গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ সানন্দ বিধানসভা সমষ্টিত প্ৰায় ৬৬ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
ৰাধাকৃষ্ণণ জী নিৰ্বাচিত হোৱাৰ লগে লগে ভাৰতৰ সাংবিধানিক পদসমূহে দেশৰ ভৌগোলিক ঐক্যৰ বিজয়ৰ সূচনা কৰিছে
আজি দেশৰ সাংবিধানিক ক্ষেত্ৰসমূহত পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণৰ পৰা প্ৰতিনিধিত্ব আছে — ভাৰতৰ চাৰিওটা অঞ্চলৰ পৰা
২০২৯ চনৰ ভিতৰত সানন্দ বিধান সভা সমষ্টিৰ এখনো গাঁও মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ নাথাকিব
আগন্তুক সময়ত সানন্দই সমগ্ৰ গুজৰাটৰ ভিতৰতে ঔদ্যোগিকভাৱে আটাইতকৈ উন্নত তহচিল হিচাপে আত্মপ্ৰকাশ কৰিব
সানন্দত অৰ্ধপৰিবাহী গোটৰ কামো শীঘ্ৰে আৰম্ভ কৰা হ’ব
প্ৰধানমন্ত্ৰী মোদীৰ “এক পেড় মা কে নাম” অভিযানৰ অধীনত প্ৰতিখন গাঁও, বিদ্যালয়, আৰু পৌৰসভা এলেকাৰ খালী হৈ থকা স্থানত সৰ্বাধিক বৃক্ষৰোপণ কৰিব লাগে
গান্ধীনগৰ লোকসভা সমষ্টিয়ে সমগ্ৰ গুজৰাটৰ ভিতৰতে সৰ্বাধিক গছপুলি ৰোপনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে
Posted On:
10 SEP 2025 9:03PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ সানন্দ বিধানসভা সমষ্টিত প্ৰায় ৬৬ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
এই সম্পৰ্কীয় কাৰ্যসূচীত ভাষণ আগবঢ়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আন নিৰ্বাচনত হোৱাৰ দৰেই এন ডি এ (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট)ৰ প্ৰাৰ্থী শ্ৰী চি পি ৰাধাকৃষ্ণণে কালি অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে । শ্ৰী শ্বাহে উল্লেখ কৰে যে শ্ৰী ৰাধাকৃষ্ণণৰ নিৰ্বাচনৰ লগে লগে ভাৰতৰ সাংবিধানিক পদসমূহে দেশৰ ভৌগোলিক ঐক্যক প্ৰতিফলিত কৰিছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পূব ভাৰতক প্ৰতিনিধিত্ব কৰে , উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণণে দক্ষিণ ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু গুজৰাটৰ পৰা অহা আৰু বাৰাণসীৰ পৰা নিৰ্বাচনত জয়ী হোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম তথা উত্তৰ ভাৰতক প্ৰতিনিধিত্ব কৰে। এনেদৰে দেশৰ সাংবিধানিক পদসমূহে চাৰিওটা দিশকে প্ৰতিনিধিত্ব কৰিছে—পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত কেইবছৰমানৰ পৰা সানন্দক উপযুক্ত পৰিকল্পনাৰে প্ৰস্তুত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ২০২৯ চনৰ ভিতৰত সানন্দ বিধান সভা সমষ্টিৰ কোনো গাঁৱত মৌলিক সুবিধাৰ অভাৱ নাথাকিব । তেওঁ উল্লেখ কৰে যে বাভলা আৰু সানন্দ পৌৰসভাত সা-সুবিধাৰ অভাৱ দূৰ কৰিবলৈ এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। অঞ্চলটোৰ পথ, বনানীকৰণ, স্বাস্থ্যসেৱা, অনাময়, খোৱাপানীৰ দৰে সুবিধাসমূহ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল কাৰ্যক্ষম হৈ উঠিলে আৰু সানন্দৰ আশে-পাশে ঔদ্যোগিক উন্নয়ন প্ৰকল্প সম্পূৰ্ণ হ’লেই সানন্দে গুজৰাটৰ ঔদ্যোগিকভাৱে আটাইতকৈ উন্নত তহচিল হিচাপে আত্মপ্ৰকাশ কৰিব। তেওঁ উল্লেখ কৰে যে গুজৰাট চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে বছৰ বছৰ ধৰি সানন্দৰ ১১১ খন গাঁৱত জলসিঞ্চন আৰু খোৱাপানীৰ সুবিধাৰ অভাৱ আছিল যদিও প্ৰথম পৰ্যায়ত এতিয়া এই সমস্যাৰ প্ৰায় সমাধান হৈছে। তেওঁ উল্লেখ কৰে যে এই গাঁওসমূহলৈ পানী যোগান ধৰিবলৈ প্ৰায় ৭৫০ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ উপৰি পৰিয়াল আৰু পথাৰলৈ পানী যোগান ধৰাৰ কাম পুনৰ আৰম্ভ হ’ব আৰু ইয়াৰ বাবে আনুমানিক ১০০০ কোটি টকা ব্যয় কৰা হ’ব। শ্ৰী শ্বাহে উল্লেখ কৰে যে সানন্দ বিধানসভা সমষ্টিত কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ জৰিয়তে প্ৰায় ১৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে। কালেক্টৰ , বিধায়ক, আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত প্ৰতিখন গাঁৱৰ প্ৰয়োজনীয়তাসমূহ চিনাক্ত কৰা হৈছে। তেওঁ লগতে কয় যে, উদ্যোগপতিসকলৰ সৈতে শেহতীয়াকৈ হোৱা আলোচনাৰ ভিত্তিত এক শক্তিশালী প্ৰশাসনিক কাঠামো স্থাপন কৰা হৈছে। গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰায় ১৫০ কোটি টকা ব্যয় কৰি অহা ডেৰ বছৰৰ পৰা দুবছৰৰ ভিতৰত সানন্দৰ গাঁওসমূহত বৰ্তমান উপলব্ধ নোহোৱা মৌলিক সুবিধাসমূহৰ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
শ্ৰী অমিত শ্বাহে গাঁও, বিদ্যালয়, পৌৰসভাৰ মুকলি ঠাইত যিমান পাৰি সিমান গছপুলি ৰোপণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “এক পেড় মা কে নাম” অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ আলোকপাত কৰে যে সেউজ গান্ধীনগৰ প্ৰকল্পৰ অধীনত গান্ধীনগৰ লোকসভা সমষ্টিত গছৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। শ্ৰী শ্বাহে গৌৰৱেৰে উল্লেখ কৰে যে গান্ধীনগৰ লোকসভাই সমগ্ৰ গুজৰাটত সৰ্বাধিক গছপুলি ৰোপণৰ অভিলেখ গঢ়িছে।
শ্ৰী অমিত শ্বাহে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ ছেমিকন ইণ্ডিয়া ২০২৫ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ বিকশিত ৩২ বিট প্ৰচেছৰ চিপ ‘বিক্ৰম-৩২’ উন্মোচন কৰে। তেওঁ লগতে কয় যে সানন্দত মাইক্ৰন টেকন’লজিৰ চিপ নিৰ্মাণ আৰম্ভ হ’ব, যিয়ে অঞ্চলটোৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিব। তেওঁ দৃঢ়তাৰে কয় যে শ্ৰী মোদীৰ নেতৃত্বত দেশখন প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে লগতে কয় যে আজিৰ কাৰ্যসূচীত ২৯টা প্ৰকল্প উদ্বোধন কৰা হয়, ২৩টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় আৰু প্ৰায় ৬৬ কোটি টকাৰ উন্নয়নমূলক কাম হয় আৰম্ভ কৰা হয়, নহয় সম্পূৰ্ণ কৰা হয়। এই প্ৰকল্পসমূহে বনানীকৰণ, পথ নিৰ্মাণ, গ্ৰাম্য পথ আঁচনি আৰু বিদ্যালয়ৰ উন্নয়ন আদি বিষয়সমূহ সামৰি লৈছে।
******
RK/VV/PS/PR/DM
(Release ID: 2165490)
Visitor Counter : 2