প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহমেদাবাদত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাৰ পিছত আহতসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 JUN 2025 2:14PM by PIB Guwahati
অসংখ্য লোকৰ প্ৰাণ কাঢ়ি নিয়া শোকাবহ বিমান দুৰ্ঘটনাৰ পাছত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ ভ্ৰমণ কৰে। পীড়িত পৰিয়ালসমূহক সমবেদনা জনাই শ্ৰী মোদীয়ে ইয়াৰ পিছতে দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তিজনৰ লগতে একাংশ আহত লোকক সাক্ষাৎ কৰে আৰু এই জটিল সময়ত তেওঁলোকৰ প্ৰতি দেশবাসীৰ অটল সমৰ্থনৰ আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰীয়ে লগতে আহমেদাবাদ বিমানবন্দৰত শীৰ্ষ বিষয়াবৰ্গৰে এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি চলিত সাহায্য আৰু উদ্ধাৰৰ প্ৰচেষ্টাৰ মূল্যায়ন কৰে।
এক্সত পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তিজনৰ লগতে একাংশ আহত লোকক সাক্ষাৎ কৰিলোঁ আৰু এই জটিল সময়ত আমি তেওঁলোকৰ লগতে পৰিয়ালৰ সৈতে আছো বুলি আশ্বাস দিও। সমগ্ৰ দেশে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছে।”
আহমেদাবাদ বিমানবন্দৰত শীৰ্ষ বিষয়াবৰ্গৰে এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিলোঁ।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2136221)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam