূপৰেখাৰ দৰে ক্ষেত্ৰসমূহত কাম কৰি থকা আঠটা গোটত ,১০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

 

প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী আগৰৱালে কয় যে জ্ঞানসেতু কৃত্ৰিম বুদ্ধিমত্তা উদ্ভাৱন প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে ৪০ৰো অধিক আগ্ৰহীয়ে আবেদন কৰিছে। নিৰ্বাচিত উদ্ভাৱনসমূহ সন্মিলনত প্ৰদৰ্শন কৰা তেওঁ লগতে কয় যে ১২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত অংশ লৈ কাৰ্যগোট সমূহৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ পাছত  সমবেত ৰাইজক সম্বোধন কৰিব। ১৩ ছেপ্টেম্বৰত ভাৰতৰ মাননীয় গৃহমন্ত্ৰীয়ে সামৰণি অধিৱেশনত অধ্যক্ষতা কৰিব

Click here for more details:-

***

Sunil Kumar Tiwari/DD


(Release ID: 2165863) Visitor Counter : 13