ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

ইপিআইচি প্ৰদান দ্ৰুত কৰিব ইচিআয়ে

ভোটাৰ তালিকাত আপডেট কৰাৰ ১৫ দিনৰ ভিতৰত ইপিআইচি লাভ কৰিব ভোটাৰসকলে

प्रविष्टि तिथि: 18 JUN 2025 8:03PM by PIB Guwahati

ভোটাৰসকলক ভোটাৰ ফটো পৰিচয় পত্ৰ (. পি. আই. চি.) দ্ৰুতগতিত প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে (. চি. আই.) এটা নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ. ". পি.) প্ৰৱৰ্তন কৰিছে, যত ভোটাৰ তালিকাত আপডেট কৰাৰ ১৫ দিনৰ ভিতৰত ই. পি. আই. চি. প্ৰদান কৰিবলৈ সক্ষম কৰি তোলাৰ লগতে এজন ভোটাৰৰ নতুন পঞ্জীয়ন বা বৰ্তমানৰ ভোটাৰৰ যিকোনো তথ্যগত পৰিৱৰ্তন অন্তৰ্ভুক্ত হব। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত ডাঃ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে ধাৰণা কৰা অনুসৰি ভোটাৰসকলৰ সুবিধাৰ্থে ই চি আয়ে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নতুন ব্যৱস্থাটোৱে নিৰ্বাচনী পঞ্জীয়ন বিষয়া (. আৰ. ".)ৰ দ্বাৰা ই. পি. আই. চি. সৃষ্টিৰ পৰা আৰম্ভ কৰি ডাক বিভাগ (ডি. ". পি.)ৰ জৰিয়তে ভোটাৰক ই. পি. আই. চি. প্ৰদান কৰালৈকে প্ৰতিটো পৰ্যায়ৰ প্ৰকৃত-সময়ৰ অনুসৰণ নিশ্চিত কৰিব। ভোটাৰসকলেও প্ৰতিটো পৰ্যায়তে এছ. এম. এছ.-ৰ জৰিয়তে জাননী লাভ কৰিব, যাৰ ফলত তেওঁলোকক তেওঁলোকৰ ই. পি. আই. চি.ৰ স্থিতিৰ বিষয়ে অৱগত কৰা হব।

এই উদ্দেশ্যৰ বাবে, ই. চি. আয়ে শেহতীয়াকৈ মুকলি কৰা ই. চি. আই. নেট প্লেটফৰ্মত এটা নিৰ্দিষ্ট আই. টি. মডিউল প্ৰৱৰ্তন কৰিছে। নতুন আই. টি. প্লেটফৰ্মে বৰ্তমানৰ প্ৰক্ৰিয়াটোক পুনৰ অভিযান্ত্ৰিক কৰি আৰু কাৰ্য্যপ্ৰবাহক সুশৃংখলিত কৰি বৰ্তমানৰ প্ৰক্ৰিয়াটোৰ ঠাই ল"ব। ডি. . পি.-ৰ এপ্লিকেচন প্ৰগ্ৰাম ইণ্টাৰফেছ (. পি. আই.) নিৰৱচ্ছিন্ন বিতৰণৰ বাবে ই. চি. আই. নেটৰ সৈতে একত্ৰিত কৰা হ"ব। এই পদক্ষেপৰ লক্ষ্য হৈছে তথ্য সুৰক্ষা বৰ্তাই ৰাখি সেৱা প্ৰদান বৃদ্ধি কৰা।

ইয়াৰ সকলো ভোটাৰক দ্ৰুত আৰু কাৰ্যক্ষম নিৰ্বাচনী সেৱা প্ৰদান কৰাটো ই. চি. আই.-ৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য ক্ষেত্ৰ। স্মৰণীয় যে যোৱা চাৰি মাহত আয়োগে ভোটাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সুবিধাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

******

PK/GDH/RP/KD


(रिलीज़ आईडी: 2137989) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali