খনি মন্ত্ৰালয়
খনি আৰু কয়লা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত গুৱাহাটীত ২য় উত্তৰ-পূৰ্বাঞ্চল ভূতত্ত্ব আৰু খনি মন্ত্ৰীৰ কনক্লেভৰ আয়োজন
Posted On:
26 JUN 2025 5:19PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ (NER) খনিজ পদাৰ্থ আৰু কয়লাৰ সম্ভাৱনা উন্মেষৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে খনি মন্ত্ৰালয়ে কয়লা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত ২৭–২৮ জুন, ২০২৫-ত গুৱাহাটীত ২য় উত্তৰ-পূৰ্বাঞ্চল ভূতত্ত্ব আৰু খনি মন্ত্ৰীৰ কনক্লেভৰ আয়োজন কৰিছে। ভাৰত চৰকাৰৰ ‘বিকশিত ভাৰত’-ৰ দৃষ্টিভংগীৰ অধীনত আয়োজিত এই কনক্লেভত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই অংশগ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনত সমগ্ৰ অঞ্চলটোৰ খনি আৰু ভূতত্ত্ব বিভাগৰ মন্ত্ৰীসকলে ভাগ ল’ব।
এই কাৰ্য্যসূচী আয়োজনৰ লক্ষ্য হৈছে বহনক্ষম আৰু বৈজ্ঞানিক খনন কাৰ্য্যক উৎসাহিতকৰণ, সম্পদ খণ্ডত ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতি সাধন আৰু সুষম আঞ্চলিক উন্নয়নৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ক সুদৃঢ়কৰণ। নাগালেণ্ডত অনুষ্ঠিত এনে প্ৰথমখনি কনক্লেভৰ সফলতাৰে অনুপ্ৰাণিত হৈ এইবাৰ এলানি প্ৰভাৱশালী অধিবেশনৰ আয়োজন কৰা হৈছে। খনি মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় ভূতাত্ত্বিক জৰীপে (GSI) খনিজ পদাৰ্থৰ অন্বেষণৰ শেহতীয়া তথ্য উপস্থাপন কৰিব আৰু অঞ্চলটোৰ ভূতত্ত্ব তথা সম্পদ খণ্ডলৈ সমৰ্পিত মূল প্ৰকাশনসমূহ উন্মোচন কৰিব। ইয়াতে খনিজ পদাৰ্থৰ অন্বেষণ কাৰ্য্যক ত্বৰান্বিতকৰণৰ অৰ্থে কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হ’ব। খনি মন্ত্ৰালয়ে অঞ্চলটোত অব্যাহত কেইবাটাও অন্বেষণ প্ৰকল্পলৈ সমৰ্থন আগবঢ়াই অহা ৰাষ্ট্ৰীয় খনিজ অন্বেষণ ন্যাস (NMET)-ৰ অধীনত সাধন হোৱা অগ্ৰগতিতো আলোকপাত কৰিব।
ভাৰতৰ খনিজ নিলাম ব্যৱস্থাই যোৱা কেইমাহমানৰ পৰা দ্ৰুত গতি লাভ কৰিছে। ২০২৪–২৫ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মুঠ ২৮৩ টা মিনাৰেল ব্লক নিলামৰ বাবে সাজু কৰিছে। ইয়াৰে ১৬১ টা মিনাৰেল ব্লক সফলভাৱে নিলাম কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত মুঠ সংখ্যা ৫১৫ লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত অসমৰ ৫ টা মিনাৰেল ব্লক আৰু অৰুণাচল প্ৰদেশৰ চাৰিটা গুৰুত্বপূৰ্ণ মিনাৰেল ব্লক অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হৈছে। এনে নিলাম কাৰ্য্যই ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ কৌশলত কেন্দ্ৰীয় ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰস্তুতিতে গুৰুত্ব আৰোপৰ লগতে সম্পদ আবন্টনৰ ক্ষেত্ৰত স্বচ্ছতা আৰু প্ৰতিযোগিতামূলক ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ অংগীকাৰকে প্ৰতিফলিত কৰে।
সমান্তৰালভাৱে কয়লা মন্ত্ৰালয়ে এই কনক্লেভতে দুই গুৰুত্বপূৰ্ণ প্ৰকাশন উন্মোচন কৰিব যথা— “উত্তৰ-পূৰ্বাঞ্চলত কয়লা সম্পদ আৰু অন্বেষণৰ প্ৰতিবেদন” (Report on Coal Resources & Exploration in North Eastern Region) আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বাণিজ্যিক কয়লা খনন সন্দৰ্ভত এখনি ব্ৰ’চাৰ। এই প্ৰকাশনসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচ কয়লা ব্লকৰ সফল নিলামকে প্ৰমুখ্য কৰি শেহতীয়া বছৰ কেইটাত লাভ কৰা ব্যাপক অগ্ৰগতিৰ প্ৰতিফলন ঘটিব। উল্লেখযোগ্য যে উক্ত পাঁচটা ব্লকৰ সৰ্বমুঠ পিক ৰেটিং ক্ষমতা বছৰি ১.২৩৪ নিযুত টন। ৩.৯ লাখ মিটাৰৰো অধিক ড্ৰিলিঙৰ পৰিকল্পনা তথা গৱেষণা আৰু উন্নয়ন (R&D) পুঁজিৰ ১০০% ব্যৱহাৰেৰে মন্ত্ৰালয়ে অঞ্চলটোত বহনক্ষম আৰু স্মাৰ্ট কয়লা খনন পদ্ধতিক সক্ৰিয়ভাৱে উৎসাহিত কৰি আহিছে। এই কনক্লেভত এনএলচি ইণ্ডিয়া লিমিটেডে অসমত ১,০০০ মেগাৱাটৰ সৌৰশক্তি ক্ষমতা সংস্থাপনৰ অভিলাষী পৰিকল্পনাৰ ৰূপৰেখাও দাঙি ধৰিব, যিয়ে ২০৩০-ৰ ভিতৰত ৫০০ গিগাৱাটৰ অ-জীৱাশ্ম শক্তি আহৰণৰ ৰাষ্ট্ৰীয় লক্ষ্যত অৰিহণা যোগাব।
দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত এই কনক্লেভে শক্তি সুৰক্ষাক আঞ্চলিক উন্নয়ন সাধন আৰু পাৰিপাৰ্শ্বিক বহনক্ষমতাৰে সংপৃক্তকৰণেৰে প্ৰচেষ্টাৰাজি গ্ৰহণৰ বেলিকা খনি মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয়ৰ মাজত এক গভীৰ সমন্বয়ৰ ইংগিত বহন কৰে। এই কাৰ্য্যসূচীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতৰ বিনিয়োগ, উদ্ভাৱন আৰু সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।
****
Shuhaib T/SB
(Release ID: 2139924)