গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় টেষ্ট হাউছৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় খাদ্য আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীয়ে ড্ৰোন চাৰ্টিফিকেচন প্ৰদান কৰিব

এনটিএইচ-এ উদ্যোগৰ সৰ্বনিম্ন মাচুল ৪.২ লাখ টকাত ড্ৰোন চাৰ্টিফিকেচন প্ৰদান কৰিছে

ড্ৰাইভিং ড্ৰোন উদ্ভাৱনঃ এনটিএইচ-এ ভাৰতীয় নিৰ্মাতাসকলক সুলভ মূল্যৰ, বিশ্বাসযোগ্য চাৰ্টিফিকেচনেৰে সবলীকৰণ কৰিছে

Posted On: 08 SEP 2025 2:46PM by PIB Guwahati

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে ২০২৫-ৰ ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিতব্য এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে গাজিয়াবাদৰ ৰাষ্ট্ৰীয় টেষ্ট হাউছ (NTH)-ৰ পৰামৰ্শ অনুসৰি ডিজিচিএ-অনুমোদিত ড্ৰোন টাইপ চাৰ্টিফিকেচন প্ৰদান কৰিব।

মানৱবিহীন বিমান ব্যৱস্থা (UAS) চাৰ্টিফিকেচন আঁচনিৰ অংশ হিচাপে এনটিএইচ (এনআৰ), গাজিয়াবাদক ভাৰতীয় গুণমান পৰিষদে (QCI) ড্ৰোন টাইপ চাৰ্টিফিকেচনৰ বাবে চাৰ্টিফিকেচন সংস্থা হিচাপে সাময়িকভাৱে অনুমোদন জনাইছে। এই কৃতিত্ব ড্ৰোন নিয়ম, ২০২১-ৰ অধীনত ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰে সংগতি পূৰ্ণ। ইয়াৰ লক্ষ্য হৈছে এক শক্তিশালী, নিৰাপদ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিযোগিতামূলক ড্ৰোন বাতাবৰণ গঢ়ি তোলা।

এই দায়িত্ব পালনৰ ক্ষেত্ৰত এনটিএইচ (এনআৰ)-এ ইতিমধ্যে ভাৰতীয় ড্ৰোন নিৰ্মাতাসকলৰ পৰা তেওঁলোকৰ মডেলৰ টাইপ চাৰ্টিফিকেচনৰ বাবে ৫০-ৰো অধিক আবেদন গ্ৰহণ কৰিছে। কঠোৰ আৰু স্বচ্ছ মূল্যায়ন প্ৰক্ৰিয়াৰ পিছত এনটিএইচ-এ পৰামৰ্শ প্ৰদান কৰা দুটা ড্ৰোন মডেলে ডিজিচিএ-ৰ পৰা টাইপ চাৰ্টিফিকেচন লাভ কৰিছে। এই কাৰ্য্যই ভাৰতৰ ড্ৰোন উদ্যোগত সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু গুণমানক সুদৃঢ়কৰণৰ বাবে প্ৰতিষ্ঠানটোৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে।

ৰাষ্ট্ৰীয় টেষ্ট হাউছে ৪.২ লাখ টকাৰ অতি প্ৰতিযোগিতামূলক মাচুলত ড্ৰোন চাৰ্টিফিকেচন সেৱা আগবঢ়াইছে, যি মাচুল উদ্যোগটোৰ ভিতৰতে সৰ্বনিম্ন। এনে সুলভ গাঁথনিয়ে ভাৰতৰ ড্ৰোন খণ্ডত উদ্ভাৱন আৰু বিকাশক ত্বৰান্বিতকৰণৰ অৰ্থে এনটিএইচ-ৰ দায়বদ্ধতাকে প্ৰদৰ্শন কৰে। এটা বিশ্বাসযোগ্য চৰকাৰী সংস্থাৰ পৰা চাৰ্টিফিকেচন প্ৰদানেৰে এনটিএইচ-এ ভাৰতীয় ড্ৰোন নিৰ্মাতাসকলক ঘৰুৱা আৰু বিশ্ব উভয়তে অধিক আত্মবিশ্বাসেৰে তেওঁলোকৰ সামগ্ৰীৰ বিপণনতো সহায় কৰিছে।

১৯১২-ত স্থাপিত এনটিএইচ-এ অভিযান্ত্ৰিক, বস্ত্ৰশিল্প, বৈদ্যুতিক আৰু খাদ্য বিজ্ঞানকে প্ৰমুখ্য কৰি ভিন্ন খণ্ডত পৰীক্ষণ, মানাংকন আৰু গুণমান মূল্যায়নৰ সেৱাৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক বিকাশক ত্বৰান্বিত কৰি আহিছে। ড্ৰোন চাৰ্টিফিকেচনলৈ সম্প্ৰসাৰণৰ জৰিয়তে এনটিএইচ-এ কেৱল নিজৰ বৰ্তমানৰ পৰ্টফলিঅ’ বৃদ্ধি কৰাই নহয়, বৰঞ্চ চৰকাৰৰ “মেক ইন ইণ্ডিয়া” আৰু “আত্মনিৰ্ভৰ ভাৰত”-ৰ দৰে ধ্বজাবাহী পদক্ষেপসমূহতো যথেষ্ট অৰিহণা যোগাইছে।

এনটিএইচ-এ ৰাষ্ট্ৰ সেৱাৰ ১১৪ টা বছৰ উদযাপনৰ সময়তে ইয়াৰ গুণমান, সুৰক্ষা আৰু উদ্ভাৱনৰ প্ৰতি অংগীকাৰ পূৰ্বতকৈ অধিক সুদৃঢ় হৈ পৰিছে। এনে অংগীকাৰৰ ফলশ্ৰুতিতে প্ৰতিষ্ঠানটো ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰযুক্তি বাতাবৰণত আগৰণুৱা হিচাপে পৰিগণিত হৈছে।

***

 

Abhishek Dayal/Nihi Sharma/SB
 


(Release ID: 2164678) Visitor Counter : 2