উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ

Posted On: 31 JUL 2025 3:15PM by PIB Guwahati

ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলত ১৬,২০৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে। ০১.০৪.২০২৫ তাৰিখলৈকে মুঠ ৭৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১২টা ৰে’ল প্ৰকল্প (০৮টা নতুন পথ আৰু ০৪ দ্বৈতকৰণকে ধৰি)ৰ বাবে উত্তৰ পূৰ্বাঞ্চলত আংশিকভাৱে/সম্পূৰ্ণৰূপে পৰা ৬৯,৩৪২ কোটি টকা ৰে’ল মন্ত্ৰালয়ে অনুমোদন জনাইছে। ইয়াৰে ২৭৮ কিলোমিটাৰ শুভাৰম্ভ কৰা হৈছে আৰু ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত ৪১,৬৭৬ কোটি টকা ব্যয় কৰা হৈছে।প্ৰধানমন্ত্ৰী গ্ৰাম চড়়ক যোজনাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত ৮৯,৪৩৬ কিলোমিটাৰ আৰু ২৩৯৮খন দলঙৰ ১৭,৬৩৭টা পথৰ কাম অনুমোদন জনোৱা হৈছে, ইয়াৰে ৮০,৯৩৩ কিলোমিটাৰ আৰু ২১০৮খন দলঙৰ ১৬,৪৬৯টা পথৰ কাম সম্পূৰ্ণ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ দূৰৱৰ্তী আৰু দুৰ্গম গাঁওসমূহলৈ উচ্চ বেণ্ডউইডথ ক্ষমতাসম্পন্ন ইণ্টাৰনেট/ব্ৰডবেণ্ড সংযোগ আৰু মোবাইল সেৱা প্ৰদানৰ বাবে ডিজিটেল ভাৰত নিধি (ডি বি এন)ৰ পুঁজিৰে কেইবাটাও পদক্ষেপ আৰু প্ৰকল্প গ্ৰহণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত ভাৰতনেট প্ৰকল্পৰ অধীনত ৬৩৫৫ খন গাঁও পঞ্চায়তক সেৱা সাজু কৰা হৈছে। তদুপৰি, চৰকাৰী পুঁজিৰে বিভিন্ন ম’বাইল প্ৰকল্পৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত ৩২৯৭টা ম’বাইল টাৱাৰ আৰম্ভ কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আঞ্চলিক সংযোগ আঁচনি – উড়ে দেশ কা আম নাগৰিক (উড়ান) আঁচনিখন আৰম্ভ কৰিছিল যাতে দেশৰ সেৱাবিহীন আৰু অকাৰ্যকৰী বিমানবন্দৰৰ পৰা আঞ্চলিক বিমান সংযোগ বৃদ্ধিৰ লগতে যাতায়ত জনসাধাৰণৰ বাবে সুলভ কৰি তোলা হয়। উত্তৰ-পূবৰ ৰাজ্যৰ ১২টা বিমানবন্দৰ আৰু হেলিপ’ৰ্ট সংযোগ কৰা আঞ্চলিক সংযোগ আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত মুঠ ৯০টা পথ কাৰ্যকৰী কৰা হৈছে।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক এন ইছিডছ (পথ), এন ইছিডছ (অ’টিআৰআই), পিএম-ডেভাইন, উত্তৰ-পূব পৰিষদৰ আঁচনি (এনইচি) আৰু বিশেষ উন্নয়ন পেকেজ (এছডিপি)ৰ পাঁচখন কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনত আন্তঃগাঁথনি উন্নয়ন, সংযোগ, যোগাযোগ আদিৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্প গ্ৰহণৰ বাবেও আৰ্থিক সাহায্য প্ৰদান কৰি আছে।

২০২২-২৩ৰ কেন্দ্ৰীয় বাজেটত  ১০০% কেন্দ্ৰীয় পুঁজিৰে নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ঘোষণা কৰা হৈছিল আৰু ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈ ৪ বছৰৰ বাবে মুঠ ব্যয় ৬,৬০০ কোটি টকাৰে ২০২২ চনৰ ১২ অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছিল। পি এম-ডিভাইন আঁচনিৰ উদ্দেশ্য হৈছে আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বাবে একত্ৰিতভাৱে, পি এম গতিশক্তিৰ মনোভাৱেৰে পুঁজি প্ৰদান কৰা, উত্তৰ পূৰ্বাঞ্চলৰ অনুভূত প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সামাজিক উন্নয়ন প্ৰকল্পসমূহক সহায় কৰা, যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাম-কাজ সক্ষম কৰা আৰু বিভিন্ন খণ্ডৰ উন্নয়নৰ ব্যৱধানসমূহ পূৰণ কৰা।

পৰ্যটনস্থলীসমূহৰ উন্নয়ন আৰু প্ৰচাৰৰ কাম মূলতঃ নিজ নিজ ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলে  তত্বাৱধান কৰে। অৱশ্যে পৰ্যটন মন্ত্ৰালয়ে নিজৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহৰ জৰিয়তে ‘স্বদেশ দৰ্শন(এছডি)’, স্বাধীন দৰ্শন ২.০ (এছডি২.০)’, ‘ৰাজ্যসমূহক মূলধনী বিনিয়োগৰ বাবে বিশেষ সাহায্য (এছএএছচিআই)’, ‘প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থান উন্নয়ন (চিবিডিডি)’ – স্বাধীন দৰ্শনৰ উপ-আঁচনি আৰু ‘তীৰ্থযাত্ৰা পুনৰুজ্জীৱন আৰু আধ্যাত্মিক, ঐতিহ্য বৃদ্ধি অভিযান (প্ৰসাদ)’ উত্তৰ-পূবৰ ৰাজ্যসমূহকে ধৰি অন্যান্য বিষয়ৰ লগতে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনসমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰি পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ প্ৰচেষ্টাসমূহৰ পৰিপূৰক।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে ইয়াৰ কেন্দ্ৰীয় খণ্ড আঁচনিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক পুঁজিও প্ৰদান কৰে।

এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত প্ৰদান কৰে।

*****

Samrat/Allen/Diganta


(Release ID: 2151179)
Read this release in: English , Urdu , Hindi , Manipuri