নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ বন্দৰসমূহে এতিয়া জাহাজৰ টাৰ্ণএৰাউণ্ডৰ সময় এদিনতকৈও কম কৰিব পাৰিছে: ২০২৫ চনৰ সামুদ্ৰিক বিত্তীয় সন্মিলনত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতে জাহাজ পৰিবহন খণ্ডত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগ মুকলি কৰিছে; অমৃত কাল ভিজন ২০৪৭ক আগুৱাই নিবলৈ সামুদ্ৰিক উন্নয়ন পুঁজি আৰু ডিজিটেল বিত্তীয় সংস্কাৰ আৰম্ভ কৰিছে

ভাৰতৰ বন্দৰসমূহে টাৰ্ণএৰাউণ্ডৰ সময় ১ দিনৰ তললৈ হ্ৰাস কৰিব পাৰিছে, কণ্টেইনাৰৰ ক্ষমতা ৭০% বৃদ্ধি কৰিছে আৰু কাৰ্গোৰ সংখ্যা বহুগুণে বৃদ্ধি কৰিছে

Posted On: 24 JUL 2025 7:55PM by PIB Guwahati

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আজি নতুন দিল্লীত সামুদ্ৰিক বিত্তীয় সন্মিলন ২০২৫ সফলতাৰে আয়োজন কৰে, য’ত জ্যেষ্ঠ নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা, বিশ্বৰ বিভিন্ন প্ৰান্তৰ  বিনিয়োগকাৰী আৰু এই ক্ষেত্ৰৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতৰ সামুদ্ৰিক ভৱিষ্যতৰ বাবে পৰিৱৰ্তনশীল বিত্তীয় কৌশলৰ বিষয়ত আলোচনা কৰা হয়। জাহাজ নিৰ্মাণ, বন্দৰৰ আন্তঃগাঁথনি আৰু বিত্তীয় স্থিতিস্থাপকতা শক্তিশালী কৰি ভাৰতক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তিসমূহৰ ভিতৰত স্থান দিবলৈ প্ৰয়াস চলোৱা সামুদ্ৰিক অমৃত কাল ভিজন (এমএকেভি) ২০৪৭ৰ  দৃষ্টিভংগীৰ সৈতে এই সন্মিলনৰ মিল আছে।

 

অনুষ্ঠানৰ আৰম্ভণিতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰনে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছত    বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰে  বিশেষ ভাষণ আগবঢ়ায়। অনুষ্ঠানত মুখ্য ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতে শক্তিশালী নীতিগত সমৰ্থন আৰু ক্ৰমবৰ্ধমান বিনিয়োগৰ গতিবেগৰ ক্ষেত্ৰত লক্ষ্যণীয়  পৰিৱৰ্তনৰ সাক্ষী হৈছে।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত আমি ২০৪৭ চনৰ বিকশিত ভাৰতৰ  লক্ষ্যৰে উন্নত ভাৰতৰ দৃষ্টিভংগী  গ্ৰহণ  কৰিছো আৰু এইক্ষেত্ৰত সামুদ্ৰিক খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এতিয়া ৪ দিনৰ পৰা ১ দিনতকৈ কম সময়লৈ গড় টাৰ্ণআউটৰ সময় হ্ৰাস পাইছে, প্ৰধান বন্দৰত কণ্টেইনাৰ ক্ষমতা ৭০% তকৈ অধিক বৃদ্ধি পাইছে আৰু উপকূলীয় তথা আভ্যন্তৰীণ জলপথৰ মাজেৰে মালবাহী সামগ্ৰীৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে, স্বয়ংক্ৰিয় পথৰ অধীনত জাহাজ চলোৱাত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে । জিআইএফটি চিটি আইএফএছচি  ইণ্ডিয়াই  এতিয়া সামুদ্ৰিক ক্ষেত্ৰখনত অন্যতম আকৰ্ষণীয় বিনিয়োগ পৰিৱেশ তন্ত্ৰ আগবঢ়াইছে । এনেববোৰ কথাই ভাৰতক কেৱল বাণিজ্যৰ ক্ষেত্ৰতে নহয়, বিত্ত, জাহাজ নিৰ্মাণ আৰু সেউজ সামুদ্ৰিক আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বিশ্বব্যাপী সামুদ্ৰিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো আমাৰ লক্ষ্য পূৰণত সহায় কৰিছে।”

 

ভাষণ প্ৰসংগত  ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰে  কয়, ‘ভাৰতৰ সামুদ্ৰিক উচ্চাকাংক্ষাসমূহ নিৰ্ভৰযোগ্য, দীৰ্ঘম্যাদী বিত্তীয় ভেটি অবিহনে পূৰণ কৰিব নোৱাৰি।আজিৰ শীৰ্ষ সন্মিলনত কেৱল ধাৰণা বিনিময় কৰাই নহয়, ই উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ মাজত বিশ্বাস গঢ়ি তোলাৰ  ক্ষেত্ৰত সুযোগৰ দুৱাৰমুখ স্বৰূপ  । ভাগ-বতৰা কৰা দৃষ্টিভংগী তথা প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বৰ সামুদ্ৰিক নেতা হিচাপে আত্মপ্ৰকাশ কৰিব।”

 

অনুষ্ঠানত কৰা আন এটা মূল ঘোষণা আছিল প্ৰস্তাৱিত সামুদ্ৰিক উন্নয়ন পুঁজি (এমডিএফ), যিটো এটা নিবেদিত মিশ্ৰিত বিত্তীয় মাধ্যম , যাৰ লক্ষ্য হৈছে মূলধনী ব্যয় হ্ৰাস কৰা আৰু জাহাজ নিৰ্মাণ কাৰখানা, উপকূলীয় আন্তঃগাঁথনি তথা আভ্যন্তৰীণ জলপথত দীৰ্ঘম্যাদী বিনিয়োগক আকৰ্ষণ কৰা। বিশ্ব বিনিয়োগকাৰী, জাহাজৰ মালিক, বীমা কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানকে ধৰি ১০০ৰো অধিক অংশীদাৰৰ সৈতে ব্যাপক আলোচনাৰ জৰিয়তে এমডিএফ গঢ়ি তোলা হৈছে।

বৃহৎ জাহাজসমূহক আন্তঃগাঁথনিৰ সম্পত্তি হিচাপে স্বীকৃতি দিয়া, খৰচৰ অসুবিধা দূৰ কৰিবলৈ জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য আঁচনি (এছ বি এফ এ এছ) সম্প্ৰসাৰণ কৰা আৰু এই খণ্ডত উপলব্ধ বিত্তীয় উদগনিৰ বিষয়ত  দীৰ্ঘম্যাদী দৃশ্যমানতা প্ৰদান কৰা আৰু জি আই এফ টি চিটি আই এফ এছ চিৰ জৰিয়তে জাহাজ লিজিং ব্যৱস্থাক সক্ষম ককৰি তোলা আদি নীতিগত ব্যৱস্থাসমূহ সামুদ্ৰিক তথা  জাহাজ নিৰ্মাণ খণ্ডত ভাৰতৰ বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে গ্ৰহণ  কৰি সেই বিষয়ত  আলোচনা কৰা হয়। ভাৰতীয় পতাকাযুক্ত টনেজক সমৰ্থন কৰিবলৈ মাৰ্চেণ্ট শ্বিপিং বিল আৰু ক’ষ্টেল শ্বিপিং বিলৰ দৰে নীতিগত পদক্ষেপ গ্ৰহণ কৰাৰ  বিষয়তো আলোকপাত কৰা হয়। সংসদে বিলছ অৱ লেডিং বিল ২০২৫ গৃহীত কৰিছে,  যাৰ লক্ষ্য হৈছে জাহাজৰ নথি-পত্ৰৰ বাবে আইনী কাঠামোক সৰল কৰি তোলা।

 

কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বিত পদ্ধতিৰ জৰিয়তে বৰ্তমানৰ জাহাজ নিৰ্মাণ কাৰখানাৰ ক্ষমতা বৃদ্ধিৰ বাবে নতুন জাহাজ নিৰ্মাণ ক্লাষ্টাৰ সৃষ্টি আৰু ব্ৰাউনফিল্ড সম্প্ৰসাৰণৰ বাবে মূলধনী সমৰ্থনৰো  পৰিকল্পনা কৰা হৈছে।

 

শীৰ্ষ সন্মিলনত উদ্ভাৱনীমূলক বিত্তীয় ব্যৱস্থা, বন্দৰ পৰিচালনাৰ ডিজিটেল পৰিপক্কতা, জাহাজ লিজিং আৰু মালিকীস্বত্বৰ বাবে নিয়ন্ত্ৰণ কাঠামো, বীমা  আৰু বহনক্ষম জাহাজ নিৰ্মাণ তথা পুনঃব্যৱহাৰৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানৰ এক উল্লেখনীয়ভাবে আলোকপাত কৰা  আছিল বিত্তীয় ডিজিটেল মেচিউৰিটি মেট্ৰিক্স (এফডিএমএম) মুকলি কৰা, যিটো হৈছে প্ৰধান বন্দৰসমূহত ডিজিটেল বিত্তীয় সামৰ্থ্যৰ মূল্যায়ন আৰু উন্নীতকৰণৰ বাবে এক বিস্তৃত কাঠামো, যিয়ে বিনিয়োগকাৰীৰ বাবে প্ৰস্তুত, উচ্চ-কাৰ্য্যক্ষম আন্তঃগাঁথনিক সক্ষম কৰি তোলে।

 

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰনে কয় ‘ভাৰত সামুদ্ৰিক বিত্তীয় সন্মিলনে আত্মনিৰ্ভৰশীল আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামুদ্ৰিক অৰ্থনীতি গঢ়ি তোলাৰ বাবে আমি গ্ৰহণ কৰা  প্ৰচেষ্টাৰ এক সংজ্ঞায়িত মুহূৰ্ত হিচাপে চিহ্নিত হৈছে।বিগত এটা বছৰত আমি অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি বিত্তীয় সাহায্য, সামৰ্থ্য বিকাশ, চাহিদা সৃষ্টি আৰু দক্ষতা বৃদ্ধিৰ বিষয়ত কেন্দ্ৰিত চাৰিটা স্তম্ভৰ কৌশল প্ৰস্তুত কৰিছো। উল্লেখনীয়  গতিৰে  আমি এতিয়া আগবাঢ়িছো।   এই সন্মিলনে দৃষ্টিভংগীক কাৰ্য্যলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি হিচাবে চিহ্নিত কৰিছে। ”

 

অনুষ্ঠানত সমগ্ৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িত  প্ৰায় ২৫০ জন অংশীদাৰে অংশগ্ৰহণ কৰে। বিত্তীয় প্ৰতিষ্ঠানসমূহ আছিল অংসগগ্ৰহণকাৰীসকলৰ ভিতৰত অন্যতম।  তাৰ পিছতে জাহাজ নিৰ্মাণ কাৰখানা, পৰামৰ্শদাতা আৰু জাহাজ চলোৱাসকলে  ইয়াত ভাগ লৈ অনুষ্ঠানটোক আকৰ্ষণীয় কৰি তোলে। জাহাজ কোম্পানী, বিদেশী দূতাবাস আৰু উদ্যোগ সংস্থাসমূহৰ পৰাও বহুতে  প্ৰতিনিধিত্ব কৰে, যি কথাই সমগ্ৰ সামুদ্ৰিক মূল্য শৃংখলত, উপাদান নিৰ্মাতাৰ পৰা শৈক্ষিক বিশেষজ্ঞলৈকে এক সু-বৃত্তাকাৰ উপস্থিতিৰ ছবি এখন  প্ৰদৰ্শন কৰে।

 

নৰৱে, ইটালী, গ্ৰীচ, ছিংগাপুৰ, নেদাৰলেণ্ড, জাপান, জাৰ্মানী, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া আৰু চাইপ্ৰাছকে ধৰি বিভিন্ন  দেশৰ দূতাবাসসমূহৰ  বিশিষ্ট প্ৰতিনিধিসকল; ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ড (গুজৰাট, মহাৰাষ্ট্ৰ, আৰু অন্ধ্ৰ প্ৰদেশৰ  বিষয়াসকলৰ সৈতে); আৰু কোচিন শ্বিপয়াৰ্ড, ডেমেন, চৌগুলে এণ্ড কোম্পানী তথা  শ্বোৱান ডিফেন্সৰ দৰে আগশাৰীৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়েও ইয়াত ভাগ লয়।  বিশিষ্ট জাহাজৰ মালিকসকলৰ ভিতৰত আছিল এছ চি আই, এ পি মলাৰ-মাৰ্স্ক, চি এম এ চি জি এম, আৰু ছান মেৰিটাইম আদি। এই সন্মিলনত বিইএমএল আৰু মেৰিন ইলেক্ট্ৰিকেলছৰ দৰে কম্পোনেণ্ট মেনুফেকচাৰিং ফাৰ্মৰ কাৰ্যবাহী, ইউনিয়ন মেৰিনৰ দৰে জাহাজ পৰিচালনা কৰা সংস্থা, ডিএনভি, লয়ডছ ৰেজিষ্টাৰ আৰু আইআৰএছৰ দৰে  সমিতি তথা নেবিএফআইডি, এনআইআইএফ, আইআইএফচিএল, এনইঅ’ আৰু ক্লাইমেট ফাণ্ড মেনেজাৰকে ধৰি শীৰ্ষ বিত্তীয় প্ৰতিষ্ঠান , ফাণ্ডৰ কাৰ্যবাহীসকলেও ইয়াত ভাগ লয়। 

এই সন্মিলনখনে বন্দৰসমূহৰ যুটীয়া সচিব শ্ৰী আৰ লক্ষ্মণনকে ধৰি মূল গণ্যমান্য ব্যক্তি তথা  বিশেষজ্ঞসকলৰ অন্তৰ্দৃষ্টিৰ দ্বাৰাও লাভৱান হয়; শ্ৰী ভেংকটেছাপতি এছ, যুটীয়া সচিব, জাহাজ পৰিবহণ;ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডৰ চিইঅ’ শ্ৰী ৰাজকুমাৰ বেনিৱাল, গুজৰাট, শ্ৰী প্ৰদীপ পি, মহাৰাষ্ট্ৰ আৰু শ্ৰী প্ৰবীণ আদিত্য, অন্ধ্ৰ প্ৰদেশ আদি ব্যক্তিসকলেও অনুষ্ঠানত উপস্থিত থাকে। বেংক, বীমা প্ৰতিষ্ঠান, আইএফএছচিএ আৰু সাগৰমালা বিত্ত নিগমৰ দ্বাৰা বিষয়ভিত্তিক অধিৱেশনসমূহ সমৃদ্ধ হৈ পৰে।

 

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ  বিশেষ সচিব শ্ৰী ৰাজেশ কুমাৰ সিনহাই তেওঁৰ  সামৰণি ভাষণত  মন্ত্ৰালয়ে বিত্তীয় উদ্ভাৱন, প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু সামুদ্ৰিক অমৃত কালৰ দৃষ্টিভংগী ২০৪৭ আগুৱাই নিয়াৰ বিষয়ত গুৰুত্ব আৰোপ  কৰে।


***

SR/GDH/SJ/HK/DM


(Release ID: 2148190)
Read this release in: English , Urdu , Hindi