কয়লা মন্ত্ৰালয়
azadi ka amrit mahotsav

মেঘালয়ত বিজ্ঞানসন্মত কয়লা খনন সক্ষম কৰি তুলিলে কয়লা মন্ত্ৰালয়ে

দুটা কয়লা ব্লকত উৎপাদন আৰম্ভ

Posted On: 07 AUG 2025 5:59PM by PIB Guwahati

কয়লা মন্ত্ৰালয়ে ধাৰাবাহিক আৰু কেন্দ্ৰীভূত প্ৰচেষ্টাৰ জৰিয়তে মেঘালয় ৰাজ্যত বিজ্ঞানসন্মত কয়লা খনন আৰম্ভ কৰাত সফলতাৰে সুবিধা প্ৰদান কৰিছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চললৈ নিয়ন্ত্ৰিত আৰু পৰিৱেশগতভাৱে বহনক্ষম কয়লা খনন পদ্ধতি অনাৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য পদক্ষেপ।

এই প্ৰচেষ্টাৰ ফলস্বৰূপে মেঘালয়ৰ দুটা কয়লা ব্লকত সঠিক অনুমোদন লাভ কৰি উৎপাদন আৰম্ভ হৈছে। কাৰ্যক্ষম কয়লা খনিসমূহৰ সবিশেষ তলত উল্লেখ কৰা হৈছে।

ক্ৰ. নং

কয়লা খনিৰ নাম আৰু ঠিকনা

মুকলিৰ অনুমতি প্ৰদানৰ তাৰিখ

উৎপাদন আৰম্ভ হোৱাৰ তাৰিখ

ছাৰিংখাম এ কয়লা ব্লক, পূব জয়ন্তীয়া পাহাৰ জিলা, মেঘালয়

১০ মাৰ্চ, ২০২৫

৩ জুন, ২০২৫

পিণ্ডেংশ্বাহলাং কয়লা ব্লক

পশ্চিম খাছি পাহাৰ জিলা, মেঘালয়

২ মে, ২০২৫

৫ জুন, ২০২৫

 

এই সাফল্যই দেশৰ শক্তিৰ প্ৰয়োজনীয়তাত উত্তৰ-পূবৰ অৱদান বৃদ্ধি কৰাৰ লগতে আইনী, নিৰাপদ আৰু বিজ্ঞানসন্মত খনন পদ্ধতিক প্ৰসাৰিত কৰাৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কয়লা মন্ত্ৰালয়ে বিজ্ঞানসন্মত কয়লা খনন আৰু সমগ্ৰ অঞ্চলটোত কয়লা পৰিবহণ সুশৃংখলিত কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাৰ বাবে আগ্ৰহী। এনে সহযোগিতামূলক প্ৰচেষ্টাই উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শক্তি সুৰক্ষা নিশ্চিত আৰু অৰ্থনৈতিক বিকাশৰ পোষকতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

****

Shuhaib T/DB


(Release ID: 2154156)
Read this release in: English , Khasi , Urdu , Hindi