গৃহ মন্ত্ৰালয়
পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ সময় ৩১ জুলাই, ২০২৫ লৈকে মুকলি
পোষ্ট কৰা হৈছে:
02 JUL 2025 4:15PM by PIB Guwahati
গণৰাজ্য দিৱস, ২০২৬ত ঘোষণা হ’বলগীয়া পদ্ম বঁটা-২০২৬ৰ মনোনয়ন/অনুমোদন ১৫ মাৰ্চ, ২০২৫ৰ পৰা আৰম্ভ হৈছে।পদ্ম বঁটাৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২৫ ধাৰ্য্য কৰা হৈছে ।পদ্ম বঁটাৰ বাবে মনোনয়ন/অনুমোদন কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল (https://awards.gov.in) ৰ জড়িয়তে অনলাইনযোগে গ্ৰহণ কৰা হ’ব।
পদ্ম বঁটাসমূহ অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰৰে অন্যতম বঁটা। ১৯৫৪ চনৰ পৰা আৰম্ভ কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে্য ঘোষণা কৰা হয়। এই বঁটাসমূহ ‘বিশেষত্বপূৰ্ণ কাম’ৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয়। এই বঁটা সকলো ক্ষেত্ৰ/শাখাতে বিশিষ্ট তথা ব্যতিক্ৰমী কৃতিত্ব/সেৱাৰ বাবে প্ৰদান কৰা হয়। তেনে ক্ষেত্ৰসমূহ হৈছে কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজ কৰ্ম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, জনসংযোগ, অসামৰিক সেৱা, বাণিজ্য তথা উদ্যোগ ইত্যাদি। বৰ্ণ, পেছা, পদবী বা লিংগৰ ভিন্নতা নিৰ্বিশেষে যিকোনো ব্যক্তি এই বঁটা লাভ কৰিবলৈ যোগ্য।
চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত চাকৰিয়ালকে ধৰি চৰকাৰী চাকৰিয়ালসকল পদ্ম বঁটাৰ বাবে যোগ্য নহয়।
পদ্ম বঁটাক “জনতাৰ পদ্ম”লৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে সকলো নাগৰিককে এই বঁটাৰ বাবে নিজে নিজৰ বাবে মনোনয়ন দিয়াকে ধৰি মনোনয়ন/অনুমোদন প্ৰদানৰ বাবে অনুৰোধ জনোৱা হৈছে। এই বঁটাৰ বাবে মহিলা, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জাতি, দিব্যাং ব্যক্তি তথা সমাজৰ হকে নিস্বাৰ্থ সেৱা কৰি থকা প্ৰতিভাৱান ব্যক্তিসকলক চিনাক্ত কৰাৰ অৰ্থে সংহত প্ৰচেষ্টা চলোৱা হৈছে।
মনোনয়ন/অনুমোদনসমূহত ওপৰৰ উক্ত পৰ্টেলত উপলব্ধ আৰ্হিত নিৰ্দিষ্ট কৰি দিয়া সকলো প্ৰাসংগিক বিৱৰণ থাকিব লাগিব, কৃতিত্বৰ বিষয়ে বিস্তৃত উদ্ধৃতি (সৰ্বাধিক ৮০০ শব্দ) থাকিব লাগিব, অনুমোদন জনোৱা ব্যক্তিগৰাকীৰ ক্ষেত্ৰত নিজ নিজ ক্ষেত্ৰ/শাখাত বিশিষ্ট তথা ব্যতিক্ৰমী কৃতিত্ব/সেৱাৰ কথা স্পষ্টভাৱে উন্মোচিত হ’ব লাগিব।
এই সন্দৰ্ভত সবিশেষ তথ্য গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট (https://mha.gov.in) আৰু পদ্ম বঁটা পৰ্টেল (https://padmaawards.gov.in)ত ‘বঁটা আৰু পদক’ শিৰোনামৰ অধীনত উপলব্ধ । এই বঁটাসমূহৰ সৈতে জড়িত বিধি আৰু নিয়মসমূহ ৱেবছাইট https://padmaawards.gov.in/AboutAwards.aspx লিংকত উপলব্ধ।
***
RK/VV/ASH/PR/PS/DM
(ৰিলিজ আই ডি : 2141599)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam