তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চলচ্চিত্ৰ উদ্যোগত ডিজিটেল পাইৰেচি ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে শক্তিশালী ব্যৱস্থা

Posted On: 25 JUL 2025 6:09PM by PIB Guwahati

সৃষ্টিশীল খণ্ডত ডিজিটেল পাইৰেচিৰ বিৰূপ প্ৰভাৱৰ বিষয়টোকলৈ  চৰকাৰ অধিক সচেতন হৈছে। এই গুৰুতৰ  বিষয়টোৰ সমাধানৰ বাবে তলত দিয়া সংস্কাৰসমূহ ৰূপায়ণ কৰা হৈছে।

 

•২০২৩ চনত চৰকাৰে চিনেমাট’গ্ৰাফ এক্ট, ১৯৫২ সংশোধন কৰি ডিজিটেল পাইৰেচিৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা অন্তৰ্ভুক্ত কৰে।

 

• সংশোধনীসমূহৰ ভিতৰত আছে নূন্যতম ৩ মাহৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ  জৰিমনা,৩ বছৰৰ কাৰাদণ্ড আৰু অডিট কৰা মুঠ উৎপাদন ব্যয়ৰ ৫% পৰ্যন্ত জৰিমনা বিহিব পাৰি।

 

•চিনেমাট’গ্ৰাফ আইনৰ ৬এএ আৰু ৬এবি ধাৰাত অকৰ্তৃত্বশীলভাৱে ছবিৰ ৰেকৰ্ডিং আৰু প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।

 

•চিনেমাট’গ্ৰাফ আইনখনৰ নতুনকৈ সংযোজন কৰা ধাৰা ৭(১বি)(ii) অনুসৰি চৰকাৰক পাইৰেটেড কন্টেন্ট সন্দৰ্ভত মধ্যস্থতাকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।

 

• তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা  কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডক কপিৰাইট থকা  বা অনুমোদিত ব্যক্তিৰ পৰা অভিযোগ গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে, লগতে  এনে বিষয়ৰে জড়িত মধ্যস্থতাকাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হৈছে।

 

•পাইৰেচি বিৰোধী কৌশল শক্তিশালী কৰাৰ লগতে সমন্বিত কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰা হৈছে।

 

•বিশ্ব অডিঅ’ ভিজুৱেল এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৫ৰ সময়ত ডিজিটেল পাইৰেচিৰ বিৰুদ্ধে যুঁজিবলৈ কাৰিকৰী সমাধান বিকশিত কৰাৰ বাবে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।

 

•ডিজিটেল পাইৰেচিৰ ভাবুকি ৰোধ কৰিবলৈ আৰু ভাৰতৰ মনোৰঞ্জন পৰিৱেশ তন্ত্ৰৰ অখণ্ডতা ৰক্ষাৰ বাবে চৰকাৰে আইন প্ৰয়োগকাৰী সংস্থাকে ধৰি সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে জড়িত হৈ কাম কৰি  আছে।

 

এই তথ্য তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে ৰাজ্যসভাত দাখিল কৰে।

***

Dharmendra Tewari\Navin Sreejith/DM


 


(Release ID: 2148585)