নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) অভ্যন্তৰীণ জলপথ পৰিবহণ বৃদ্ধিৰ বাবে বৃহৎ ঘোষণা কৰে

উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ৰাজ্য চৰকাৰে ক্ৰুজ পৰ্যটন, কমিউনিটি জেটীৰ পৰিচালনা আৰু ব্যৱস্থাপনা আদিৰ বৃদ্ধিৰ বাবে ৰাজ্য সমৰ্থন চুক্তি (SSA) স্বাক্ষৰ কৰে

“পাটনাত জাহাজ মেৰামতিৰ সুবিধাই গংগা নদীভিত্তিক পৰিকাঠামো টনকিয়াল কৰিব”: সৰ্বানন্দ সোণোৱাল

ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে গণ্ডক নদী কাৰ্যকৰী কৰিবলৈ যাৱতীয় অধ্যয়ন আৰম্ভ কৰিব

২০৩০ চনৰ ভিতৰত মালবাহী যাতায়াত আৰু সংযোগ বৃদ্ধিৰ বাবে অভ্যন্তৰীণ জলপথ খণ্ডত ৩৫,০০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা

“২০২৭ চনৰ ভিতৰত দেশৰ ৪৭টা ৰাষ্ট্ৰীয় জলপথত ৫১টা অতিৰিক্ত নদী ক্ৰুজ চাৰ্কিট বিকশিত কৰা হ’ব”: সৰ্বানন্দ সোণোৱাল

Posted On: 16 JUN 2025 4:27PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশত অভ্যন্তৰীণ জলপথৰ পৰিকাঠামো বৃদ্ধিৰ বাবে আজি কেইবাটাও বৃহৎ ঘোষণা কৰে। বিহাৰৰ পাটনাত আজি ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ত অভ্যন্তৰীণ জলপথ পৰিবহণৰ উন্নয়নৰ সন্দৰ্ভত আয়োজিত আলোচনা তথা কৰ্মশালাৰ শুভ উদ্বোধনী অধিবেশনত অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

 

এই সময়ছোৱাত লগতে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী আৰু বিজয় কুমাৰ সিনহা, বিহাৰ চৰকাৰৰ মন্ত্ৰী বিজয় কুমাৰ চৌধাৰী, শীলা কুমাৰী, উত্তৰ প্ৰদেশৰ মন্ত্ৰী দয়াশংকৰ সিং, পশ্চিম বংগ চৰকাৰৰ মন্ত্ৰী মানস ৰঞ্জন ভুনিয়া, সাংসদ ৰবিশংকৰ প্ৰসাদ, সুদামা প্ৰসাদ আদি।

 

কৰ্মশালাখনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি এই আলোচনামূলক কৰ্মশালাত আমি আমাৰ সমৃদ্ধ নদীসমূহ, বিশেষকৈ ৰাষ্ট্ৰীয় জলপথসমূহক পুনৰুজ্জীৱিত কৰাৰ ঐক্যবদ্ধ প্ৰচেষ্টা পুনৰ্নিশ্চিত কৰিছোঁ, যাতে ই আমাৰ ভৱিষ্যতৰ বিকাশৰ ইঞ্জিন হৈ পৰে। অভ্যন্তৰীণ জলপথ পৰিবহণ হৈছে সৰ্বাধিক পৰিচ্ছন্ন, ব্যয়সন্মত আৰু পৰিৱেশগতভাৱে পৰিবহণ অনুকূল পদ্ধতি। গংগা নদী আমাৰ দেশৰ অন্যতম চালিকাশক্তি। ই আমাৰ দেশৰ আৰ্থ-সামাজিক জীৱন, সভ্যতা-সংস্কৃতি আৰু আধ্যাত্মিক শক্তিৰ চিৰন্তন উৎস। ইয়াৰ প্ৰবাহিত জলত শতিকাৰ পৰা শতিকালৈ নিগৰি অহা সংস্কৃতি, জ্ঞান, জীৱিকা আৰু সভ্যতাৰ ধাৰাবাহিকতা নিহিত আছে। গংগা কেৱল নদী নহয়; ই ভাৰতীয় উপমহাদেশৰ হৃদস্পন্দন।"

 

আলোচনামূলক কৰ্মশালাত  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু উত্তৰ প্ৰদেশ চৰকাৰে কমিউনিটি জেটীৰ পৰিচালনা আৰু ব্যৱস্থাপনা, নদী ক্ৰুজ পৰ্যটন, আৰু কুইক পণ্টুন অ'পেনিং মেকানিজম (QPOMs)ৰ দিশত সহযোগিতা বৃদ্ধিৰ বাবে ৰাজ্য সমৰ্থন চুক্তি (SSA) স্বাক্ষৰ কৰে।

 

গ্ৰাম্য আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে ১৫টা কমিউনিটি জেটী বিকশিত কৰা হৈছে, আঠটা স্থানত ঘাটৰ সুবিধা নিৰ্মাণৰ কাম চলি আছে। বাৰাণসী আৰু অযোধ্যাত দুখন হাইব্ৰিড ইলেকট্ৰিক কেটামাৰান জাহাজ আৰু বাৰাণসীত এখন হাইড্ৰ'জেন-ইন্ধন ভিত্তিক জাহাজৰ লগতে যাত্ৰী ক্ৰুজ সেৱাৰ বাবে ইতিমধ্যে দুখন ৰ'পেক্স জাহাজ মোতায়েন কৰা হৈছে। বাৰাণসীত মাল্টি-ম'ডেল টাৰ্মিনেল ইতিমধ্যে সম্পূৰ্ণৰূপে কাৰ্যক্ষম, যিয়ে উত্তৰ প্ৰদেশক পুনৰুজ্জীৱিত অভ্যন্তৰীণ জলপথ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দি আছে। জল মাৰ্গ বিকাশ প্ৰকল্প (JMVP)ৰ অধীনত উত্তৰ প্ৰদেশত গংগা নদীৰ অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱনত বিশেষ গুৰুত্ব দিয়া হৈছে। বাৰাণসীত কাৰ্যাৰম্ভ কৰা টাৰ্মিনেল এতিয়া মাল আৰু ক্ৰুজ চলাচলৰ বাবে এক কৌশলগত স্থান হৈ পৰিছে, কলকাতা আৰু বাৰাণসীৰ মাজত নিয়মিত সেৱাই জলপথ খণ্ডক এক নতুন গতি দি গঢ়ি তুলিছে। ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰা বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ - বাৰাণসী-ডিব্ৰুগড় সংযোগী এমভি গংগা বিলাসৰ অভূতপূৰ্ব সফলতাই জলপথ খণ্ডত নতুন আশাৰ সঞ্চাৰ কৰিছে। ‘জলবাহক’ৰ দৰে আঁচনিৰ প্ৰৱৰ্তনে গংগা, ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে ভাৰত-বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰি সামগ্ৰীৰ চলাচলত ৩৫ শতাংশ পৰ্যন্ত ইনচেণ্টিভ সুনিশ্চিত কৰিছে আৰু হৰিৎ নৌকাৰ দৰে পদক্ষেপে কম-নিৰ্গমন জাহাজৰ প্ৰচাৰ-প্ৰসাৰত সহায় কৰিছে।

 

"ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে গণ্ডক নদী কাৰ্যকৰী কৰিবলৈ যাৱতীয় অধ্যয়ন আৰম্ভ কৰিব। তদুপৰি ২০৩০ চনৰ ভিতৰত মালবাহী যাতায়াত আৰু সংযোগ বৃদ্ধিৰ বাবে অভ্যন্তৰীণ জলপথ খণ্ডত ৩৫,০০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। ২০২৭ চনৰ ভিতৰত দেশৰ ৪৭টা ৰাষ্ট্ৰীয় জলপথত ৫১টা অতিৰিক্ত নদী ক্ৰুজ চাৰ্কিট বিকশিত কৰা হ’ব”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

 

গংগা নদীৰ বাৰাণসীৰ পৰা হলদিয়ালৈ (পাটনা হৈ) অভ্যন্তৰীণ জলপথ পৰিবহণৰ সংহত উন্নয়নৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহাৰত নদীভিত্তিক সংযোগ বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপৰ ঘোষণা কৰে।

 

পাটনাত নদীৰ দুয়োপাৰ সংযোগ কৰি পৰিচ্ছন্ন আৰু আধুনিক গতিশীলতা প্ৰদানৰ বাবে কোচি ৱাটাৰ মেট্ৰ’ মডেলৰ আধাৰত ৱাটাৰ মেট্ৰ’ৰ বিবেচনা কৰা হৈছে। নতুন জাহাজ মেৰামতি সুবিধা আৰু নেশ্যনেল ইনলেণ্ড নেভিগেশ্যন ইনষ্টিটিউট (NINI)ক উৎকৃষ্ট কেন্দ্ৰলৈ উন্নীতকৰণে বিহাৰত জলপথ পৰিবহণ ব্যৱস্থাপনাক আৰু শক্তিশালী কৰিব। যাত্ৰীৰ চলাচল উন্নত কৰিবলৈ ১৬টা নতুন কমিউনিটি জেটী বিকশিত কৰি থকা হৈছে আৰু কালুঘাট টাৰ্মিনেলক নেপালগামী মালৰ বাবে প্ৰস্তুত কৰা হৈছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু বিহাৰ চৰকাৰে কমিউনিটি জেটী, ক্ৰুজ পৰ্যটনৰ প্ৰসাৰ আৰু পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ৰাজ্য সমৰ্থন চুক্তি (SSA) স্বাক্ষৰ কৰিছে, যাৰ ফলত ৰাজ্যত অভ্যন্তৰীণ জলপথৰ উন্নয়ন যথেষ্ট আগবাঢ়িব।

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথৰ অভূতপূৰ্ব ৰূপান্তৰ ঘটিছে। মালৰ চলাচল ৭০০%ৰো অধিক বৃদ্ধি পাইছে, কাৰ্যকৰী জলপথৰ সংখ্যা নগুণ (৮০০%ৰো অধিক) আৰু অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত বিনিয়োগ পাঁচগুণ (৫১০%) বৃদ্ধি পাইছে। নদী ক্ৰুজ পথৰ উত্থান — ২০১৩ চনৰ পৰা ৩৩৩% উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যিয়ে আমাৰ ৰাষ্ট্ৰীয় জলপথৰ ক্ৰমবৰ্ধমান পৰ্যটনৰ সম্ভাৱনাকো প্ৰতিফলিত কৰে।”

 

সাহিবগঞ্জত এখন সংহত ক্লাষ্টাৰ-তথা-লজিষ্টিক পাৰ্কৰ পৰিকল্পনাও কৰা হৈছে, যাৰ বিকাশৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, NHLML আৰু RVNLৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।

 

জলপথেৰে মালৰ চলাচল ব্যাপকভাৱে বৃদ্ধি পাইছে—২০১৪ চনত মাত্ৰ ১৮ মিলিয়ন টনৰ পৰা ২০২৫ চনত ১৪৫ মিলিয়ন টনতকৈও অধিক আৰু বিনিয়োগ ৬,৩০০ কোটি টকাৰো অধিক হৈছে।

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়, ভাৰতীয় অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ (IWAI), বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ চৰকাৰৰ শীৰ্ষ বিষয়ববীয়াসকল প্ৰমুখ্যে বিশেষজ্ঞ আৰু গণ্য-মান্য ব্যক্তিসকল এই আলোচনা তথা কৰ্মশালাৰ উদ্বোধনী অধিবেশনত লগতে উপস্থিত আছিল।


(Release ID: 2136844)
Read this release in: English , Urdu , Hindi , Tamil