নৌ-পৰিবহন মন্ত্ৰালয়
আই টি কনক্লেভ, ২০২৫ত ডিজিটেল ট্ৰেন্সফৰ্মেচন ইনিচিয়েটিভছ উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ডিজি শ্বিপিঙৰ বাবে ই-সমূদ্ৰ প্লেটফৰ্ম মুকলি কৰিলে সৰ্বানন্দ সোণোৱালে
Posted On:
07 AUG 2025 8:49PM by PIB Guwahati
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ জাহাজ সঞ্চালকালয় (ডি জি এছ) - এ আজি “আই টি কনক্লেভ ২০২৫ – সমূদ্ৰ খণ্ডত প্ৰযুক্তিৰ লাভ আহৰণ” শীৰ্ষক এক সন্মিলনৰ আয়োজন কৰে, যিয়ে ভাৰতৰ সামুদ্ৰিক প্ৰশাসনক আধুনিকীকৰণৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। এই অনুষ্ঠানত সামুদ্ৰিক খণ্ডত দক্ষতা, সুৰক্ষা, আৰু উদ্ভাৱন বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২৫ চনৰ আই টি কনক্লেভ উদ্বোধন কৰে। জাহাজ সঞ্চালকালয় (ডিজিএছ) আৰু ভাৰতীয় মাষ্টাৰ মেৰিনাৰ্ছ কোম্পানী (চিএমএমআই)য়ে যৌথভাৱে আয়োজন কৰা এই সন্মিলনত এই খণ্ডটোৰ প্ৰধান অংশীদাৰসকল একত্ৰিত হয়। ই ডিজিটেল ইণ্ডিয়া, মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০, আৰু অমৃত কাল ভিজন ২০৪৭ৰ অধীনত চৰকাৰৰ ব্যাপক দৃষ্টিভংগীক সামৰি লৈছে।
কনক্লেভত মূল পদক্ষেপবোৰৰ ভিতৰত আছিল ক্ৰমে নৱীকৃত ডিজি শ্বিপিং ৱেবছাইট, ই-সমুদ্ৰ প্লেটফৰ্মৰ প্ৰথম পৰ্যায়ৰ মুকলি আৰু এক বিস্তৃত ডিজিটেল ৰূপান্তৰ দৃষ্টিভংগী উপস্থাপন কৰা। উন্নীতকৃত ৱেবছাইটটো GIGW 3.0 অনুকূল আৰু ই এটা বহুভাষিক, মোবাইল উপযোগী সুবিধাবোৰ প্ৰদান কৰে, যিয়ে নাৱিক, জাহাজৰ মালিক, প্ৰশিক্ষণ প্ৰতিষ্ঠান, আৰু অন্যান্য অংশীদাৰসকলৰ বাবে সহজে ব্যৱহাৰ কৰাত সুবিধা দিয়ে।
মন্ত্ৰীগৰাকীয়ে ৬০টাতকৈও অধিক সামুদ্ৰিক সেৱাক একক ডিজিটেল হাবত একত্ৰিত কৰিবলৈ ডিজাইন কৰা ক্লাউড-নেটিভ ব্যৱস্থা ফ্লেগশ্বিপ ই-সমুদ্ৰ প্লেটফৰ্মৰ অধীনত প্ৰথমটো মডিউলৰ ছেট উন্মোচন কৰে। ফেজ-১ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে জাহাজ চাৰ্টাৰিং অনুমোদন সৰল কৰিবলৈ এটা চাৰ্টাৰিং অনুমতি আৰু অনুজ্ঞাপত্ৰ মডিউল, আৰ্থিক সমৰ্থন আৰু প্ৰৰোচনাৰ প্ৰৱেশ সুশৃংখলিত কৰিবলৈ এটা জাহাজ নিৰ্মাণ বিত্তীয় সহায় (এছবিএফএ) মডিউল, ডিজিটেল পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ অনুসৰণৰ বাবে এটা মাল্টি-মডেল পৰিবহণ অপাৰেটৰ (এমটিঅ') মডিউল, আৰু ডিজিএছ কাৰ্যালয়সমূহত প্ৰৱেশ স্বয়ংক্ৰিয় কৰি সুৰক্ষা বৃদ্ধি কৰিবলৈ এটা দৰ্শক প্ৰৱেশ ব্যৱস্থাপনা ব্যৱস্থা।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই ডিজিটেল পদক্ষেপসমূহে সামুদ্ৰিক শাসনৰ এক অনবদ্য পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। “এইবোৰে প্ৰযুক্তি-চালিত ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে মিল থকা স্বচ্ছতা, দক্ষতা, আৰু উদ্ভাৱনৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।”
সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডই ডিজিটেল নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছে।এই অগ্ৰণী পদক্ষেপসমূহে অধিক স্বচ্ছতা, দক্ষতা, আৰু বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতাৰ বাবে প্ৰযুক্তিৰ লাভ উঠাবলৈ আমাৰ সংকল্প প্ৰদৰ্শন কৰে, যিহেতু আমি এটা বিক্ষিত ভাৰত — নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীৰ দিশত আগবাঢ়িছো।”
এই অনুষ্ঠানত এম এম ডি নয়ডাত পাইলট এ আই ভিত্তিক ডিজিটেল পৰীক্ষা ব্যৱস্থাও প্ৰৱৰ্তন কৰা হয় আৰু “লিভাৰেজিং টেকন’লজি ইন মেৰিটাইম” শীৰ্ষক এক পুস্তিকা উন্মোচন কৰা হয়। এই নথিখনে ডিজিএছৰ ডিজিটেল ৰূপান্তৰ ৰোডমেপ উপস্থাপন কৰে, য’ত বিশ্বব্যাপী এছটিচিডব্লিউ মানদণ্ডৰ সৈতে সংগতি ৰাখি লাৰ্নিং মেনেজমেণ্ট চিষ্টেম (এলএমএছ) আৰু ৱেব-ভিত্তিক চিমুলেচন সঁজুলি, সামুদ্ৰিক ৰেকৰ্ডৰ বাবে ডিজিটেল আৰ্কাইভ সমাধান, নাৱিকৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (এছপিএফঅ’) আৰু নাৱিকৰ কল্যাণ পুঁজি সমাজ (এছডব্লিউএফএছ)ৰ বাবে ইআৰপি ব্যৱস্থা, আৰু বাস্তৱ সময়ৰ বাবে এটা সংহত কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰৰ দৰে পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হৈছে নিৰীক্ষণ কৰা। ইয়াৰ উপৰিও ইয়াত ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন অনুসৰি শক্তিশালী চাইবাৰ সুৰক্ষা আৰু তথ্য সুৰক্ষাৰ কাঠামোৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰা হৈছে।
সৰ্বানন্দ সোণোৱালে লগতে কয় যে, “এআই-চালিত পৰীক্ষাৰ পৰা সংহত ই-গভৰ্নেন্স প্লেটফৰ্মলৈকে, এই হস্তক্ষেপে ভাৰতে কেনেকৈ শ্বিপিং কৰে তাক স্মাৰ্ট, নিৰাপদ, আৰু ভৱিষ্যতৰ বাবে সাজু হিচাপে ৰূপান্তৰিত কৰিছে।”
'ই-সমুদ্ৰা আৰু আমাৰ অন্যান্য ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আমি নিৰৱচ্ছিন্ন সেৱা প্ৰদান কৰাৰ, ব্যৱসায় কৰাত সহজতা বৃদ্ধি কৰা, আৰু ভাৰতক সামুদ্ৰিক ডিজিটেল শাসনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ হিচাপে স্থান দিয়াৰ লক্ষ্য ৰাখিছো।মাননীয় প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া মিছনৰ পৰা অনুপ্ৰাণিত হৈ আমি উদ্ভাৱন, গতি, আৰু সেৱাত শিপাই থকা সামুদ্ৰিক শাসন ব্যৱস্থা গঢ়ি তুলিছো।" এইদৰে কয় এমঅপিএছডব্লিউৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে।
ভৱিষ্যতলৈ চাই, ৰোডমেপত ২০৩০ আৰু তাৰ পিছলৈ স্বায়ত্তশাসিত কাৰ্য্যকলাপ, ভৱিষ্যদ্বাণীমূলক বিশ্লেষণ, আৰু পৰৱৰ্তী প্ৰজন্মৰ সামুদ্ৰিক সেৱা সক্ষম কৰিবলৈ এআই, আইঅ’টি, ব্লকচেইন, আৰু ভূ-স্থানীয় সঁজুলিৰ দৰে উদীয়মান প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই উন্নতিৰ লগে লগে ভাৰতৰ সামুদ্ৰিক খণ্ডই স্মাৰ্ট, নিৰাপদ, আৰু ভৱিষ্যতৰ বাবে সাজু নীলা অৰ্থনীতিৰ দিশত এক আত্মবিশ্বাসী পথ নিৰ্ধাৰণ কৰিছে।


***
SR/GDH/SB/RD
(Release ID: 2154586)
Visitor Counter : 4