ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

আইআইডিইএমৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ ৰাকেশ ভাৰ্মাৰ; সংবাদ মাধ্যমৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ আশীষ গোয়েলৰ

प्रविष्टि तिथि: 01 MAY 2025 7:47PM by PIB Guwahati

শ্ৰীৰাকেশ ভাৰ্মাই আজি নতুন দিল্লীৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা প্ৰতিষ্ঠান(আইআইডিইএম)ৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। শ্ৰী ভাৰ্মা পাঞ্জাৱ কেডাৰৰ ১৯৯৩ বেটছৰ আই এ এছ বিষয়া। তেওঁ আই আই টি দিল্লীৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰিছে।

২) পূৰ্বে তেওঁ জলশক্তি মন্ত্ৰালয়ৰ জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ইয়াৰ পূৰ্বে তেওঁ পৰ্যটন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু যুটীয়া সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

৩) শ্ৰী আশীষ গোয়েলে আজি ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদ মাধ্যমৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। শ্ৰী গোয়েল ১৯৯৬ বেটছৰ আই আই এছ বিষয়া। তেওঁ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা বিজিনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ আৰু চণ্ডীগড়ৰ পাঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।

৪) ইয়াৰ পূৰ্বে তেওঁ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ছলাৰ জং সংগ্ৰহালয়ৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্বতো আছিল।

 

******

PK/GDH/RP/KD


(रिलीज़ आईडी: 2138003) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali