প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলত ‘স্বামিত্ব আঁচনি’ৰ অধীনত ৬৫ লাখতকৈয়ো অধিক ‘সম্পত্তি পত্ৰ’ বিতৰণ কৰে

আমি ‘স্বামিত্ব যোজনা’ আৰম্ভ কৰিছিলোঁ, আমি সিদ্ধান্ত লৈছোঁ যে ড্ৰোনৰ সহায়ত দেশৰ প্ৰতিখন গাঁৱত ঘৰ আৰু ‘ভূমিৰ মেপিং’ কৰা হ'ব, গাওঁবাসীক তেওঁলোকৰ আৱাসিক ‘সম্পত্তিৰ নথি-পত্ৰ’ দিয়া হ'ব: প্ৰধানমন্ত্ৰী

আজি আমাৰ চৰকাৰে গ্ৰাম স্বৰাজক ভূমিগত ৰূপায়ণ কৰিবলৈ সম্পূৰ্ণ আন্তৰিকতাৰে চেষ্টা কৰি আছে: প্ৰধানমন্ত্ৰী

স্বামিত্ব যোজনাৰ জৰিয়তে গাওঁ উন্নয়নৰ পৰিকল্পনা আৰু ৰূপায়ণৰ গতি এতিয়া যথেষ্ট উন্নত হৈছে: প্ৰধানমন্ত্ৰী

‘বিকশিত ভাৰত’ গঢ়াত মহিলা শক্তিৰ এক বৃহৎ ভূমিকা আছে, যোৱা দশকোত আমি প্ৰতিটো মুখ্য আঁচনিৰ কেন্দ্ৰত মাতৃ আৰু কন্যাৰ সৱলীকৰণক স্থান দিছোঁ: প্ৰধানমন্ত্ৰী

Posted On: 18 JAN 2025 2:32PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে ১০ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৩০ খনতকৈয়ো অধিক জিলাৰ ৫০,০০০ তকৈয়ো অধিক গাঁৱৰ সম্পত্তিৰ মালিকসকলক ‘স্বামিত্ব আঁচনি’ৰ অধীনত ৬৫ লাখতকৈয়ো অধিকখন ‘সম্পত্তি পত্ৰ’ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আজি ভাৰতৰ গাওঁ আৰু গ্ৰাম্য অঞ্চলসমূহৰ বাবে এক ঐতিহাসিক দিন আৰু এই উপলক্ষে সকলো হিতাধিকাৰী আৰু নাগৰিকক তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পাঁচ বছৰ পূৰ্বে গ্ৰাম্য অঞ্চলসমূহত বসবাস কৰা লোকসকলে যাতে তেওঁলোকৰ সম্পত্তিৰ পত্ৰ লাভ কৰে তাৰ বাবে ‘স্বামিত্ব আঁচনি’ আৰম্ভ কৰা হৈছিল। তেওঁ মন্তব্য কৰে যে বিভিন্ন ৰাজ্যই বিভিন্ন নামৰ সম্পত্তিৰ মালিকীস্বত্বৰ প্ৰমাণপত্ৰ, যেনে ‘ঘৰোনি’, ‘অধিকাৰ অভিলেখ’, ‘সম্পত্তি পত্ৰ’, ‘মালমাট্টা পাত্ৰক’ আৰু ‘আৱাসীয় ভূমি পাট্টক’ আদি। "যোৱা ৫ বছৰত ১.৫ কোটিৰো অধিক লোকলৈ ‘স্বামিত্ব পত্ৰ’ জাৰী কৰা হৈছে", শ্ৰী মোদীয়ে কয়। আজিৰ কাৰ্যসূচীত তেওঁ লগতে কয় যে ৬৫ লাখতকৈয়ো অধিক পৰিয়ালে এই প্তৰসমূহ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে স্বামিত্ব যোজনাৰ অধীনত গাঁওসমূহৰ প্ৰায় ২.২৫ কোটি লোকে এতিয়া তেওঁলোকৰ ঘৰৰ বাবে আইনী নথি-পত্ৰ লাভ কৰিছে। তেওঁ সকলো হিতাধিকাৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

একবিংশ শতিকাত জলবায়ু পৰিৱৰ্তন, পানীৰ অভাৱ, স্বাস্থ্য সংকট আৰু মহামাৰীকে ধৰি বহুতো প্ৰত্যাহ্বান সন্মুখীন হবলগীয়া হৈছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বই সন্মুখীন হোৱা আন এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে সম্পত্তিৰ অধিকাৰ আৰু সম্পত্তিৰ আইনী নথি-পত্ৰৰ অভাৱ। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নৰ উদ্ধৃতি দিয়ে য'ত প্ৰকাশ পাইছে যে বিভিন্ন দেশৰ বহু লোকৰ সম্পত্তিৰ বাবে উপযুক্ত আইনী নথি পত্ৰ নাই। তেওঁ যোগ দি কয় যে ৰাষ্ট্ৰসংঘই গুৰুত্ব আৰোপ কৰিছিল যে দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে মানুহৰ সম্পত্তিৰ অধিকাৰ থকাটো প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে সম্পত্তিৰ অধিকাৰৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত এখন কিতাপ লিখা এজন প্ৰখ্যাত অৰ্থনীতিবিদৰ কথা উল্লেখ কৰি কয় যে গাঁওবাসীৰ মালিকানাধীন সামান্য পৰিমাণৰ সম্পত্তিক প্ৰায়ে "মৃত মূলধন" বুলি গণ্য কৰা হয়। তেওঁ লগতে কয় যে ইয়াৰ অৰ্থ হৈছে যে সম্পত্তিটো লেনদেনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি, আৰু ই পৰিয়ালৰ উপাৰ্জন বৃদ্ধি কৰাত সহায় নকৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সম্পত্তিৰ অধিকাৰৰ বিশ্বজোৰা প্ৰত্যাহ্বানৰ পৰা ভাৰতো মুক্ত নহয়। তেওঁ উল্লেখ কৰে যে লাখ লাখ কোটি টকাৰ সা-সম্পত্তি থকা স্বত্বেও গাঁওবাসীৰ প্ৰায়ে আইনী নথি-পত্ৰৰ অভাৱ আছিল, যাৰ ফলত বিবাদ আৰু আনকি শক্তিৱন্ত ব্যক্তিসকলৰ অবৈধ দখলৰো সন্মুখীন হবলগীয়া হৈছিল। তেওঁ লগতে কয় যে আইনী নথি-পত্ৰ নথকাৰ বাবেই বেংকসমূহেও এনে সম্পত্তিৰ পৰা দূৰত্ব বৰ্তাই আহিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহে এই সমস্যা সমাধানৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নাছিল। তেওঁ কয় যে ২০১৪ চনত চৰকাৰে স্বামিত্ব যোজনাৰ জৰিয়তে সম্পত্তিৰ নথিপত্ৰৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে কোনো সংবেদনশীল চৰকাৰে দেশৰ গাঁওবাসীক এনে সংকটত পেলাব নোৱাৰে। ‘স্বামিত্ব যোজনা’ৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে ইয়াত ড্ৰোন ব্যৱহাৰ কৰি গাঁওবোৰত ঘৰ আৰু ভূমিৰ মেপিং কৰা আৰু গাঁওবাসীক আৱাসিক সম্পত্তিৰ বাবে আইনী নথি-পত্ৰ প্ৰদান কৰাৰ দিহা অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ লগতে কয় যে এই আঁচনিখনৰ লাভালাভসমূহ এতিয়া দৃশ্যমান হৈছে। স্বামিত্ব যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে পূৰ্বৰ বাৰ্তালাপৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকে এতিয়া বেংকৰ পৰা তেওঁলোকৰ সম্পত্তিৰ বিপৰীতে সহায় লাভ কৰিছে আৰু তেওঁলোক ইয়াৰ বাবে সুখ আৰু সন্তুষ্টি স্পষ্টকৈয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাক এক ডাঙৰ আশীৰ্বাদ হিচাপে গণ্য কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "ভাৰতত ৬ লাখতকৈয়ো অধিক গাঁও আছে, যাৰ প্ৰায় আধাখিনিতে ‘ড্ৰোন জৰীপ’ সম্পূৰ্ণ হৈছে"। তেওঁ উল্লেখ কৰে যে আইনী নথি-পত্ৰ লাভ কৰাৰ পিছত লাখ লাখ লোকে তেওঁলোকৰ সম্পত্তিক ভিত্তি কৰি বেংকৰ পৰা ঋণ লৈছে, তেওঁলোকে গাঁৱত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে ইয়াৰে বহুতো হিতাধিকাৰী হৈছে ক্ষুদ্ৰ আৰু মজলীয়া কৃষক পৰিয়ালৰ, যাৰ বাবে এই সম্পত্তি পত্ৰসমূহ অৰ্থনৈতিক সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ গেৰাণ্টী হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়ালসমূহ অবৈধ দখল আৰু আদালতৰ দীঘলীয়া বিবাদৰ দ্বাৰা আটাইতকৈ বেছিকৈ প্ৰভাৱিত হৈছে। তেওঁ মন্তব্য কৰে যে আইনী প্ৰমাণপত্ৰৰ জৰিয়তে তেওঁলোক এতিয়া এই সংকটৰ পৰা মুক্ত হ'ব। তেওঁ এক সমীক্ষাৰ কথা উল্লেখ কৰি কয় যে সকলো গাঁৱতে সম্পত্তি পত্ৰ জাৰী হোৱাৰ পিছত ই ১০০ লাখ কোটি টকাৰো অধিক অৰ্থনৈতিক কাৰ্যকলাপৰ দ্বাৰ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ অৰ্থনীতিত যোগ দিয়া যথেষ্ট মূলধনত গুৰুত্ব আৰোপ কৰে।

"আমাৰ চৰকাৰে ‘গ্ৰাম স্বৰাজ’ৰ ভূমিগত ৰূপায়ণ কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে", শ্ৰী মোদীয়ে কয় আৰু উল্লেখ কৰে যে স্বামিত্ব যোজনাৰ ফলত গাঁও উন্নয়ন পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ গতি যথেষ্ট উন্নত হৈছে। তেওঁ মন্তব্য কৰে যে জনবসতিপূৰ্ণ অঞ্চলসমূহৰ স্পষ্ট মানচিত্ৰ আৰু জ্ঞানৰ সৈতে উন্নয়নমূলক কামৰ পৰিকল্পনা সঠিক হ'ব, যাৰ ফলত দুৰ্বল পৰিকল্পনাৰ ফলত হোৱা অপচয় আৰু বাধাসমূহ দূৰ হ'ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সম্পত্তিৰ অধিকাৰে ভূমিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত হোৱা বিবাদ, যেনে পঞ্চায়তৰ ভূমি আৰু চৰণীয়া এলেকা চিনাক্ত কৰা আদিৰ প্ৰসংগত হোৱা বিবাদ নিষ্পত্তি কৰিব, যাৰ দ্বাৰা সৱলীকৰণো সম্ভৱ হ'ব। তেওঁ গুৰুত্ব আৰোপ কৰে যে সম্পত্তি পত্ৰই গাঁওসমূহত দুৰ্যোগ ব্যৱস্থাপনাৰ হাৰ বৃদ্ধি কৰিব, যাৰ ফলত জুই, বান আৰু ভূমিস্খলনৰ দৰে ঘটনাৰ সময়ত ক্ষতিপূৰণ দাবী কৰাটো সহজ হ'ব।

 

কৃষকসকলৰ বাবে ভূমি-বিবাদ সততে ঘটি থকা ঘটনা বুলি উল্লেখ কৰি আৰু ভূমিৰ নথিপত্ৰ প্ৰাপ্ত কৰাটো প্ৰত্যাহ্বানজনক, প্ৰায়ে বিষয়াসকলৰ ওচৰলৈ একাধিক বাৰ ভ্ৰমণৰ প্ৰয়োজন হয় আৰু দুৰ্নীতিৰ সন্মুখীন হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সমস্যাসমূহ হ্ৰাস কৰিবলৈ ভূমিৰেখা ডিজিটাইজ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ‘স্বামিত্ব’ আৰু ‘ভূ-আধাৰ’ হৈছে গাঁও উন্নয়নৰ বাবে আধাৰশিলাসম্বৰূপ ব্যৱস্থা। তেওঁ লগতে কয় যে ভূ-আধাৰ-য়ে ভূমিক এক অনন্য পৰিচয় প্ৰদান কৰিছে, প্ৰায় ২৩ কোটি ‘ভূ-আধাৰ নম্বৰ’ জাৰী কৰা হৈছে, যাৰ ফলত ভূমিৰ টুকুৰা চিনাক্ত কৰাটো সহজ হৈ উঠিছে। "যোৱা ৭-৮ বছৰত প্ৰায় ৯৮% ‘ভূমি ৰেকৰ্ড ডিজিটাইজ’ কৰা হৈছে, আৰু বেছিভাগ ভূমি মানচিত্ৰ এতিয়া ডিজিটেলভাৱে উপলব্ধ", শ্ৰী মোদীয়ে লগতে কয়।

 

মহাত্মা গান্ধীয়ে ভাৰতৰ আত্মা ইয়াৰ গাঁওসমূহত বাস কৰে বুলি বিশ্বাস কৰিছিল বুলি উল্লখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দৃষ্টিভংগীৰ প্ৰকৃত ৰূপায়ণ যোৱা এটা দশকত সম্ভৱ হৈছে। তেওঁ উল্লেখ কৰে যে যোৱা ১০ বছৰত ২.৫ কোটিতকৈয়ো অধিক পৰিয়ালে বিদ্যুৎ-সংযোগ লাভ কৰিছে, বেছিভাগ গাঁৱত, আনহাতে ১০ কোটিতকৈয়ো অধিক পৰিয়ালে শৌচালয়ৰ সুবিধা লাভ কৰিছে আৰু ১০ কোটি মহিলাই উজ্জ্বলা আঁচনিৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে, যাৰ বেছিভাগেই গাঁৱত বাস কৰে। তেওঁ লগতে কয় যে যোৱা পাঁচ বছৰত ১২ কোটিতকৈয়ো অধিক পৰিয়ালে নলৰ পানী লাভ কৰিছে আৰু ৫০ কোটিৰো অধিক লোকে বেংক একাউণ্ট খুলিছে, মুখ্যতঃ গাঁওসমূহত। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১.৫ লাখতকৈয়ো অধিক ‘আয়ুষ্মান ভাৰত আৰোগ্য মণ্ডী’ প্ৰতিষ্ঠা কৰা হৈছে, বেছিভাগেই গাঁৱত। তেওঁ গুৰুত্ব আৰোপ কৰে যে কেবা দশক ধৰি লাখ লাখ গাঁওবাসী, বিশেষকৈ দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়ালসমূহ প্ৰাথমিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এতিয়া এই পৰিয়ালবোৰ এই সুবিধাসমূহৰ প্ৰাথমিক হিতাধিকাৰী হোৱাৰ সুযোগ পাইছে।

 

গাঁওসমূহৰ পথ উন্নত কৰাৰ বাবে যোৱা দশকটোত কৰা অভূতপূৰ্ব প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০০০ চনত অটলজীৰ চৰকাৰে ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ আৰম্ভ কৰাৰ পিছৰে পৰা গাঁওসমূহত প্ৰায় ৮.২৫ লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, যাৰ প্ৰায় আধাখিনি পথেই যোৱা ১০ বছৰত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দূৰণিবটীয়া সীমান্তৱৰ্তী গাঁওসমূহত যোগাযোগ বৃদ্ধিৰ বাবে ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচীৰ কথা উল্লেখ কৰে। গাঁওসমূহত ইণ্টাৰনেট প্ৰদান কৰাটোকো প্ৰাথমিকতা দিয়া হৈছে বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০১৪ চনৰ পূৰ্বে ১০০ খনতকৈয়ো কম পঞ্চায়তত ‘ব্ৰডবেণ্ড ফাইবাৰ’ৰ সংযোগ আছিল, কিন্তু যোৱা ১০টা বছৰত ২ লাখতকৈয়ো অধিক পঞ্চায়ত ‘ব্ৰডবেণ্ড ইণ্টাৰনেট’ৰ দ্বাৰা সংযোগ কৰা হৈছে। তেওঁ লগতে কয় যে একে সময়তে গাঁওসমূহত ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’ৰ সংখ্যাও ১ লাখৰ পৰা ৫ লাখতকৈয়ো ওপৰলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পৰিসংখ্যাসমূহে গাঁওসমূহক আধুনিক সা-সুবিধা আৰু সুমল প্ৰদানক প্ৰতিনিধিত্ব কৰে, যিবোৰ আগতে কেৱল চহৰসমূহতহে দেখা গৈছিল। তেওঁ লগতে কয় যে ই কেৱল সুবিধা উন্নত কৰাই নহয়, গাঁওসমূহত অৰ্থনৈতিক শক্তিও বৃদ্ধি কৰিছে।

 

২০২৫ বৰ্ষ গাঁও আৰু কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰে আৰম্ভ হোৱা বুলি অভিমত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা’ অব্যাহত ৰখাৰ কথা উল্লেখ কৰে, যাৰ অধীনত কৃষকসকলে প্ৰায় ২.২৫ লাখ কোটি টকাৰ বীমা সাহায্য লাভ কৰিছে। তেওঁ ‘ডিএপি সাৰ’ সন্দৰ্ভত আন এক সিদ্ধান্তৰ কথা উল্লেখ কৰে, যাৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কৃষকসকলৰ বাবে সুলভ সাৰ নিশ্চিত কৰিবলৈ চৰকাৰে হাজাৰ হাজাৰ কোটি টকা আৱণ্টন দিছে। তেওঁ লগতে কয় যে বিগত দশকত কৃষকসকলক সুলভ সাৰ প্ৰদানৰ বাবে প্ৰায় ১২ লাখ কোটি টকা ব্যয় কৰা হৈছিল, যি ২০১৪ চনৰ আগৰ দশকত ব্যয় কৰা পৰিমাণৰ প্ৰায় দুগুণ আছিল। প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’-ৰ অধীনত কৃষকৰ কল্যাণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰদৰ্শন কৰি কৃষকৰ একাউণ্টলৈ প্ৰায় ৩.৫ লাখ কোটি টকা স্থানান্তৰিত কৰা হৈছে বুলি মন্তব্য কৰে।

 

"উন্নত ভাৰত গঢ়াত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি বিগত দশকটোত মহিলাৰ সৱলীকৰণ প্ৰতিটো মুখ্য আঁচনিৰ কেন্দ্ৰবিন্দু হৈ আহিছে " শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে বেংক সখী আৰু বীমা সখীৰ দৰে পদক্ষেপে গাঁওসমূহত মহিলাসকলৰ বাবে নতুন সুযোগ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে লাখপতি দিদি যোজনাৰ দ্বাৰা ১.২৫ কোটিৰো অধিক মহিলা লাখপতি গঢ়ি তোলা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে স্বামিত্ব যোজনাৰ ফলত মহিলাৰ সম্পত্তিৰ অধিকাৰ শক্তিশালী হৈছে, বহুতো ৰাজ্যত তেওঁলোকৰ স্বামীৰ সৈতে সম্পত্তি পত্ৰত পত্নীৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকসকলক প্ৰদান কৰা বেছিভাগ ঘৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। তেওঁ ইতিবাচক কাকতালীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে স্বামিত্ব যোজনা ড্ৰোনে মহিলাসকলক সম্পত্তিৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰিছে। তেওঁ লগতে কয় যে ‘স্বামিত্ব যোজনাৰ মেপিং’-ৰ কাম ড্ৰোনৰ দ্বাৰা কৰা হৈছে আৰু নমো ‘ড্ৰোন দিদি যোজনা’ৰ অধীনত গাঁৱৰ মহিলাসকল ‘ড্ৰোন পাইলট’ হৈ উঠিছে, কৃষিত সহায় কৰিছে আৰু অতিৰিক্ত উপাৰ্জন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘স্বামিত্ব যোজনা’ৰ ফলত গাঁওবাসী শক্তিসমৃদ্ধ হৈছে, যাৰ ফলত ভাৰতৰ গ্ৰাম্য জীৱনৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে গাঁও আৰু দৰিদ্ৰ লোকসকল শক্তিশালী হোৱাৰ লগে লগে উন্নত ভাৰতৰ দিশত যাত্ৰা অধিক মসৃণ হ'ব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গাঁও আৰু দৰিদ্ৰ লোকসকলৰ সুবিধাৰ বাবে যোৱা দশকটোত লোৱা পদক্ষেপসমূহে ২৫ কোটি লোকৰ দৰিদ্ৰতা দূৰ কৰাত সহায় কৰিছে। ভাষণৰ সামৰণি মাৰবলৈ গৈ শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে স্বামিত্বৰ দৰে আঁচনিয়ে গাঁওসমূহক উন্নয়নৰ শক্তিশালী কেন্দ্ৰ কৰি তুলিব। বহুকেইখন ৰাজ্যৰ ৰাজ্যপাল, জম্মু-কাশ্মীৰ আৰু লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ, উৰিষ্যা, ছত্তীশগড়, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় পঞ্চায়তি ৰাজ মন্ত্ৰী আৰু মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানটোত যোগদান কৰিছিল।

পটভূমি

 

জৰীপৰ বাবে শেহতীয়া ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে গাঁওসমূহৰ বসতিপূৰ্ণ অঞ্চলত ঘৰ থকা পৰিয়ালসমূহক 'অধিকাৰৰ নথি' প্ৰদান কৰি গ্ৰাম্য ভাৰতৰ অৰ্থনৈতিক প্ৰগতি বৃদ্ধি কৰাৰ এক দৃষ্টিভংগীৰে প্ৰধানমন্ত্ৰীয়ে ‘স্বামিত্ব আঁচনি’ আৰম্ভ কৰিছিল।

 

এই আঁচনিয়ে সম্পত্তিৰ মুদ্ৰাকৰণ আৰু বেংক ঋণৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ সক্ষম কৰাত সহায় কৰে; সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰা; গ্ৰাম্য এলেকাবোৰত সম্পত্তি আৰু সম্পত্তি কৰ উন্নত মূল্যায়ন কৰাত সহায় কৰা আৰু ব্যাপক গাওঁ-স্তৰৰ পৰিকল্পনা সক্ষম কৰে।

 

৩.১৭ লাখতকৈয়ো অধিক গাঁৱত ড্ৰোন জৰীপ সম্পূৰ্ণ কৰা হৈছে, যি লক্ষ্য কৰা গাঁওসমূহৰ ৯২%ক সামৰি লৈছে। এতিয়ালৈকে, ১.৫৩ লাখতকৈয়ো অধিক গাঁৱৰ বাবে প্ৰায় ২.২৫ কোটি সম্পত্তি পত্ৰ প্ৰস্তুত কৰা হৈছে।

 

এই আঁচনিখন পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত সম্পূৰ্ণ সংপৃক্ততাত উপনীত হৈছে। মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড় ৰাজ্য আৰু কেইবাটাও কেন্দ্ৰীয় শাসিত অঞ্চলত ‘ড্ৰোন জৰীপ’ সম্পূৰ্ণ কৰা হৈছে।

 

 

 

***

MJPS/SR/KB


(Release ID: 2158817)