যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

অস্মিতা লীগে উজ্জ্বলি উঠিবলৈ এখনি বিৰল মঞ্চ আগবঢ়াইছে; খেল’ ইণ্ডিয়া নৰ্থ-ইষ্ট গেমছ হ’ব এক ‘উৎকৃষ্ট পদক্ষেপ’ বুলি কয় ফুটবলাৰ মনীষা কল্যাণে

দুবাৰৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈ মনীষাই গুৱাহাটীত অনুষ্ঠিত অস্মিতা লীগত অংশগ্ৰহণ কৰা ১৩ বছৰ-অনূৰ্ধ ছোৱালীক কৌশল সম্পৰ্কে শিকায়

২০২৪-২৫ ত ২৭ টা ক্ৰীড়া শিতানত অনুষ্ঠিত ৫৫০ অস্মিতা লীগত ৫৩০০০-ৰো অধিক মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে

Posted On: 08 AUG 2025 4:49PM by PIB Guwahati

শুক্ৰবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ১৩ বছৰ অনূৰ্ধ ছোৱালীৰ এচিভিং স্প’ৰ্টছ মাইলষ্ট’ন বাই ইনস্পাইৰিং ৱমেন (ASMITA) লীগত সকলোৰে নয়নৰ মণি হৈ পৰে ভাৰতৰ তাৰকা ফুটবলাৰ মনীষা কল্যাণ। মহিলাৰ ইউইএফএ চেম্পিয়নছ লীগত খেলা একমাত্ৰ ভাৰতীয় ফুটবলাৰ মনীষাই কয় যে অস্মিতা হৈছে “কণমানি ছোৱালীয়ে নিজৰ ফুটবলৰ সপোন বাস্তৱায়িতকৰণৰ এখনি বিৰল মঞ্চ।”

 

“মই এতিয়াও ফিফা বিশ্বকাপ আৰু অলিম্পিকত খেলাৰ সপোন দেখি আছোঁ আৰু যোৱা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত এএফচি মহিলা এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জনৰ পিছত আমাৰ বিশ্বাস শক্তিশালী হৈছে। তোমালোকৰ সন্মুখত এতিয়া অস্মিতাৰ দৰে এখনি মঞ্চ আছে আৰু যিমানেই বেছি ভালদৰে মেচ খেলিবা, সিমানেই ভাল হ'ব”, ২৩-বছৰীয়া মনীষাই সমগ্ৰ ভাৰততে তৃণমূল পৰ্য্যায়ৰ প্ৰতিভাসমূহক লালন-পালনৰ লক্ষ্যৰে আয়োজিত অস্মিতাৰ গুৱাহাটীত অংশগ্ৰহণ কৰা আঠটা দলক এইদৰে কয়।

অসমৰ দুগৰাকী উদীয়মান প্ৰতিভা – ৰেখা কাকতি আৰু দশমী ৰৌতিয়াৰ সৈতে পঞ্জাৱৰ মনীষাই ইয়াত ভাগ লয়। ৰেখা আৰু দশমী দুয়ো অস্মিতা লীগৰ সৃষ্টি হৈ অসম ফুটবলত নিজৰ উপস্থিতি গুৰুত্বপূৰ্ণভাৱে প্ৰতিপন্ন কৰিছে। দশমীয়ে ৰাষ্ট্ৰীয় শিবিৰত স্থান লাভৰ সমান্তৰালকৈ ৰেখাই ইণ্ডিয়ান মহিলা লীগ ডিভিজন ২-ত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ অধিনায়কত্ব কৰিছে।

 

“ফুটবল উত্তৰ-পূবৰ জনসাধাৰণৰ হৃদয়ত আছে। মই বালা দেৱীক চাই ডাঙৰ হৈছোঁ আৰু এতিয়া ছিনিয়ৰ নেচনেল টীমৰ মোৰ ১১ জন সতীৰ্থই এই অঞ্চলৰ। ইয়াৰ পৰা ইয়াত কিমান প্ৰতিভা আছে, তাৰ উমান পোৱা যায়। হয়তো, পাঁচ বছৰৰ পাছত এই ল'ৰা-ছোৱালীবোৰৰ এজনে অসম আৰু তাৰ পিছত ভাৰতৰ হৈ খেলিব। ইয়াৰ বাবে মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি কেৱল ফুটবলৰ কথা চিন্তা কৰিব লাগিব। ফুটবলৰ বাতাবৰণটো নিশ্চিতভাৱে বিকশিত হৈ আছে আৰু চৰকাৰৰ সহায়ত আমি আৰু ভাল প্ৰদৰ্শন কৰিব পাৰিম”, মনীষাই এইদৰে কয়।

প্ৰতি বছৰে অস্মিতাৰ ক্ৰীড়া কাৰ্য্যকলাপ বৃদ্ধি পাইছে। কেৱল উত্তৰ-পূবতে ২০২২-২৩ ছিজনৰ পিছত ফুটবল লীগ পাঁচ-গুণ বৃদ্ধি পাইছে। ২০২৪-২৫ ত ক্ৰীড়া মন্ত্ৰালয়ৰ ‘মহিলাৰ বাবে ক্ৰীড়া’ আঁচনিৰ অধীনত ২৫ খন ভিন্ন ফুটবল লীগ অনুষ্ঠিত হয়। ইয়াত ১৬১৫ গৰাকী ছোৱালীয়ে অংশগ্ৰহণ কৰে। এই বিত্তীয় বৰ্ষ যথাঃ ২০২৫-২৬ ত দেশৰ সকলো ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭০,০০০-ৰো অধিক মহিলা খেলুৱৈক লক্ষ্য কৰি ১৫ টা ক্ৰীড়া শিতানত ৮৫২ অস্মিতা লীগৰ পৰিকল্পনা কৰা হৈছে।

 

উত্তৰ-পূব ভাৰতৰ ক্ৰীড়া হৈছে ক্ৰীড়া মন্ত্ৰালয়ৰ এক মনোযোগৰ ক্ষেত্ৰ। ইতিমধ্যে কেন্দ্রীয় যুৱ পৰিক্রমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্রী ডঃ মনসুখ মাণ্ডবিয়াই খেল’ ইণ্ডিয়াৰ কেলেণ্ডাৰত উত্তৰ-পূব-কেন্দ্ৰিক গেমছক সংযোজন কৰা হ’ব বুলি ঘোষণা কৰিছে।

চাইপ্ৰাছ আৰু গ্ৰীচত পেছাদাৰীভাৱে খেলা মনীষাই কয়, “এয়া এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব। এই অঞ্চলে কেৱল ফুটবলতে নহয়, বৰঞ্চ সকলো ক্ৰীড়াতে অৰিহণা যোগাইছে আৰু খেলুৱৈসকলক অধিক সুযোগ প্ৰদানেই হৈছে সঠিক পথ।“ তেওঁ হৈছে ২০২১-ৰ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ব্ৰাজিলৰ বিৰুদ্ধে গ’ল দিয়া একমাত্ৰ ভাৰতীয় মহিলা।

 

অস্মিতা (এচিভিং স্প’ৰ্টছ মাইলষ্ট’ন বাই ইনস্পাইৰিং ৱমেন) হৈছে খেল’ ইণ্ডিয়াৰ লিংগ-নিৰপেক্ষ অভিযানৰ এক অংশ। ইয়াৰ লক্ষ্য হৈছে লীগ আৰু প্ৰতিযোগিতাৰ জৰিয়তে মহিলাসকলৰ মাজত ক্ৰীড়াক প্ৰচাৰ কৰা। সেইবাবেই ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (SAI) ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহক একাধিক বয়সৰ গোটত মণ্ডল আৰু ৰাষ্ট্ৰীয় উভয় পৰ্য্যায়তে খেল’ ইণ্ডিয়া মহিলা লীগ অনুষ্ঠিতকৰণত সহায় কৰে। ২০২১-ৰ পৰা আৰম্ভ হোৱা অস্মিতা লীগসমূহে কেৱল ক্ৰীড়াত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিয়েই নহয়, বৰঞ্চ সমগ্ৰ ভাৰতৰ নতুন প্ৰতিভাসমূহক চিনাক্তকৰণৰ বাবে লীগসমূহক এখনি মঞ্চ হিচাপে পৰিগণিত কৰিছে। ২০২৪–২৫ বিত্তীয় বৰ্ষত অস্মিতাৰ প্ৰসাৰতা যথেষ্ট বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ গভীৰ হৈ পৰে। ২৭ টা ক্ৰীড়া শিতানত মুঠ ৫৫০ লীগ অনুষ্ঠিত হয়, যি ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা খেলুৱৈসকলৰ কাষ চাপে তথা ৪৫০-ৰো অধিক চহৰত উপনীত হয়। এনে বিস্তৃত প্ৰচাৰে ৫৩,১০১ জন খেলুৱৈক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰে, যিয়ে অস্মিতাৰ অন্তৰ্ভুক্ত আৰু তৃণমূল পৰ্য্যায়ত ক্ৰীড়াৰ বিকাশ সাধনৰ লক্ষ্যক অধিক সুদৃঢ় কৰি তোলে। এই বিত্তীয় বৰ্ষ যথাঃ ২০২৫-২৬ ত দেশৰ সকলো ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭০,০০০-ৰো অধিক মহিলা খেলুৱৈক লক্ষ্য কৰি ১৫ টা ক্ৰীড়া শিতানত ৮৫২ অস্মিতা লীগৰ পৰিকল্পনা কৰা হৈছে।

*****

Rini Choudhury/SB


(Release ID: 2154584) Visitor Counter : 7