গৃহ মন্ত্ৰালয়
বাওঁ-পন্থী উগ্ৰবাদ হ্ৰাস
Posted On:
29 JUL 2025 5:08PM by PIB Guwahati
ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি আৰক্ষী আৰু জনশৃংখলাৰ বিষয় ৰাজ্য চৰকাৰসমূহৰ ওপৰত ন্যস্ত। কিন্তু ভাৰত চৰকাৰে বাওঁ-পন্থী উগ্ৰবাদ (LWE)-ৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে। এলডব্লিউই সমস্যাটোক সামগ্ৰিকভাৱে সমাধান কৰিবলৈ ২০১৫-ত “এলডব্লিউই-ৰে মোকাবিলাৰ অৰ্থে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনা”-ত অনুমোদন জনোৱা হৈছিল। ইয়াত নিৰাপত্তা সম্পৰ্কীয় ব্যৱস্থা, উন্নয়ন হস্তক্ষেপ, স্থানীয় সমাজৰ অধিকাৰ আৰু প্ৰাপ্য নিশ্চিতকৰণ আদিৰে জড়িত বহুমুখী কৌশলৰ কল্পনা কৰা হৈছে।
নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বেটেলিয়ন, প্ৰশিক্ষণ, ৰাজ্যিক আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে পুঁজি, সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ, চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান, ফৰ্টিফাইড আৰক্ষী থানা স্থাপন আদি ব্যৱস্থাৰে এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহৰ চৰকাৰক সহায় কৰে;
২০১৪-১৫ ৰ পৰা,
নিৰাপত্তা সম্পৰ্কীয় ব্যয় (SRE) আঁচনিৰ অধীনত বাহিনীসমূহৰ কাৰ্য্যকৰী ব্যয়, আত্মসমৰ্পণ কৰা এলডব্লিউই কেডাৰৰ পুনৰ্বাসন, এলডব্লিউই হিংসাত নিহত হোৱা সাধাৰণ নাগৰিকৰ পৰিয়াল/শ্বহীদ নিৰাপত্তা বাহিনীৰ জোৱান আদিলৈ অনুদানৰ বাবে ৩৩৫৭ কোটি টকা (ঝাৰখণ্ড - ৮৩০.৭৫ কোটি টকা) এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহলৈ মুকলি কৰি দিয়া হৈছে।
এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহলৈ ৰাজ্যৰ বিশেষ বাহিনী, ৰাজ্যিক চোৰাংচোৱা শাখা (SIB), জিলা আৰক্ষীক সুদৃঢ়কৰণ আৰু বিশেষ আন্তঃগাঁথনি আঁচনিৰ (SIS) অধীনত ৭১ ফৰ্টিফাইড আৰক্ষী থানা (FPS) স্থাপনৰ বাবে ১৭৪০ কোটি টকা (৪৩৯.৪৫ কোটি টকা – ঝাৰখণ্ড)ত অনুমোদন জনোৱা হৈছে।
উন্নয়নৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ (GoI) ধ্বজাবাহী আঁচনিসমূহৰ বাহিৰেও একাধিক এলডব্লিউই প্ৰভাৱিত অঞ্চলত পথ নেটৱৰ্কৰ সম্প্ৰসাৰণ, দূৰসংযোগ সংযোগৰ অগ্ৰগতি সাধন, শিক্ষা, দক্ষতা বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপেৰে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰে কেইটামান পদক্ষেপৰ কথা তলত উল্লেখ কৰা হৈছেঃ
পথ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে ০২ এলডব্লিউই নিৰ্দিষ্ট আঁচনিৰ অধীনত ১৭,৫৮৯ কিলোমিটাৰ (ঝাৰখণ্ড – ৩,১৬৮ কিলোমিটাৰ)ত অনুমোদন জনোৱা হৈছে যথাঃ পথ প্ৰয়োজনীয়তা পৰিকল্পনা (RRP) আৰু এলডব্লিউই প্ৰভাৱিত অঞ্চলৰ বাবে পথ সংযোগ প্ৰকল্প (RCPLWEA)। ইয়াৰে ১৪,৯০২ কিলোমিটাৰ, (ঝাৰখণ্ডৰ ২৯২৫ কিলোমিটাৰকে ধৰি) নিৰ্মাণ কৰা হৈছে।
এলডব্লিউই প্ৰভাৱিত অঞ্চলসমূহত টেলিকম সংযোগৰ অগ্ৰগতি সাধনৰ বাবে ১০,৬৪৪ টা ম’বাইল টাৱাৰ (ঝাৰখণ্ড - ১৭৫৫)ৰ পৰিকল্পনা কৰা হৈছে, ইয়াৰে ৮,৬৪০ টা টাৱাৰ, (ঝাৰখণ্ডৰ ১৫৮৯ টা টাৱাৰকে ধৰি) কাৰ্য্যক্ষম হৈ উঠিছে।
দক্ষতা বিকাশৰ বাবে ৪৮ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) আৰু ৬১ দক্ষতা বিকাশ কেন্দ্ৰ (SDC)-ত অনুমোদন জনোৱা হৈছে। ইয়াৰে ৪৬ খন আইটিআই (ঝাৰখণ্ড – ১৬) আৰু ৪৯ এছডিচি (ঝাৰখণ্ড – ২০) কাৰ্য্যক্ষম হৈ উঠিছে।
জনজাতীয় অঞ্চলসমূহত গুণগত শিক্ষাৰ বাবে ২৫৮ খন একলব্য আৰ্হি আৱাসিক বিদ্যালয়ত (EMRS) অনুমোদন জনোৱা হৈছে, ইয়াৰে ১৭৯ খন ইএমআৰএছ (ঝাৰখণ্ড - ৪৭) কাৰ্য্যক্ষম হৈ উঠিছে।
বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ডাক বিভাগে এলডব্লিউই প্ৰভাৱিত জিলাসমূহত বেংকিং সেৱাৰ সৈতে ৫৮৯৯ টা ডাকঘৰ (ঝাৰখণ্ড - ১২৪০ ) মুকলি কৰিছে। ১০০৭ টা বেংক শাখা (ঝাৰখণ্ড - ৩৪৯) আৰু ৯৩৭ টা এটিএম (ঝাৰখণ্ড - ৩৫২) অতিশয় এলডব্লিউই প্ৰভাৱিত জিলাসমূহত মুকলি কৰা হৈছে।
উন্নয়নক ত্বৰান্বিত কৰিবলৈ বিশেষ কেন্দ্ৰীয় সাহায্য (SCA) আঁচনিৰ অধীনত, বেছিভাগ এলডব্লিউই প্ৰভাৱিত জিলাতে ৰাজহুৱা আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ ব্যৱধান পূৰণৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা হৈছে। ২০১৭-ত আঁচনিখনৰ আৰম্ভণিৰ পিছৰে পৰা ৩,৭৬৯ কোটি টকা মুকলি কৰা হৈছে। ঝাৰখণ্ডলৈ মুকলি কৰি দিয়া হৈছে ১৪৩৯.৩৩ কোটি টকা।
বাওঁপন্থী উগ্ৰপন্থীসকলক মূলসুঁতিলৈ আহিবলৈ উৎসাহিতকৰণৰ অৰ্থে ৰাজ্যসমূহৰ নিজাকৈ আত্মসমৰ্পণ তথা পুনৰ্বাসন নীতি আছে। ‘আত্মসমৰ্পণ-তথা-পুনৰ্বাসন’ নীতিৰ জৰিয়তে ৰাজ্যসমূহৰ এই প্ৰচেষ্টাত ভাৰত চৰকাৰেও সহায় কৰে আৰু আত্মসমৰ্পণ কৰা কেডাৰৰ পুনৰ্বাসনৰ বাবে এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহে কৰা ব্যয় পৰিশোধ কৰে। পুনৰ্বাসন পেকেজত আন-আন বিষয়ৰ লগতে, তাৎক্ষণিকভাৱে উচ্চ পদবীৰ এলডব্লিউই কেডাৰৰ বাবে ৫ লাখ আৰু আন-আন এলডব্লিউই কেডাৰৰ বাবে ২.৫ লাখ টকাৰ অনুদানৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও আঁচনিৰ অধীনত অস্ত্ৰ-শস্ত্ৰ/গোলা-বাৰুদ সম্বৰণৰ ক্ষেত্ৰতো প্ৰৰোচনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও মাহিলী তিনি বছৰৰ বাবে ১০০০০/- টকাৰ ষ্টাইপেণ্ডৰ সৈতে তেওঁলোকৰ পছন্দৰ বাণিজ্য/বৃত্তিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও আছে। ৰাজ্যসমূহক আকৰ্ষণীয় আত্মসমৰ্পণ তথা পুনৰ্বাসন নীতি গ্ৰহণ কৰিবলৈয়ো উৎসাহিত কৰা হৈছে।
নীতিৰ দৃঢ় ৰূপায়ণৰ ফলশ্ৰুতিত ধাৰাবাহিকভাৱে হিংসাৰ ঘটনা হ্ৰাস পাইছে আৰু ভৌগোলিক বিস্তাৰৰ সংকোচন ঘটিছে। এলডব্লিউই সম্পৰ্কীয় হিংসাৰ ঘটনা আৰু ফলত সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ মৃত্যুৰ ঘটনা হ্ৰাস পাইছে। ইয়াৰ উপৰিও ২০১৩-ত ১২৬ খন জিলাৰ পৰা ২০২৫-ৰ এপ্ৰিলত ১৮ খন জিলালৈ এলডব্লিউই প্ৰভাৱিত জিলাৰ সংখ্যা ব্যাপক হ্ৰাস পাইছে।
ঝাৰখণ্ডৰ কথা ক’বলৈ গ’লে এলডব্লিউই-জনিত পৰিস্থিতিৰ যথেষ্ট অগ্ৰগতি সাধন হৈছে। ঝাৰখণ্ডত এলডব্লিউই-এ সংঘটিত কৰা হিংসাত্মক ঘটনাৰ সংখ্যা ২০০৯-ত ৭৪২-ৰ পৰা ২০২৪-ত ৬৯-লৈ ৯২% হ্ৰাস পাইছে। ২০২৪-ৰ ১ জানুৱাৰীৰ পৰা ১৫ জুলাই, ২০২৫-লৈকে ঝাৰখণ্ডত ১০৩ টা এলডব্লিউই সম্পৰ্কীয় হিংসাত্মক ঘটনা সংঘটিত হৈছে, য'ত ২৫ এলডব্লিউই কেডাৰক নিৰ্মূল কৰা হৈছে, ২৭৬ ক গ্ৰেপ্তাৰ কৰা হৈছিল লগতে আত্মসমৰ্পণ কৰে ৩২ এ। ঝাৰখণ্ডৰ এলডব্লিউই প্ৰভাৱিত জিলাসমূহো ২০১৩-ত ২১ খনৰ পৰা ২০২৫-ত মাত্ৰ ০২ খনলৈ হ্ৰাস পাইছে। কিন্তু ০৭ খন জিলাক লিগেচি এণ্ড থ্ৰাষ্ট জিলা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে এলডব্লিউই-ৰ প্ৰভাৱৰ মুক্তকৰণেৰে জিলা কেইখনলৈ অবিৰত সমৰ্থন আগবঢ়োৱা হ’ব।
আন্তঃগাঁথনিত বিনিয়োগৰ লগে-লগে উন্নত আইন-শৃংখলা আৰু নিৰাপত্তাজনিত পৰিস্থিতিয়ে বৰ্ধিত আৰ্থ-সামাজিক উন্নয়নৰ বাবে এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
***
VV/RR/HS/PS/PR/SB
(Release ID: 2150166)