ভাৰতীয় নিৰ্বাচন আয়োগ
ইচিআয়ে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ বাবে মোবাইল জমা থোৱাৰ সুবিধা প্ৰদান কৰিব
প্ৰচাৰৰ নীতি-নিয়মবোৰ যুক্তিসংগত কৰা হ’ব
Posted On:
23 MAY 2025 6:05PM by PIB Guwahati
ভোটাৰৰ সুবিধা বৃদ্ধি আৰু ভোটগ্ৰহণৰ দিনটোত ব্যৱস্থাসমূহ সুশৃংখলিত কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপৰ সৈতে সংগতি ৰাখি নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰৰ ঠিক বাহিৰত ভোটাৰসকলৰ বাবে মোবাইল জমা থোৱাৰ সুবিধা প্ৰদান কৰা আৰু প্ৰচাৰৰ বাবে নীতি-নিয়ম যুক্তিসংগত কৰাৰ ক্ষেত্ৰত আৰু দুটা বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাসমূহ জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু নিৰ্বাচন পৰিচালনা অধিনিয়ম, ১৯৬১ৰ প্ৰাসংগিক বিধানৰ সৈতে সামঞ্জস্যপূৰ্ণ।
চহৰ আৰু গ্ৰামাঞ্চল উভয়তে মোবাইল ফোনৰ বৰ্ধিত কভাৰেজ আৰু ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে ভোটগ্ৰহণৰ দিনটোত কেৱল সাধাৰণ ভোটাৰসকলেই নহয়, জ্যেষ্ঠ নাগৰিক, মহিলা, আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলেও মোবাইল ফোন পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি আয়োগে ভোটগ্ৰহণ কেন্দ্ৰৰ ঠিক বাহিৰত মোবাইল জমা থোৱাৰ সুবিধা দিবলৈ সিদ্ধান্ত লৈছে। ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ওচৰলৈহে মোবাইল ফোন নিয়াৰ অনুমতি দিয়া হব আৰু সেয়াও চুইচ অফ কৰাৰ পাছত। ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰতে অতি সাধাৰণ কাঠৰ বাকচ বা মৰাপাটৰ বেগ দিয়া হব য’ত ভোটাৰসকলে মোবাইল জমা কৰিব লাগিব। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰলৈ ভোটাৰে মোবাইল ফোন কঢ়িয়াই নিব নোৱাৰিব। কিন্তু প্ৰতিকূল স্থানীয় পৰিস্থিতিৰ ভিত্তিত কিছুমান ভোটগ্ৰহণ কেন্দ্ৰক এই ব্যৱস্থাৰ পৰা ৰিটাৰ্নিং বিষয়াই ৰেহাই দিব পাৰে। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ভোটদানৰ গোপনীয়তা নিশ্চিত কৰাটো নিৰ্বাচন পৰিচালনা অধিনিয়ম, ১৯৬১ৰ ৪৯এম ধাৰা কঠোৰভাৱে বলবৎ কৰা হ’ব।
তদুপৰি নিৰ্বাচনৰ দিনা সা-সুবিধা উন্নত কৰাৰ লক্ষ্যৰে আয়োগে ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ পৰা ১০০ মিটাৰ দূৰলৈ নিৰ্বাচনী আইন অনুসৰি প্ৰচাৰ চলোৱাৰ বাবে অনুমোদিত নীতি-নিয়মসমূহ যুক্তিসংগত কৰিছে। অৱশ্যে ভোটগ্ৰহণৰ দিনটোত ভোটগ্ৰহণ কেন্দ্ৰৰ চাৰিওফালে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰৰ অনুমতি দিয়া নহ’ব। সেয়েহে, ভোটগ্ৰহণৰ দিনটোত আয়োগে জাৰি কৰা চৰকাৰী ভোটাৰ ইনফৰ্মেশ্যন স্লিপ (ভিআইএছ) লৈ নগলে প্ৰাৰ্থীয়ে ভোটাৰক বেচৰকাৰী পৰিচয় পত্ৰ প্ৰদানৰ বাবে স্থাপন কৰা বুথসমূহ এতিয়া যিকোনো ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰতহে স্থাপন কৰিবলৈ দিয়া হব।
ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীৰ সৈতে আইনী কাঠামো অনুসৰি কঠোৰভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যত একে সময়তে ভোটাৰসকলৰ বাবে সুবিধাসমূহ উন্নত কৰাৰ বাবে নিৰন্তৰ উদ্ভাৱনীমূলক চিন্তাও অব্যাহত ৰাখিছে।
******
PK/GDH/RP/KD
(Release ID: 2138055)
Visitor Counter : 4