উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ বাবে চিনাক্ত কৰা খণ্ডসমূহ
Posted On:
30 JUL 2025 4:18PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য আৰু বিনিয়োগক অনুঘটক হিচাপে কাম কৰাৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ‘ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫’ৰ আয়োজন কৰিছিল। শীৰ্ষ সন্মিলনখনত উত্তৰ-পূৰ্বাঞ্চললৈ বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে চিনাক্ত কৰা প্ৰধান খণ্ডসমূহ আছিল পৰ্যটন আৰু আতিথ্য; কৃষি-খাদ্য সংসাধন আৰু আনুষংগিক খণ্ডসমূহ; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প; স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; আই টি/আই টি ই এছ; বিনোদন আৰু ক্ৰীড়া; আন্তঃগাঁথনি আৰু লজিষ্টিক; আৰু শক্তিখণ্ড। এই বুজাবুজি চুক্তিসমূহৰ ভিত্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰসমূহে সকলো বিনিয়োগকাৰীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। বিনিয়োগৰ সুবিধাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, য’ত অন্যান্য বিষয়ৰ ভিতৰত ‘ছিংগল উইণ্ডো ক্লীয়াৰেন্স’, ‘বিনিয়োগ প্ৰসাৰ সংস্থা’ স্থাপন, ‘ভূমি বেংক’ স্থাপন, বিনিয়োগৰ বাবে ‘উদগণি’ৰ ব্যৱস্থা আদি অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, বুজাবুজি চুক্তিসমূহৰ ভিত্তি স্থাপন প্ৰক্ৰিয়াৰ অগ্ৰগতি ৰাজ্য চৰকাৰসমূহৰ সৈতে পৰ্যালোচনা বৈঠকৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰলয়ে নিয়মিতভাৱে নিৰীক্ষণ কৰি আছে।
ৰাজ্য চৰকাৰসমূহে পৰিৱেশ সংবেদনশীল উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশতন্ত্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে কম কাৰ্বনযুক্ত প্ৰযুক্তি আৰু পৰিৱেশৰ প্ৰতি বহনক্ষম পদ্ধতি গ্ৰহণত গুৰুত্ব প্ৰদান কৰিছে। যিবোৰ প্ৰকল্পই বিপজ্জনক প্ৰভাৱ পেলোৱা নাই আৰু সেউজ উদ্যোগ হিচাপে শ্ৰেণীভুক্ত কৰা হয়, যিবোৰে স্থানীয় পৰিৱেশত ন্যূনতম নেতিবাচক প্ৰভাৱ পেলায়, তেনেবোৰ প্ৰকল্পক প্ৰাথমিকতা প্ৰদান কৰা হৈছে।
আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে।
****
Samrat/Allen/KB
(Release ID: 2150454)