নৌ-পৰিবহন মন্ত্ৰালয়
ডিব্ৰুগড়ৰ বিশিষ্ট পণ্ডিত, সাহিত্যিক ড° নগেন শইকীয়াক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ
Posted On:
02 AUG 2025 4:53PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশিষ্ট পণ্ডিত, সাহিত্যিক, চিন্তাবিদ ড. নগেন শইকীয়াক ডিব্ৰুগড়স্থিত তেখেতৰ বাসগৃহত সাক্ষাৎ কৰে আৰু তেওঁৰ কুশল-বাৰ্তা লয়। এই সাক্ষাৎকালতে মন্ত্ৰীগৰাকীয়ে বৰ্ষীয়ান চিন্তাবিদগৰাকীৰ সৈতে বিভিন্ন বিষয়ত আলোচনাও কৰে।
ড° শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ড° নগেন শইকীয়াৰ দৰ্শন আৰু অমূল্য অৱদানে জাতীয় জীৱনক সমৃদ্ধ কৰি আহিছে আৰু নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতৰ পোৱা, তেওঁৰ আশীৰ্বাদ লাভ কৰা, আৰু তেওঁৰ জ্ঞানলব্ধ পৰামৰ্শৰে উপকৃত হোৱাটো পৰম সৌভাগ্যৰ কথা। তেওঁৰ কথাবোৰ সঁচাকৈ বৰ প্ৰেৰণাদায়ক।"

****
SR/GDH/HK
(Release ID: 2151775)