নৌ-পৰিবহন মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ হৈছে শিক্ষা, অনুপ্ৰেৰণা আৰু পৰিৱেশ সচেতনতাৰ এক দিকদৰ্শক। - শ্ৰী সৰ্বানন্দ সোণোৱালে
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীস্থিত নিজৰ বাসগৃহৰ পৰা শুনিলে ‘মন কি বাত’ অনুষ্ঠান
“অসমৰ গৌৰৱ কাজিৰঙাই স্থান পালে প্ৰধানমন্ত্ৰীৰ ভাষণত: এ আই চালিত পক্ষীগণনাই সংৰক্ষণৰ নতুন অধ্যায় আৰম্ভ কৰিলে। কাজিৰঙাৰ চহকী পক্ষী জৈৱ বৈচিত্ৰ্য অসমৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়”: সৰ্বানন্দ সোণোৱাল
Posted On:
27 JUL 2025 7:47PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া সংস্কৰণ ‘মন কি বাত’ক প্ৰশংসা কৰি ভাৰতৰ জাতি গঠনৰ গতিশীল মনোভাৱ আৰু পৰিৱেশ সচেতনতাৰ প্ৰতি গভীৰ দায়বদ্ধতাক উজ্জ্বল কৰি তোলা এক প্ৰেৰণাদায়ক আৰু অন্তৰ্দৃষ্টিসম্পন্ন মঞ্চ বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীৰ ভাষণ সন্দৰ্ভত মন্তব্য দি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মন কি বাতে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰেৰণাদায়ক কাহিনী আৰু পৰিৱৰ্তনশীল প্ৰচেষ্টাবোৰক আলোকিত কৰিছে। ই এক গভীৰভাৱে সমৃদ্ধিশালী কাৰ্যসূচী হিচাপে গঢ় লৈ উঠিছে যিয়ে কেৱল মানুহক এই কাহিনীবোৰ অৱগত কৰা বা হৃদয় স্পৰ্শ কৰাই নহয় আৰু এইবোৰে আত্মাকো উন্নীত কৰে।”
সম্প্ৰচাৰৰ উল্লেখযোগ্য প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী জীৰ বিশ্বব্যাপী মৰ্যাদা আৰু জনসাধাৰণৰ সৈতে থকা তেওঁৰ গভীৰ আত্মিক সম্পৰ্কৰ সৈতে মন কী বাত এক শক্তিশালী মঞ্চ হিচাপে থিয় দিছে, যিয়ে নাগৰিকসকলক তেওঁৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰিবলৈ সুবিধা দিয়ে আৰু শক্তিশালী তথা অধিক একত্ৰিক ভাৰতলৈ অৰিহণা যোগোৱাৰ বাবে প্ৰেৰণা লাভ কৰিবলৈ সক্ষম কৰে।”
শেহতীয়া খণ্ডটোত প্ৰধানমন্ত্ৰী মোডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত গুৰুত্ব আৰোপ কৰা দিশটোক শ্ৰী সৰ্বানন্দ সোণোৱালে বিশেষভাৱে আদৰণি জনায়। তেওঁ কয়, “প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ বিখ্যাত গঁড়ৰ বাহিৰেও, কাজিৰঙাৰ চহকী পক্ষী জৈৱ বৈচিত্ৰ্যক স্বীকৃতি দিয়াটো অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত। প্ৰথমবাৰৰ বাবে ঘাঁহনি চৰাইৰ লোকপিয়ল (গ্ৰাছলেণ্ড বাৰ্ড ছেনছাছ)ৰ দৰে অগ্ৰণী প্ৰচেষ্টা আৰু পৰিৱেশ সংৰক্ষণৰ উন্নতিৰ ক্ষেত্ৰত এআইৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত তেওঁৰ গুৰুত্ব দিয়াটো সঁচাকৈয়ে উৎসাহজনক।”
মন কী বাতৰ সম্প্ৰচাৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘যদিও কাজিৰঙা গঁড়ৰ বাবে বিখ্যাত, এইবাৰ চৰ্চা হৈছে ইয়াৰ ঘাঁহনি আৰু ইয়াত বসবাস কৰা বৈচিত্ৰময় পক্ষীকূলৰ ওপৰত। প্ৰথমবাৰৰ বাবে ইয়াত ‘ঘাঁহনিৰ চৰাইৰ গণনা বা পিয়ল’ কৰা হৈছে, য’ত কেইবাটাও বিৰল চৰাইকে ধৰি ৪০টাতকৈও অধিক চৰাইৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। প্ৰযুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে, যাৰ জৰিয়তে শব্দ ৰেকৰ্ডিং যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল আৰু এআইৰ সহায়ত কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ চৰাইবোৰ চিনাক্ত কৰা হৈছিল। যেতিয়া প্ৰযুক্তি আৰু সংবেদনশীলতাই মসৃণ সামঞ্জস্য ৰক্ষা কৰে, তেতিয়া প্ৰকৃতিৰ বিষয়ে আমাৰ বোধ অধিক গভীৰ আৰু অধিক সুচল হৈ পৰে।”
প্ৰধানমন্ত্ৰীৰ আৱেগৰ কথা উল্লেখ কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “এই পদক্ষেপসমূহে মানৱতা আৰু প্ৰকৃতিৰ মাজত বহনক্ষম সহাৱস্থানৰ পথ আলোকিত কৰে। পৰিৱেশৰ প্ৰতি মমতাৰ সৈতে উদ্ভাৱনক একত্ৰিত কৰাৰ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিভংগীয়ে আমাৰ সকলোৰে বাবে এক মূল্যৱান শিক্ষা প্ৰদান কৰে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰে।”
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মন কী বাতে সজাগতা, প্ৰেৰণা, আৰু উমৈহতীয়া জাতীয় গৌৰৱৰ সংস্কৃতিক অগ্ৰগতি প্ৰদান কৰি গৈছে। শ্ৰী সোণোৱালে তেওঁৰ বাসগৃহৰ পৰা আজিৰ এই সম্প্ৰচাৰ শুনিছিল, তেওঁৰ লগতে বিজেপি দলৰ বিভিন্ন সদস্য, চৰকাৰী বিষয়া, আৰু একাংশ সাধাৰণ জনতাও উপস্থিত আছিল।
****
SR/GDH/SJ/HK
(Release ID: 2149161)