নৌ-পৰিবহন মন্ত্ৰালয়
ক্ষুদ্ৰ ব্যৱসায়ীৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী স্বনিধিৰ ভূমিকাক কৃতিত্ব দিলে শ্ৰী সৰ্বানন্দ সোণোৱালে , কংগ্ৰেছক তীব্ৰ সমালোচনা
ডিব্ৰুগড়ৰ মিলন নগৰত শ্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ উদ্বোধন কৰে
“কংগ্ৰেছৰ দিনত চৰকাৰে প্ৰেৰণ কৰা প্ৰতিটো টকাৰ ৮৪ পইচাই মধ্যভোগীয়ে লুটি নিছিল:” শ্ৰী সৰ্বানন্দ সোণোৱাল
“পি এম স্বনিধি আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে দেখুৱাইছে যে তেওঁ কেতিয়াও দুখীয়াক নিৰাশ নকৰে :” শ্ৰী সৰ্বানন্দ সোণোৱাল
Posted On:
31 AUG 2025 8:35PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পি এম স্বনিধি আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে প্ৰমাণ কৰিছে যে তেওঁ কেতিয়াও দুখীয়াক নিৰাশ নকৰে।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ শ্ৰী সোণোৱালে ডিব্ৰুগড়ৰ মানকটা ৰোডৰ আউনীআটী সত্ৰ শাখাত প্ৰধানমন্ত্ৰীৰ ষ্ট্ৰীট ভেণ্ডাৰৰ আত্মনিৰ্ভৰ নিধি (PM SVANidhi) আঁচনিৰ ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰ নিগম (ডিএমচি)ৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ কেইবাজনো হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।
শ্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয়, ‘পি এম স্বনিধি আঁচনিৰ প্ৰধান লক্ষ্য হৈছে স্বাৱলম্বিতা।ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ পৰিয়ালক মৰ্যাদাসহকাৰে পোহপাল দিব পাৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই শক্তিৰ কল্পনা কৰি দৰিদ্ৰ আৰু সমাজৰ প্ৰান্তীয় লোকসকলক আৰ্থিকভাৱে সবল কৰি তুলিব পৰা আঁচনিৰ সৃষ্টি কৰিছিল।’
ক’ভিড-১৯ মহামাৰীৰ সময়ত সন্মুখীন হোৱা কষ্টৰ কথা স্মৰণ কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘যেতিয়া বাধা-নিষেধাজ্ঞাই ক্ষুদ্ৰ ব্যৱসায়ী আৰু ৰাজপথৰ বিক্ৰেতাসকলক পংগু কৰি তুলিছিল, তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক সকাহ প্ৰদানৰ বাবে এই আঁচনিখন আৰম্ভ কৰিছিল।ইয়াৰ অধীনত বেংকসমূহক তিনিটা পৰ্যায়ত বিক্ৰেতাসকলক ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল — ১০,০০০ টকাৰ পৰা আৰম্ভ কৰি, তাৰ পিছত ২০,০০০ টকা আৰু সময়মতে ঋণ পৰিশোধ কৰা সকলক ৫০,০০০ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল।একেদৰে সফলভাবে ঋণ ব্যৱহাৰ কৰাসকলক ৭% সুতৰ ৰাজসাহায্য দিয়া হৈছিল।”
সোণোৱালে লগতে কয় যে ঋণ ওভতাই দিয়া পদ্ধতিৰ আৰ্হিয়ে বহু ক্ষুদ্ৰ ব্যৱসায়ীক সফলতা লাভ কৰাত সহায় কৰিছিল।
কংগ্ৰেছক লক্ষ্য কৰি সোণোৱালে কয় যে ৫৫ বছৰ ক্ষমতাত থকা দলটোৱে কল্যাণমূলক কামত ব্যৰ্থ হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘শ্ৰী ৰাজীৱ গান্ধীয়ে নিজেই স্বীকাৰ কৰিছিল যে চৰকাৰে প্ৰেৰণ কৰা প্ৰতিটো টকাৰ ভিতৰত ৮৪ পইচাই মধ্যভোগীয়ে লিটি নিছিল ।কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা নিশ্চিত কৰিছে যে প্ৰতিটো টকা যাতে দুখীয়াৰ মাজলৈ যায়।তেওঁৰ নীতিসমূহ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ মূল্যবোধৰ দ্বাৰা পৰিচালিত ।’-কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।
সেইদিনটোতে ডিব্ৰুগড়ৰ মিলন নগৰত শ্ৰী সোণোৱালে জনসাধাৰণক সুলভ মূল্যৰ জেনেৰিক ঔষধ যোগান ধৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ উদ্বোধন কৰে।
অনুষ্ঠানত অসমৰ কেবিনেট মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকন, খুমটাইৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈ, দুলীয়াজানৰ বিধায়ক শ্ৰী তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ (ডিএমচি), উপ-পৌৰপতি উজ্জ্বল ফুকন, উপ আয়ুক্ত শ্ৰী বিক্ৰম কাইৰী, ডিব্ৰুগড়ৰ পৌৰ আয়ুক্ত (ডি এম চি) শ্ৰী জয় বিকাশ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ (ডি ডি এ)ৰ অধ্যক্ষ, শ্ৰী অসীম হাজৰিকা, জিলা পৰিষদৰ অধ্যক্ষ পুষ্পাঞ্জলি সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ সোণোৱালৰ লগতে অন্যান্য বিষয়া, গণ্যমান্য ব্যক্তি তথা হিতাধিকাৰী উপস্থিত থাকে ।

****
SR/GDH/PN/HK/DM
(Release ID: 2162888)
Visitor Counter : 2