প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে যুক্তৰাজ্যৰ বৈদেশিক সচিব ৰাইট সন্মানীয় ডেভিদ লেমীয়ে
ভাৰত-ইউকেৰ মুক্ত বাণিজ্য চুক্তি আৰু দ্বৈত অৱদান সন্মিলনৰ সফল সমাপ্তিত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে
সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
Posted On:
07 JUN 2025 6:58PM by PIB Guwahati
আজি যুক্তৰাজ্যৰ বৈদেশিক সচিব ৰাইট সন্মানীয় ডেভিদ লেমীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ইউকেৰ মুক্ত বাণিজ্য চুক্তি আৰু দ্বৈত অৱদান সন্মিলনৰ সফল সমাপ্তিত সন্তুষ্টি প্ৰকাশ কৰে আৰু দুয়োপক্ষৰ গঠনমূলক সংযোগৰ শলাগ লয় যিয়ে এই মাইলৰ খুঁটিটোলৈ আগবঢ়ায় নিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ৰমবৰ্ধমান গতিবেগক আদৰণি জনাই ভাৰত-ইউকেৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব গভীৰ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ প্ৰযুক্তি সুৰক্ষা পদক্ষেপৰ অধীনত অব্যাহত থকা সহযোগিতাক আদৰণি জনায় আৰু বিশ্বাসযোগ্য আৰু সুৰক্ষিত উদ্ভাৱন পৰিৱেশ তন্ত্ৰ গঢ় দিয়াৰ ইয়াৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে।
বৈদেশিক সচিব ডেভিদ লেমীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, উদ্ভাৱন, আৰু স্বচ্ছ শক্তিকে ধৰি মূল খণ্ডসমূহত সহযোগিতা অধিক বৃদ্ধিৰ বাবে ইউকেৰ প্ৰবল আগ্ৰহ প্ৰকাশ কৰে। এফটিএৰ জৰিয়তে দুয়োখন দেশৰ বাবে নতুন অৰ্থনৈতিক সুযোগ মুকলি হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত মত বিনিময় কৰে। ইউকেৰ বৈদেশিক সচিবে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি সীমাৰ বাহিৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে এক নিৰ্ণায়ক আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে ইউকেৰ প্ৰধানমন্ত্ৰী ছাৰ কেয়াৰ ষ্টাৰমাৰলৈ তেওঁৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অতি সোনকালে পাৰস্পৰিক সুবিধা অনুসৰি ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ পুনৰবাৰ দোহাৰে।
MJPS/ST
(Release ID: 2158758)
Visitor Counter : 6
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam