ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ‘ভূমি পূজন’ অনুষ্ঠানেৰে গুজৰাটৰ আনন্দত দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় বিশ্ববিদ্যালয় “ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশনাত সমবায় খণ্ডত সামৰ্থ্য বিকাশৰ বাবে “ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাটো ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ

সমবায় , উদ্ভাৱন আৰু নিয়োগৰ ‘ত্ৰিৱেণী’স্বৰূপ এই বিশ্ববিদ্যালয়খন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব

ইয়াৰ উপৰি শ্ৰী অমিত শ্বাহে এনচিইআৰটিয়ে প্ৰস্তুত কৰা শৈক্ষিক আৰ্হিও উন্মোচন কৰিব, যাতে ছাত্ৰ-ছাত্ৰীসকলক সমবায়ৰ নীতি আৰু ভাৰতত সমবায় আন্দোলনৰ প্ৰভাৱৰ সৈতে পৰিচিত কৰিব পাৰি

“ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্য হৈছে সমবায়সমূহৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰিচালনা, বিত্ত, আইন আৰু গ্ৰাম্য উন্নয়নৰ শিক্ষা, প্ৰশিক্ষণ তথা গৱেষণাৰ সুযোগ প্ৰদান কৰা

Posted On: 04 JUL 2025 2:46PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে অহা ৫ জুলাই ২০২৫ তাৰিখে গুজৰাটৰ আনন্দত ‘ভূমি পূজন’  অনুষ্ঠানেৰে  দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় বিশ্ববিদ্যালয় "ত্ৰিভুৱন" সমবায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় সমবায় দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত কৃষণ পাল গুৰ্জাৰ আৰু শ্ৰীযুত মুৰলীধৰ মোহল,  গুজৰাট চৰকাৰৰ শিক্ষামন্ত্ৰী  শ্ৰীযুত ঋষিকেশ পেটেল আৰু সমবায় মন্ত্ৰী শ্ৰীযুত জগদীশ বিশ্বকৰ্মা, সমবায় মন্ত্ৰালয়ৰ সচিব  ড° আশীষ কুমাৰ ভূটানী, টি এছ ইউৰ উপাচাৰ্য ড° জে এম ব্যাসকে ধৰি বহু বিশিষ্ট অতিথি উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশনাত “ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত সমবায় খণ্ডত সামৰ্থ্য বিকাশৰ বাবে আৰু ‘সহকাৰ সে সমৃদ্ধি’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ এক ঐতিহাসিক তথা  দূৰদৰ্শী পদক্ষেপ হিচাবে বিবেচিত হৈছে। এই বিশ্ববিদ্যালয়খনে সমবায়, উদ্ভাৱন আৰু নিয়োগৰ ত্ৰিৱেণীক বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত গণ আন্দোলনলৈ পৰিণত হোৱা “এক পেড় মা কে নাম” অভিযানৰ অধীনত বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰি পৰিৱেশ সুৰক্ষা আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰতি দায়বদ্ধতাৰ ভাব জগাই তুলিব। ইয়াৰ উপৰি  শ্ৰী শ্বাহে ভাৰতত সমবায়ৰ  নীতি তথা  সমবায় আন্দোলনৰ প্ৰভাৱৰ সৈতে বিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰীসকলক পৰিচিত কৰোৱাৰ অৰ্থে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (এনচিইআৰটি)ৰ দ্বাৰা প্ৰস্তুত কৰা এটা শৈক্ষিক আৰ্হিও উন্মোচন কৰিব।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত “ত্ৰিভুৱন” সমবায় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লক্ষ্য হৈছে সমবায় খণ্ডৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণৰ বাবে পেছাদাৰী আৰু প্ৰশিক্ষিত জনশক্তি গঢ়ি তোলা। এই বিশ্ববিদ্যালয়ে সমবায় ব্যৱস্থাপনা, বিত্ত, আইন আৰু গ্ৰাম্য উন্নয়ন আদি ক্ষেত্ৰত বিশেষ শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ সুযোগ প্ৰদান কৰিব। ই উদ্ভাৱন, সামৰ্থ্য বিকাশ আৰু উত্তম পদ্ধতিক প্ৰসাৰিত কৰি তৃণমূল পৰ্যায়ত সমবায় প্ৰতিষ্ঠানসমূহক সবলীকৰণ কৰিব, শাসন ব্যৱস্থাৰ উন্নতি সাধন কৰিব আৰু সৰ্বাংগীন আৰু বহনক্ষম গ্ৰাম্য অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ভিত্তিত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক গাঁথনিত পি এইচ ডি, পৰিচালনা পৰ্যায়ত ডিগ্ৰী, তত্বাৱধায়ক পৰ্যায়ত ডিপ্লমা আৰু কাৰ্য্যকৰী পৰ্যায়ত প্ৰমাণপত্ৰকে ধৰি একাধিক নমনীয় আৰু বহুমুখী কাৰ্যসূচী আগবঢ়োৱা হ’ব। ইয়াৰ চৌহদত আৰু অন্যান্য ৰাজ্যত বিষয়-নিৰ্দিষ্ট বিদ্যালয় স্থাপন কৰা হ’ব তথা  সমবায় শিক্ষা আৰু প্ৰশিক্ষণক মানকৰণৰ বাবে ৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি তোলা হ’ব। ৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি তুলিবলৈ বিশ্ববিদ্যালয়খনে অহা চাৰি বছৰত বৰ্তমানৰ ২০০ৰো অধিক সমবায় প্ৰতিষ্ঠানক ইয়াৰ সৈতে  সংযোগ কৰাৰ চেষ্টা কৰিব।

 

ভাৰতৰ প্ৰায় ৪০ লাখ সমবায় কৰ্মী আৰু ৮০ লাখ ব’ৰ্ডৰ সদস্যৰ দক্ষতা বিকাশ তথা  সামৰ্থ্য বিকাশৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশ্ববিদ্যালয়খনে আগন্তুক পাঁচ বছৰত প্ৰাথমিক কৃষি ঋণ সমিতি (PACS), দুগ্ধ, মীন, মীন, ইত্যাদি সমবায় সমিতিৰ প্ৰায় ২০ লাখ কৰ্মীক প্ৰশিক্ষণ দিব।

 

উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ বিশ্ববিদ্যালয়খনে সমবায় অধ্যয়নৰ ভিত্তিত পি এইচ ডি কাৰ্যসূচীৰ জৰিয়তে এক শক্তিশালী শিক্ষকৰ ভিত্তি গঢ়ি তুলিব। বৰ্তমান সময়ত সমবায় শিক্ষা কেইখনমান ৰাজ্যত সীমাবদ্ধ হৈ আছে আৰু বিভিন্ন প্ৰতিষ্ঠানত সিঁচৰতি হৈ আছে, যি এই খণ্ডৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে অপৰ্যাপ্ত।

বৰ্তমান ভাৰতত বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বাবে সমবায়সমূহত উদ্ভাৱন আৰু সুলভ প্ৰযুক্তিৰ বিষয়ত গৱেষণা তথা উন্নয়নত সহায় কৰিব পৰাকৈ কোনো প্ৰতিষ্ঠানিক ব্যৱস্থা নাই। এই কথা মনত ৰাখি বিশ্ববিদ্যালয়খনত এখন গৱেষণা আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব,  যি পৰিষদে সমবায় খণ্ডত গৱেষণা তথা উন্নয়নৰ কাম হাতত লোৱাৰ লগতে সংযুক্ত প্ৰতিষ্ঠানসমূহতো এই বিষয়ত  প্ৰচাৰ কৰিব। ইয়াৰ উপৰি ভাৰতত বিশ্বৰ উত্তম পদ্ধতিসমূহ প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয় সাধন কৰিব।

 

RK/VV/PR/PS/DM


(Release ID: 2142253)