গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সন্ত্ৰাসবাদক ৰোধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰাজি

Posted On: 29 JUL 2025 5:09PM by PIB Guwahati

ভাৰতৰ সংবিধানৰ সপ্তম সূচী অনুসৰি ‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ৰাজ্যসমূহৰ বিষয়। কিন্তু অভ্যন্তৰীণ আৰু সীমান্তৰ সুৰক্ষাজনিত প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণ তথা অভ্যন্তৰীণ আৰু সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰে বহু-মাত্ৰিক কৌশল গ্ৰহণ কৰিছে, সেয়া তলত উল্লেখ কৰা হৈছে –

অভ্যন্তৰীণ আৰু সীমান্তৰ সুৰক্ষা সুদৃঢ়কৰণৰ বাবে

 

    1. বিদ্ৰোহক প্ৰতিহতকৰণ ব্যৱস্থাৰ অগ্ৰগতি সাধন।

 

    1. কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)-ক নিয়োগ।

 

    1. নিৰাপত্তা আহিলাৰ আধুনিকীকৰণ আৰু সুদৃঢ়কৰণত বিশেষ গুৰুত্ব আৰোপ।
    2. ৰাজ্যিক আৰক্ষী বাহিনী, আইন প্ৰয়োগকাৰী সংস্থা আৰু চাইবাৰ তদন্তকাৰী সংস্থাসমূহৰ বাবে ভিন্ন সামৰ্থ্য বিকাশ কাৰ্য্যসূচীৰ আয়োজন।
    3. চোৰাংচোৱা ক্ষমতা বৃদ্ধি আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক সুদৃঢ়কৰণ তথা সকলো নিৰাপত্তা বাহিনীৰ মাজত বাস্তৱ-সময়ৰ ভিত্তিত চোৰাংচোৱা তথ্যসমূহৰ আদান-প্ৰদান কাৰ্য্য নিশ্চিত কৰা।
    4. চেন্সৰ, কেমেৰা, গ্ৰাউণ্ড চাৰ্ভিলেন্স ৰাডাৰ আৰু কমাণ্ড-কন্ট্ৰল চিষ্টেমক অন্তৰ্ভুক্তকৰণেৰে বিস্তৃত সংহত সীমা ব্যৱস্থাপনা ব্যৱস্থা (CIBMS) ৰূপায়ণ।
    5. গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলত মানৱবিহীন বিমান (UAV), ড্ৰোন আৰু উপগ্ৰহেৰে নিৰীক্ষণ কাৰ্য্য।
    6. ভাৰতমালা আৰু সীমান্ত পথ সংগঠনৰ পদক্ষেপৰ অধীনত সীমান্ত অঞ্চলত কৌশলগত পথ, সুৰংগ আৰু দলং নিৰ্মাণ।
    7. দিনত আৰু ৰাতি অঞ্চল বিশেষে সঞ্চালন।
    8. কৌশলগত অঞ্চলত ২৪ ঘন্টাই তালাচী।
    1. আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিন্ন স্থানত বেৰা, ফ্লাডলাইটিং, সীমান্ত আউট প’ষ্ট/ কোম্পানী পৰিচালনা ঘাটি, পথ আৰু সংহত চেক প’ষ্ট (ICP) নিৰ্মাণ আৰু উপকূলীয় নিৰাপত্তাক সুদৃঢ়কৰণৰ অৰ্থে ব্যৱস্থা গ্ৰহণ।
    2. বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ দৰে চুবুৰীয়া দেশৰ সৈতে নিয়মীয়াকৈ সীমান্ত-সমন্বয় বৈঠক আৰু যৌথ টহল।

 

অভ্যন্তৰীণ আৰু সীমান্ত-অতিক্ৰমি সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীল’ নীতি গ্ৰহণৰ সময়তে নিম্ন উল্লেখিত মূল ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে -

  1. সন্ত্ৰাসবাদী আৰু সহায়ক কাঠামোৰ বিৰুদ্ধে ফলপ্ৰসূ, নিৰন্তৰ আৰু স্থায়ী বিহিত ব্যৱস্থা।
  2. সমগ্ৰ চৰকাৰ পদ্ধতিৰ ব্যৱহাৰেৰে সন্ত্ৰাসবাদৰ ভিত্তি ভাঙি পেলোৱা।
  3. কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF), ভাৰতীয় সেনা আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ জৰিয়তে প্ৰতিৰোধমূলক অভিযান হাতত লোৱা হৈছে। ইয়াৰ জৰিয়তে সন্ত্ৰাসবাদৰ কৌশলগত সমৰ্থকক চিনাক্তকৰণ আৰু সন্ত্ৰাসবাদক সহায়-সহযোগৰ ব্যৱস্থাক উদঙাই দিবলৈ এনআইএ-ৰ জৰিয়তে তদন্ত আৰম্ভ কৰা।
  1. সন্ত্ৰাসবাদী সংগঠন আৰু ব্যক্তিগত সন্ত্ৰাসবাদী সন্দৰ্ভত ফলপ্ৰসূ বিচাৰৰ বাবে অবৈধ কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা আইন, ২০০৮-ৰ দৰে আইনী ব্যৱস্থাক সুদৃঢ় কৰা হৈছে।
  2. সন্ত্ৰাসবাদীৰ নেটৱৰ্ক আৰু কাৰ্য্যকলাপক ধৰা পেলাবলৈ কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটা বিশ্লেষণ আৰু মুখ চিনাক্তকৰণ আহিলাৰ ব্যৱহাৰ।
  3. অনলাইন উগ্ৰবাদক ৰোধ কৰিবলৈ ছ’চিয়েল মিডিয়া আৰু চাইবাৰস্পেচৰ নিৰীক্ষণ।

 

সন্ত্ৰাসবাদীলৈ আৰ্থিক সহায় বন্ধৰ বাবে গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ ভিতৰত আছে-

    1. সন্ত্ৰাসবাদলৈ বিত্তীয় সাহায্য ৰোধৰ বাবে ভিন্ন চোৰাংচোৱা/বলবৎকাৰী সংস্থাৰ সৈতে সমন্বয়ৰ অৰ্থে ২০১১-ৰ পৰা গৃহ মন্ত্ৰালয়ত এটা “সন্ত্ৰাসবাদলৈ বিত্তীয় সাহায্য ৰোধ (CFT) কোষ” স্থাপন কৰা হৈছে।
    2. সন্ত্ৰাসবাদীক পুঁজি যোগান আৰু ভুৱা ভাৰতীয় মুদ্ৰা নোট (FICN)-ৰ গোচৰৰ তদন্ত আৰু গোচৰ চলাবলৈ ৰাষ্ট্ৰীয় তদন্ত সংস্থা (NIA)-ত এটা সন্ত্ৰাসবাদক পুঁজি যোগান আৰু ভুৱা মুদ্ৰা ৰোধকাৰী কোষ (TFFC)ও স্থাপন কৰা হৈছে।
    3. দেশত ভুৱা ভাৰতীয় নোটৰ প্ৰচলন ৰোধ কৰিবলৈ কেন্দ্ৰ/ৰাজ্যৰ ভিন্ন নিৰাপত্তা সংস্থাসমূহৰ মাজত চোৰাংচোৱা/তথ্যৰ আদান-প্ৰদানৰ অৰ্থে এটা এফআইচিএন সমন্বয় কেন্দ্ৰ (FCORD)ও কাৰ্য্যক্ষম হৈ উঠিছে।
    1. বিত্তীয় চোৰাংচোৱা সংস্থাসমূহৰ সৈতে সমন্বিত কাৰ্য্যৰ জৰিয়তে সন্দেহজনক বিত্তীয় লেনদেন, এনজিঅ’ আৰু হাৱালা চেনেলসমূহক নিৰীক্ষণ।

 

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ (UNSCRs) ১২৬৭, ১৩৭৩ আৰু বেআইনী কাৰ্য্য-কলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ ধাৰা ৫১(এ)-ৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠন আৰু ইয়াৰ সদস্যৰ বিৰুদ্ধে জাৰি কৰা ভিন্ন নিষেধাজ্ঞাৰ ভিতৰত আছেঃ ধন/সম্পত্তি নিশ্চিহ্ন আৰু জব্দ কৰা; সন্ত্ৰাসবাদী সংগঠনৰ ধনৰ প্ৰবাহ নিষিদ্ধ কৰা আৰু সন্ত্ৰাসবাদী সংগঠনৰ সদস্য তথা নিৰ্দিষ্ট ব্যক্তিগত সন্ত্ৰাসবাদীৰ ওপৰত ভ্ৰমণৰ নিষেধাজ্ঞা।

 

ভাৰতৰ ২৬ খন দেশ আৰু ৫ খন বহু-পক্ষীয় মঞ্চ (আছিয়ান, বিমষ্টেক, ব্ৰিকছ, ইউৰোপিয়ান ইউনিয়ন (ইউ), কোৱাড-চিটিডব্লিউজি)-ৰ সৈতে সম্পূৰ্ণৰূপে কাৰ্য্যক্ষম সন্ত্ৰাসবাদ-বিৰোধী যৌথ কৰ্মগোট (JWG-CT) আছে; আৰু টিউনিছিয়াৰ সৈতে আলোচনা অব্যাহত আছে। দেশসমূহৰ সবিশেষ পৰিশিষ্ট- ক ত সংলগ্ন কৰা হৈছে।

কেন্দ্ৰ আৰু ৰাজ্যৰ চোৰাংচোৱা তথা নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদৰে জড়িত উপাদানসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ একেলগে কাম কৰে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় পৰ্য্যায়ত বহু সংস্থা কেন্দ্ৰ (MAC) আৰু ৰাজ্যিক পৰ্য্যায়ত ৰাজ্যিক বহু সংস্থা কেন্দ্ৰ (SMAC)-ৰ জৰিয়তে চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান, যৌথ আদেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, কাৰিকৰী আৰু মানৱ চোৰাংচোৱা শক্তিক সুদৃঢ়কৰণ, নিৰাপত্তা বাহিনী, জিলা আৰক্ষী আৰু চোৰাংচোৱা সংস্থাসমূহৰ মাজত গভীৰ সহযোগিতাৰ লগতে ৰাজ্যিক চোৰাংচোৱা ব্যুৰ’ক (SIB) সুদৃঢ়কৰণ আদি অন্তৰ্ভুক্ত হৈছে।

*******

 

পৰিশিষ্ট-ক

সন্ত্ৰাসবাদক ৰোধিবলৈ ভাৰতে যুটীয়া কৰ্ম গোট স্থাপন আৰু আলোচনা কৰা দেশ/বহু-পক্ষীয় গোটসমূহৰ সবিশেষ

 

ক্ৰমিক নং

দেশৰ নাম

অষ্ট্ৰেলিয়া

কানাডা

চীন

ইজিপ্ত

ফ্ৰান্স

জাৰ্মানী

ইণ্ডোনেছিয়া

ইজৰাইল

ইটালী

১০

জাপান

১১

কাজাখাস্তান

১২

মালয়েছিয়া

১৩

মালদ্বীপ

১৪

মৰিচাছ

১৫

মৰক্কো

১৬

নেডাৰলেণ্ড

১৭

ফিলিপাইনছ

১৮

ৰাছিয়া

১৯

চৌদি আৰৱ

২০

ছিংগাপুৰ

২১

তাজিকিস্তান

২২

তাঞ্জানিয়া

২৩

তুৰস্ক

২৪

যুক্তৰাজ্য

২৫

যুক্তৰাষ্ট্ৰ (USA)

২৬

উজবেকিস্তান

বহু-পক্ষীয় গোট

 

ক্ৰমিক নং

আঞ্চলিক গোটৰ নাম

আছিয়ান

বিমষ্টেক

ব্ৰিকছ

ইউৰোপিয়ান ইউনিয়ন

কোৱাড-চিটিডব্লিউজি

আলোচনা

 

টিউনিছিয়া

 

 

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা কয়।

***

VV/RR/HS/PS/PR/SB


(Release ID: 2150279)
Read this release in: English , Urdu , Hindi , Tamil