ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
৪০ বছৰৰ পাছত চিএটি (CAT)গুৱাহাটীয়ে লাভ কৰিলে নিজাকৈ এটা চৌহদ : ড° জিতেন্দ্ৰ সিঙে ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত পৰিৱৰ্তনৰ প্ৰতীক বুলি অভিহিত কৰে
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “ট্ৰাইবুনেলৰ আন্তঃগাঁথনি উন্নীতকৰণে ১৯৮৫ চনৰ পৰা মুঠ চিএটি গোচৰৰ সংখ্যাৰ এক তৃতীয়াংশতকৈ অধিক গোচৰৰ নিষ্পত্তিৰ সৈতে মোদী চৰকাৰৰ যোৱা দশকৰ সফলতাক প্ৰতিফলিত কৰিছে
Posted On:
02 AUG 2025 5:14PM by PIB Guwahati
আজি গুৱাহাটীত কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ (CAT)ৰ নতুন আদালত-তথা-কাৰ্যালয় চৌহদ উদ্বোধন কৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৃথিৱী বিজ্ঞান আৰু পিএমঅ’ৰ ৰাজ্যিক মন্ত্ৰী , পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে।। মন্ত্ৰীগৰাকীয়ে এই উন্নয়নক বিগত দশকত উত্তৰ-পূৰ্বাঞ্চলে প্ৰত্যক্ষ কৰা উল্লেখযোগ্য পৰিৱৰ্তনৰ প্ৰতিফলন বুলি অভিহিত কৰে।
দেশৰ ভিতৰতে পুৰণি বেঞ্চৰ ভিতৰত চিএটিৰ গুৱাহাটী বেঞ্চখন প্ৰতিষ্ঠা হোৱাৰ প্ৰায় ৪০ বছৰৰ পাছত অৱশেষত এতিয়া ই নিজস্ব চৌহদ তথা আন্তঃগাঁথনি লাভ কৰিলে।
অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কেটৰ অধ্যক্ষ ন্যায়াধীশ আৰ.কে. ম’ৰী, ন্যায়িক ক্ষেত্ৰৰ অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানত ড০ জিতেন্দ্ৰ সিঙে ২০১৪ চনৰ পৰা মোদী চৰকাৰে সমগ্ৰ অঞ্চলটোৰ বাবে বিশেষভাবে মনোনিৱেশ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে তেনে মনোনিৱেশে এতিয়া স্পষ্ট পৰিৱৰ্তনলৈ ৰূপান্তৰিত হৈছে।
চিএটিৰ নিৰ্দিষ্ট বিৱৰ্তনৰ বিষয়ত আলোকপাত কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে চৰকাৰী কৰ্মচাৰীৰ বাবে সুলভ তথা সময়সীমাবদ্ধ ন্যায় নিশ্চিত কৰিবলৈ ১৯৮৫ চনত ন্যায়াধিকৰণখন গঠন কৰা হৈছিল যদিও ই দশক দশক ধৰি কেবোৰ বাধাৰ সৈতে সংগ্ৰাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে কয় 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পূৰ্বে গুৱাহাটী বেঞ্চখন ভাড়াতীয়া চৌহদৰ পৰা কাম কৰিবলৈ বাধ্য হৈছিল আৰু ই এতিয়া নিজৰ ভৱন লাভ কৰিবলৈ সক্ষম হৈছে ।'
ডাঃ জিতেন্দ্ৰ সিঙে অনুষ্ঠানত কেতবোৰ পৰিসংখ্যাও দাঙি ধৰে। তেওঁ কয় যে ১৯৮৫ চনৰ পৰা চিএটি-এ নিষ্পত্তি কৰা ৮.৮৮ লাখ গোচৰৰ ভিতৰত কেৱল যোৱা দহ বছৰত ২.৫৪ লাখতকৈ অধিক গোচৰ নিষ্পত্তি হৈছে—এয়া মুঠ নিষ্পত্তিৰ প্ৰায় এক তৃতীয়াংশ। নতুনকৈ উদ্বোধন কৰা চিএটিৰ গুৱাহাটী চৌহদত অত্যাধুনিক বৈশিষ্ট্য যেনে ভূমিকম্প প্ৰতিৰোধী নিৰ্মাণ, চিচিটিভি, বিভিন্ন সুবিধা আদি অন্তৰ্ভুক্ত কৰা হৈছে। ড° জিতেন্দ্ৰ সিঙে অসম চৰকাৰে ভূমি প্ৰদান কৰা বাবে আৰু মাত্ৰ তিনি বছৰৰ ভিতৰত অট্টালিকাটো সম্পূৰ্ণ কৰিবলৈ ক্ষিপ্ৰ পদক্ষেপ গ্ৰৰহণ কৰা বাবে ধন্যবাদ জনায়। তেওঁ চৌহদটো নিৰ্মাণৰ এনে সময়সীমা ব্যক্তিগত খণ্ডৰ প্ৰকল্পতো বিৰল বুলি উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ লকডাউনৰ সময়তো কামৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিগত হস্তক্ষেপ যেনে ই-ফাইলিং, ভিডিঅ’ কনফাৰেন্সিং, ডিজিটেল ন্যায়িক অভিলেখ আৰু অনলাইন পেমেণ্ট ব্যৱস্থাক মূল সক্ষমকাৰী পদ্ধতি হিচাপে কৃতিত্ব প্ৰদান কৰে। তেওঁ স্মৰণ কৰি কয় যে মহামাৰীৰ সময়তো জম্মু আৰু শ্ৰীনগৰত নতুন বেঞ্চ কাৰ্যকৰী কৰি ৰখা হৈছিল, তেতিয়াও ভিডিঅ’ ভিত্তিক শুনানিৰ জড়িয়তে গোচৰৰ ১০০% নিষ্পত্তি নিশ্চিত কৰা হৈছিল।ব্যৱস্থাগত সংস্কাৰৰ প্ৰসংগ উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে এটা জটিল সংশোধনীৰ কথা কয়, যিয়ে এতিয়া প্ৰশাসনিক সদস্যসকলক কেট বেঞ্চৰ নেতৃত্ব দিবলৈ অনুমতি দিছে, যিটো পূৰ্বে কেৱল ন্যায়িক সদস্যৰ ক্ষেত্ৰতে সীমাবদ্ধ আছিল। তেওঁ কয় 'প্ৰথম অৱস্থাত উদ্বেগ আছিল যদিও অভিজ্ঞতাই দেখুৱাইছে যে অভিজ্ঞ প্ৰশাসকসকলে সেৱাৰ নিয়মসমূহ বিবেচনাপূৰ্ণভাৱে বুজিবলৈ আৰু প্ৰয়োগ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম।'
ড° জিতেন্দ্ৰ সিঙে বাৰে বাৰে মামলা-মোকৰ্দমাৰ প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি আইনী অংশীদাৰসকলক প্ৰতিষ্ঠানটোৰ পবিত্ৰতা বজাই ৰাখিবলৈ আত্মনিৰীক্ষণ আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয়, ‘যদি প্ৰতিটো সিদ্ধান্ত পুনৰ উচ্চ ন্যায়ালয়ত যাবলগীয়া হয়, তেন্তে আমি সুধিব লাগিব যে কিবা এটা ভুল হৈছে নেকি।এনে কথাই কেট প্ৰতিষ্ঠা হোৱাৰ সময়তে গ্ৰহণ কৰা দৃষ্টিভংগীক ম্লান কৰে।
ভাষণৰ সামৰণিত তেওঁ চিএটি আৰু ইয়াৰ ক্ষিপ্ৰ ন্যায় প্ৰদানৰ অভিযানক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰৰ অবিৰত প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয়, “এই অনন্য প্ৰতিষ্ঠানটোৰ অখণ্ডতা ৰক্ষাৰ বাবে আমি সকলো অংশীদাৰৰ সৈতে সহযোগিতা কৰিবলৈ সাজু।”
NKR/PSM/DM
(Release ID: 2151827)