নৌ-পৰিবহন মন্ত্ৰালয়
ন'ৰৱেত ভাৰতীয় সামুদ্ৰিক কোম্পানীসমূহৰ সৈতে জাহাজ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত
“ভাৰতৰ সামুদ্ৰিক দক্ষতা এতিয়া উৰ্দ্ধগামী, বিশ্বব্যাপী সহযোগিতাই মেক ইন ইণ্ডিয়াক গতিশীলতা প্ৰদান কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
জি আৰ এছ ই, কলকাতাই জাৰ্মানীৰ কাৰ্ষ্টেন ৰাইডাৰৰ সৈতে ৭,৫০০ ডি ডব্লিউ টি বহুমুখী জাহাজ নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে
জি আৰ এছ ইয়ে ইউ এ ইৰ এৰীজ মেৰিন আৰু বিশ্বৰ আগশাৰীৰ কোম্পানী কেটাৰপিলাৰৰ সৈতে কৌশলগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে
ভাৰতৰ এল এণ্ড টি আৰু ন'ৰৱেৰ ডি এন ভি-ৰ মাজত একাধিক ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ
प्रविष्टि तिथि:
05 JUN 2025 3:37PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ন'ৰৱেৰ অস্লোত ভাৰতীয় সামুদ্ৰিক কোম্পানীসমূহে বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ অনুষ্ঠানত উপস্থিত থাকে আৰু পাৰস্পৰিক সহযোগিতা তথা ভৱিষ্যতৰ ব্যৱসায়িক সুযোগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।
জাৰ্মানীৰ কাৰ্ষ্টেন ৰাইডাৰ শ্বিফছমাক্লাৰ উন্ড ৰীডেৰাই জি এম বি এইচ এণ্ড কোম্পানী কে জি আৰু গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্চ এণ্ড ইঞ্জিনীয়াৰ্চ লিমিটেড (জি আৰ এছ ই)ৰ মাজত অতিৰিক্ত ৪ খন ৭,৫০০ ডি ডব্লিউ টি বহুমুখী জাহাজ নিৰ্মাণৰ বাবে মেম’ৰেণ্ডাম অৱ ইণ্টেণ্ট স্বাক্ষৰিত হয়। এই জাহাজসমূহত হাইব্ৰিড প্ৰপালচন থাকিব আৰু ই সাম্প্ৰতিক চাইবাৰ সুৰক্ষা নীতি মানি চলিব। জি আৰ এছ ইৰ কলকাতাৰ য়াৰ্ডত বৰ্তমানে নিৰ্মাণৰত ৮ খন এনে জাহাজৰ উপৰি এয়া হ'ব অতিৰিক্ত সংযোজন।
জি আৰ এছ ইয়ে ইউ এ ইৰ এৰীজ মেৰিন এল এল চিৰ সৈতে অফশ্ব’ৰ প্লেটফৰ্ম আৰু জাহাজ নিৰ্মাণৰ সন্দৰ্ভত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। বিশ্বৰ আগশাৰীৰ কোম্পানী কেটাৰপিলাৰেও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে প্ৰপালচন আৰু বিদ্যুৎ উৎপাদন সঁজুলিৰ যোগানৰ সম্ভাৱনা অন্বেষণৰ বাবে জি আৰ এছ ইৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। এই কৌশলগত মিত্ৰতা ভাৰতৰ স্থানীয় জাহাজ নিৰ্মাণ ক্ষমতাক শক্তিশালী কৰা আৰু সামুদ্ৰিক ক্ষেত্ৰত 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই সহযোগিতাৰ জৰিয়তে জি আৰ এছ ই আৰু কেটাৰপিলাৰে তেওঁলোকৰ দক্ষতাৰ জৰিয়তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে অত্যাধুনিক নৌ সেৱা যুগ্মভাৱে প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ন'ৰৱে পেভিলিয়নলৈ যাত্ৰাৰ সময়ত ভাৰতৰ লাৰ্চেন এণ্ড টুব্ৰ’ গ্ৰুপ আৰু ন'ৰৱেৰ ডি এন ভিৰ মাজত একাধিক ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ভিতৰত আছে জাহাজ নিৰ্মাণ, অফশ্ব’ৰ আৰু সামুদ্ৰিক বিষয়, বন্দৰৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, শক্তি ব্যৱস্থা, ঔদ্যোগিক সমাধান আৰু স্মাৰ্ট আন্তঃগাঁথনি, বহনক্ষম, ই এছ জি, চফটৱেৰ, চাইবাৰ সুৰক্ষা, প্লেটফৰ্ম আৰু ডিজিটেল সমাধান, ব্যৱস্থাপনা আৰু প্ৰডাক্ট নিশ্চিতি আদি।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ন'ৰৱেজিয়ান পেভিলিয়নত যোগদান কৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয়। এই পেভিলিয়নে সামুদ্ৰিক উদ্ভাৱন, নৌযানৰ পৰম্পৰা আৰু ভৱিষ্যৎমুখী বহনক্ষম উন্নয়নৰ এক আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰিছে। সামুদ্ৰিক খণ্ডত ন'ৰৱে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ দীৰ্ঘদিনীয়া সহযোগিতা মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বহনক্ষম উন্নয়নৰ প্ৰতি যৌথ প্ৰতিশ্ৰুতিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰিছে। আমি দুখন গৌৰৱান্বিত সামুদ্ৰিক ৰাষ্ট্ৰ, যাৰ দীৰ্ঘ উপকূলৰেখা আৰু সমৃদ্ধ সামুদ্ৰিক পৰম্পৰা আছে। আমি বুজি পাওঁ যে নীল অৰ্থনীতিৰ ভৱিষ্যৎ কেৱল উন্নয়নৰ ওপৰত নহয়—বহনক্ষম, সৰ্বাংগীণ আৰু স্থিতিস্থাপক বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। ন'ৰৱেৰ কোম্পানীসমূহৰ সৈতে বহু ভাৰতীয় কোম্পানীয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি সামুদ্ৰিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰতিশ্ৰুতিক অধিক গভীৰ কৰাটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয়।”
সৰ্বানন্দ সোণোৱালে আৰু কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰে সেউজ জাহাজ পৰিবহণ কৰিডৰ, ডিকাৰ্বনাইজেচন প্ৰচেষ্টা, জাহাজ পুনঃচক্ৰণ আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰতো ওতপ্ৰোতভাৱে কাম কৰি আছে। ভাৰত-ন'ৰৱে টাস্ক ফৰ্চ অন ব্লু ইকনমি দুয়োখন দেশৰ গভীৰ সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্ৰিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ক্ষেত্ৰৰ উন্নয়ন ক্ষিপ্ৰ ৰূপান্তৰৰ মাজেৰে ত্বৰান্বিত হৈ আছে। আমাৰ চৰকাৰৰ অভিলাষী পদক্ষেপ যেনে সাগৰমালাৰ জৰিয়তে আমি বন্দৰৰ আন্তঃগাঁথনি আধুনিকীকৰণ, মাল্টিম’ডেল লজিষ্টিক উন্নত কৰা আৰু বন্দৰ নেতৃত্বাধীন উদ্যোগ বৃদ্ধিত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আছোঁ। এই দৃষ্টিভংগীৰ এক মুখ্য স্তম্ভ হৈছে সেউজ বন্দৰৰ সৃষ্টি আৰু নিম্ন-নিৰ্গমন, শক্তি-দক্ষ উপকূলীয় আৰু অন্তৰ্দেশীয় জাহাজ পৰিবহণৰ প্ৰচাৰ-প্ৰসাৰ। তদুপৰি ভৱিষ্যতৰ অফশ্ব’ৰ বায়ু শক্তি, সামুদ্ৰিক ডিজিটেলাইজেচন আৰু বহনক্ষম বন্দৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বিপুল সম্ভাৱনা আছে। আমি একেলগে কেৱল দ্বিপাক্ষিক সুযোগৰ সৃষ্টি কৰাই নহয়, বহনক্ষম আৰু সুৰক্ষিত ইণ্ডো-পেচিফিক মেৰিটাইম ইক’চিষ্টেমৰ বাবেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰোঁ।”


(रिलीज़ आईडी: 2134193)
आगंतुक पटल : 14