বিত্ত মন্ত্ৰালয়
বেংকসমূহক নিষ্ক্ৰিয় পিএম জন ধন যোজনা একাউন্ট বন্ধ কৰিবলৈ কোনো নিৰ্দেশনা প্ৰদান কৰা হোৱা নাইঃ বিত্তীয় সেৱা বিভাগ, বিত্ত মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
08 JUL 2025 4:17PM by PIB Guwahati
বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে (DFS) বেংকসমূহক নিষ্ক্ৰিয় পিএম জন ধন যোজনা একাউন্ট বন্ধ কৰিবলৈ দিছে বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত বিত্তীয় সেৱা বিভাগে কয় যে বিভাগে বেংকসমূহক নিষ্ক্ৰিয় পিএম জন ধন যোজনা একাউন্ট বন্ধ কৰিবলৈ কোনো ধৰণৰ নিৰ্দেশনা প্ৰদান কৰা নাই।
বিভাগটোৱে ১ জুলাইৰ পৰা জন ধন যোজনা একাউন্ট, জীৱন জ্যোতি বীমা যোজনা, অটল পেঞ্চন যোজনা আৰু আন-আন কল্যাণমূলক আঁচনিসমূহৰ অভিযোজনা কাৰ্য্যক ত্বৰান্বিতকৰণৰ অৰ্থে সমগ্ৰ দেশতে এটি তিনি-মাহজোৰা অভিযানৰ শুভাৰম্ভ কৰিছে। এই অভিযানৰ সময়ছোৱাত বেংকসমূহে সকলো একাউন্টৰ পুনৰ-কেৱাইচিও সম্পাদন কৰিব। বিভাগে অহৰহভাৱে অ-কাৰ্য্যকৰী পিএমজেডিৱাই একাউন্টৰ সংখ্যা নিৰীক্ষণ কৰি আহিছে আৰু বেংকসমূহক তেওঁলোকৰ একাউন্টসমূহ কাৰ্য্যকৰী কৰিবলৈ সংশ্লিষ্ট একাউন্টধাৰীসকলৰ সৈতে যোগাযোগৰ পৰামৰ্শ প্ৰদান কৰিছে। মুঠ পিএমজেডিৱাই একাউন্টৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আৰু নিষ্ক্ৰিয় পিএমজেডিৱাই একাউন্টসমূহ বন্ধৰ ঘটনা সম্পৰ্কে বিভাগ জ্ঞাত নহয়।
****
NB/AD/SB
(ৰিলিজ আই ডি : 2143184)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam